ETV Bharat / politics

ৰাজপথৰ পৰা হঠাৎ নোহোৱা হ'ল চিটি বাছ: হাৰাশাস্তি যাত্ৰীৰ - City Bus Crisis In Guwahati - CITY BUS CRISIS IN GUWAHATI

Guwahati City Bus Service: আজি গুৱাহাটীৰ ৰাজপথৰ পৰা নোহোৱা হ'ল চিটি বাছ । চিটি বাছবোৰ অন্তৰ্ধান হোৱাৰ সুযোগ লৈছে একাংশ অটো চালক, ৰিক্সা চালক আৰু মেজিক চালকে । কিন্তু ক’লৈ গ’ল চিটি বাছসমূহ ৷ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Guwahati City Bus Service
ৰাজপথৰ পৰা নোহোৱা হ'ল চিটি বাছ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 3:25 PM IST

ৰাজপথৰ পৰা নোহোৱা হ'ল চিটি বাছ (ETV BHARAT ASSAM)

গুৱাহাটী,৬ মে': কাইলৈ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । কাইলৈ গুৱাহাটী,বৰপেটা,কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত হ'ব ভোটগ্ৰহণ । নিৰ্বাচনৰ বাবে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত হাৰাশাস্তিত ভুগিবলগীয়া হৈছে বাছযাত্রীসকলে । কিয়নো মহানগৰীৰ ৰাজপথত এতিয়া চিটিবাছ পাবলৈ নাই । মহানগৰীৰ বাট-পথ এতিয়া একপ্রকাৰ চিটিবাছ শূন্য হৈ পৰিছে । তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্রশাসনে অধিগ্রহণ কৰিছে প্রায়সমূহ চিটিবাছ ।

অসম ৰাজ্যিক পৰিবহণ নিগমৰ দুই-এখন 'গ্রীণ বাছ'ৰ বাহিৰে আনসমূহ যাত্রীবাহী ৰাজহুৱা খণ্ডৰ বাহন দেখিবলৈ নাই । মহানগৰীৰ বাট-পথত চলাচল কৰা ৰাজহুৱা খণ্ডৰ প্রায় সকলো চিটিবাছ জিলা প্রশাসনে অধিগ্রহণ কৰিছে । যাৰ পৰিণতিত এতিয়া চিটিবাছৰ অভাৱত যাত্রীসকলৰ মাজত হাহাকাৰ লাগিছে । গন্তব্য স্থানলৈ যাবলৈ বাছৰ বাবে যাত্রীসকলে দীর্ঘ সময় অপেক্ষা কৰিবলগীয়া হৈছে ।

ইপিনে, দূৰণিবটীয়া বাছৰ বাবেও যাত্ৰী সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ নামনি অসমৰ ৪ টা সমষ্টিত অনুষ্ঠিত হ'ব । সেয়ে মহানগৰীৰ পৰা ভোট দিবলৈ বহুলোক নিজৰ নিজৰ বাসগৃহলৈ যাবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে । ঘন্টাৰ পিছত ঘন্টা ধৰি যাত্ৰীসকলে অপেক্ষা কৰিবলগীয়া হৈছে । ইপিনে, যি এখন দুখন বাছ চলিছে সেই বাছবোৰেও ভাড়া তিনিগুনলৈ বৃদ্ধি কৰিছে।

চিটিবাছ নথকাৰ বাবে ঘন্টাৰ পিছত ঘন্টাজুৰি বাছ আস্থানত অপেক্ষা কৰিবলগীয়া হৈছে সাধাৰণ জনতা । আনহাতে, ইয়াৰ গইনা লৈ একাংশ অটো চালক, ৰিক্সাৱালাই দুগুণ তিনিগুণ ভাড়া বৃদ্ধি কৰিছে । অনকি কেব সেৱাসমূহেও যাত্ৰীৰ পৰা নিৰ্ধাৰিত নিৰিখতকৈ অধিক ভাড়া আদায় কৰিবলৈ লৈছে । বহু যাত্ৰীয়ে উপায়হীন হৈ খোজকাঢ়ি গন্তব্য স্থানলৈ যাবলৈ বাধ্য হৈছে । মহানগৰীত বৰ্তমান কেইখনমান চিটি বাছ চলি আছে যদিও সেইকেইখনে পাণ জপা দি যাত্ৰী কঢ়িয়াই অনা পৰিলক্ষিত হয় ।

লগতে পঢ়ক:চিটি বাছলৈ ৰৈ ৰৈ ভাগৰি পৰিছে গুৱাহাটীৰ যাত্ৰী: গোটেই বাছ লৈ গ’ল নিৰ্বাচনৰ বাবে - City Bus Crisis In Guwahati

ৰাজপথৰ পৰা হঠাৎ নোহোৱা হ'ল চিটি বাছ - Guwahati City Bus Service

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.