ETV Bharat / politics

বিজনীত বিজেপি-ইউ পি পি এলৰ সমন্বয়ৰক্ষী সমিতি গঠন - Committee between BJP and UPPL

Ranjeet Kumar Dass : বিজনীত বিজেপি-ইউ পি পি এলৰ মাজত জিলাভিত্তিক সমন্বয়ৰক্ষী সমিতি গঠন ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত দেওবাৰে গঠন কৰা হয় এই সমন্বয়ৰক্ষী সমিতি ৷

Ranjeet Kumar Dass
বিজনীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 3:40 PM IST

বিজেপি-ইউ পি পি এলৰ সমন্বয়ৰক্ষী সমিতি গঠন

চিৰাং, 11 মাৰ্চ : ক্ৰমে চমু চাপি অহা লোকসভা নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ ৷ নিজৰ নিজৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে ৰাজ্যৰ 14 টা লোকসভা সমষ্টিত সৰ্বশক্তিৰে নামি পৰিছে শাসক-বিৰোধী উভয়ে ৷ ইতিমধ্যে শাসকীয় দল বিজেপিয়ে ৰাজ্যৰ 11 টা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ বিপৰীতে মিত্ৰদল ইউ পি পি এলে এতিয়াও ঘোষণা কৰা নাই প্ৰাৰ্থী ৷ অৱশ্যে বিজেপিৰ মিত্ৰ দল অগপ আৰু ইউ পি পি এলে লাভ কৰা সমষ্টিত তীব্ৰ গতিত অব্যাহত ৰাখিছে প্ৰচাৰ ৷ ইয়াৰ মাজতে চিৰাঙৰ বিজনীত বিজেপি-ইউ পি পি এলৰ সমন্বয়ৰক্ষী সমিতি গঠন ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত দেওবাৰে গঠন কৰা হয় এই সমন্বয়ৰক্ষী সমিতি ৷

দেওবাৰে সন্ধিয়া চিৰাঙৰ বিজনীত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হৈ লোকসভা নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁটৰ ব্যাপক তৎপৰতা আৰম্ভ কৰে ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত বিজেপি আৰু ইউ পি পি এল দলৰ মাজত গঠন কৰা হয় সমন্বয়ৰক্ষী সমিতি ৷ বিজনী আৱৰ্ত ভৱনত অনুষ্ঠিত এক সভাত, বিজনী আৰু চিদলী সমষ্টি দুটাৰ বাবে গঠন কৰা দুখনকৈ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি হিচাবে দুয়োটা সমষ্টিৰ বিধায়ক দুজনক নিৰ্বাচন কৰা হয় ৷ আনহাতে দুয়োটা দলৰ জিলা সভাপতি ক্ৰমে ইউ পি পি এল দলৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বিজেপিৰ সভাপতি ৰতন কুমাৰ ৰায়ক দুয়োটা সমষ্টিৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বায়ক হিচাবে ৰখা হয় ৷

লগতে পঢ়ক : অগপ-ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.