ETV Bharat / politics

ইউ পি পি এলত যোগদান কৰিব নেকি চন্দন ব্ৰহ্মই ? - Ex BPF leader Chandan Brahma

Ex minister Chandan Brahma: অৱশেষত বিপিএফৰ প্ৰাক্তন উপ-সভাপতি তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত মুখ খুলিলে । কৌশলপূৰ্ণ মন্তব্যৰে নতুন বছৰত নতুন উদ্যমেৰে ৰাইজে বিচৰা ধৰণে আগবাঢ়ি যোৱাৰ ইংগিত দিয়ে ।

Ex minister Chandan Brahma
প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম
author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 4:52 PM IST

প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম

চিৰাং, ৫ এপ্ৰিল: বিপিএফ দলৰ প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই বিগত সময়ত ইউপিপিএল দলত যোগদান কৰিব বুলি চৰ্চা হোৱা সন্দৰ্ভত তেওঁ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল । ইয়াৰ পিচতেই বিগত বৰ্ষত বড়োভূমিত বিজয়ৰ বাবে বিজেপি মিত্ৰজোঁটে নতুন অংক কৰাত তেওঁক লৈ বহুতেই চৰ্চাও কৰিছিল ৷ ইপিনে, একালৰ শক্তিশালী বিপিএফ নেতা চন্দন ব্ৰহ্মক ইউ পি পি এললৈ আদৰণি জনাব পাৰে বুলি আলোচনা হৈছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত তেওঁক কোনো এটা দলেই প্ৰাৰ্থী ৰূপে আদৰি নল'লে ৷ ইয়াৰ মাজতেই আজি চিৰাঙত সংবাদমাধ্য়মৰ আগত আগন্তুক সময়ত তেওঁ ৰাইজক ভাল খবৰ দিব বুলি কয় । ৰাইজক আগতীয়াকৈ ৰঙালী বিহু আৰু বৈশাগুৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয় যে নতুন বছৰত ৰাইজে ভাল খবৰ পাব ।

প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই অৱশ্য়ে কৌশলপূৰ্ণভাৱে সংবাদ মাধ্যমৰ আগত মন্তব্য় কৰে । তেওঁ নতুন বছৰত নতুন চিন্তাৰে ৰাইজে বিচৰা ধৰণে আগবাঢ়িব বুলি মন্তব্য কৰি কয়,"যিখিনি কথা আপোনালোকে শুনিছে,মাজে মাজে ময়ো শুনিছো । অনাগত দিনত ৰাইজে আশা কৰা ধৰণে নিশ্চয় ফল পাব । কিছুদিন পিচত মই আপোনালোকক স্পষ্টকৈ ক'ব পাৰিম ।"

তেওঁ আওপকীয়াকৈ ইউপিপিএলত যোগদান কৰাৰ ইংগিত দিলে । যোৱা বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিচৰে পৰা আত্মগোপন কৰাৰ দৰে আছিল চন্দন ব্ৰহ্ম । শেহতীয়াকৈ কিছুদিনৰ পৰাই ইউপিপিএলত যোগদানৰ কথা চলি আছিল চন্দন ব্ৰহ্মৰ । বাহিৰে-বাহিৰে কথা ওলাইছিল ইউপিপিএলৰ লোকসভা নিৰ্ব্বাচনৰ প্ৰাৰ্থী হ'ব চন্দন ব্ৰহ্ম । কিন্ত সেয়াও নহ'ল ।

ইপিনে, অহা ৮ এপ্ৰিলত চন্দন ব্ৰহ্মই ৫ সহস্ৰাধিক সমৰ্থক লৈ চিৰাং জিলা সদৰ কাজলগাঁৱতে ইউপিপিএল দলত যোগদান কৰাৰ সম্ভাৱনা আছে । এই কথা অৱশ্যে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কেমেৰাৰ আঁৰতহে ক'লে । উল্লেখ্য় যে চন্দন ব্ৰহ্মই চিডলী সমষ্টিৰ পৰা তিনিবাৰকৈ বিপিএফৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ ২০১১ চনত কংগ্ৰেছৰ চৰকাৰত আৰু ২০১৬ চনত বিজেপি চৰকাৰৰ দিনত তেওঁ মন্ত্ৰীও আছিল ৷ কিন্তু ২০২১ চনৰ নিৰ্বাচনত যেতিয়া বিজেপিয়ে বিপিএফৰ সংগ এৰি ইউ পি পি এলৰ সৈতে মিত্ৰতা কৰে, সেইবাৰ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ হাতত চন্দন ব্ৰহ্ম পৰাস্ত হয় ৷

লগতে পঢ়ক:বিপিএফক ৰুধিবলৈ চন্দন ব্ৰহ্মক আমদানি কৰিব নেকি বিজেপি মিত্ৰজোঁটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.