ETV Bharat / politics

৪ জুনত নহয়, ২ জুনত হে অৰুণাচল-ছিকিমত বিধানসভা নিৰ্বাচনৰ ভোটগণনা

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 5:41 PM IST

Upcoming assembly election 2024: অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভাৰ কাৰ্যকাল ২ জুনত সমাপ্ত হ'ব । যাৰ বাবে বিধানসভা নিৰ্বাচনৰ ভোটগণনা ২ জুনলৈ আগুৱাই দিয়া হৈছে । দেশজুৰি ৪ জুনত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগণনা ।

Upcoming assembly election 2024
২ জুনত হে অৰুণাচল-ছিকিমত বিধানসভা নিৰ্বাচনৰ ভোটগণনা

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ : নিৰ্বাচন আয়োগে অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । দুয়োখন ৰাজ্যত ২ জুনত বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব । দেওবাৰে নিৰ্বাচন আয়োগে দুয়োখনৰ ৰাজ্যৰ বাবে এই কথা ঘোষণা কৰে । ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে দেশজুৰি ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব । একেদিনাই অৰুণাচল আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাও অনুষ্ঠিত হ'ব । কিন্তু দেওবাৰে আয়োগে পুনৰ জনাই যে অৰুণাচল আৰু ছিকিমত বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৪ জুনৰ পৰিৱৰ্তে ২ জুনলৈ আগুৱাই দিয়া হৈছে ।

উল্লেখ্য যে অৰুণাচল প্ৰদেশ আৰু ছিকিমত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনাই অৰ্থাৎ ৪ জুনতে বিধানসভা নিৰ্বাচনৰো ভোটগণনা অনুষ্ঠিত হোৱাৰ কথা নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল । কিন্তু দুয়োখন বিধানসভাৰ কাৰ্যকাল ২ জুনত সমাপ্ত হ'ব । সেয়েহে নিৰ্বাচন আয়োগে ভোটগণনাৰ দিন ৪ জুনৰ পৰিৱৰ্তে ২ জুনলৈ আগুৱাই দিয়াৰ সিদ্ধান্ত লয় ।

অৱশ্যে অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ সংসদীয় সমষ্টিৰ সময়সূচীৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহ'ব বুলি নিৰ্বাচন আয়োগে উল্লেখ কৰিছে । লক্ষণীয়ভাৱে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাতো সংসদীয় নিৰ্বাচনৰ সমান্তৰালকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । অৱশ্যে এই দুখন ৰাজ্যৰ ক্ষেত্ৰত সময় পৰিৱৰ্তনৰ কোনো ঘোষণা কৰা হোৱা নাই ।

উল্লেখ্য যে নিৰ্বাচন আয়োগে শনিবাৰে ঘোষণা কৰা মতে অৰুণাচল প্ৰদেশ আৰু ছিকিমত ১৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ অৰুণাচল প্ৰদেশ বিধানসভা আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ বাবে ২০ মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব ৷ মনোনয়ন দাখিলৰ অন্তিম দিন ২৭ মাৰ্চ ধাৰ্য কৰা হৈছে ৷ ২৮ মাৰ্চ মনোনয়ন পৰীক্ষণৰ অন্তিম দিন ৷ আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ৩০ মাৰ্চ ৷

লগতে পঢ়ক :চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচন: ১৯ এপ্ৰিলত অৰুণাচল-ছিকিমত বিধানসভা নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.