ETV Bharat / politics

নিজৰ দুৰ্নীতি ঢাকিবলৈহে বিজেপিমুখী হৈছে বহু নেতা-কৰ্মী: দেৱব্ৰত শইকীয়া

Lok sabha Elections : নিজৰ দুৰ্নীতি ঢাকিবলৈহে বিজেপিলৈ বহু নেতা ৷ মাহমৰাৰ এক দলীয় সভাত অংশ লৈ এই মন্তব্য বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৷

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 1:57 PM IST

Corrupted people join BJP to cover up their corruption says Congress leader Debabrata Saikia
নিজৰ দুৰ্নীতি ঢাকিবলৈহে বিজেপিমুখী হৈছে বহু নেতা-কৰ্মী : বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

মৰাণ, 19 মাৰ্চ : "... নিজৰ দুৰ্নীতি ঢাকিবলৈ, ইনকম টেক্স, ইডিৰ পৰা বাচিবলৈ বিজেপি দললৈ গৈছে ৷ কাৰোবাক প্ৰলোভন দি বিজেপি দললৈ নিয়া হৈছে ৷ ইয়াত নীতি-আদৰ্শৰ কথা নাই ৷"- এই ভাষ্য নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৷ মাহমৰা সমষ্টিৰ দিচাংপানীত সোমবাৰে বিয়লি এক দলীয় সভাত অংশগ্ৰহণ কৰি একাংশ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান সম্পৰ্কত এনেদৰে মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে ৷

শেহতীয়াকৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়াৰ দলত্যাগৰ সম্পৰ্কতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷ শইকীয়াই কয়, "একাংশ কংগ্ৰেছ নেতাৰ দলত্যাগে দলৰ কৰ্মীসকলৰ মনোবল ভাঙিব নোৱাৰে ৷ বিজেপি চৰকাৰখন অত্যাচাৰী চৰকাৰ ৷ এই চৰকাৰখন কেৱল মুখৰ কথাত চলি আছে’’ ৷

‘‘গৌৰৱ গগৈৰ সম্পৰ্কতো তেওঁলোকে ভিত্তিহীন অপপ্ৰচাৰত লিপ্ত হৈছে ৷ কিন্তু কংগ্ৰেছ দলে দেশৰ সুস্থিৰ অৱস্থা ঘূৰাই অনাৰ বাবে, শক্তিশালী অৰ্থনৈতিক ভেঁটি গঢ়ি তোলাৰ বাবে ৰাজনীতি কৰিছে ৷" এই বুলিও কয় শইকীয়াই ৷ আনহাতে, যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ নেতা গৌৰৱ গগৈক প্ৰাৰ্থিত্ব প্ৰদানক দলে এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে বুলি কয় বিৰোধী দলৰ দলপতিগৰাকীয়ে ৷

সমান্তৰালভাৱে, যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈক প্ৰশংসা কৰি শইকীয়াই কয়, "হৰা-জিকা পিচৰ কথা কিন্তু গৌৰৱ গগৈৰ দৰে নেতাইহে অসমৰ কথা, বিজেপিয়ে কৰা অন্যায়ৰ কথা লোকসভাত উত্থাপন কৰিব পাৰিব ৷"

উল্লেখ্য যে, সোমবাৰে মাহমৰাৰ দিচাংপানীত আয়োজন কৰা হয় এখন দলীয় সভা ৷ এই সভাতে সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ এই দলীয় সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াক কাষত পাই উপস্থিত কংগ্ৰেছ কৰ্মীৰ মাজত উচাহ পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : কংগ্ৰেছ চৰকাৰে ছয় জনগোষ্ঠীক প্ৰদান কৰিব জনজাতিৰ স্বীকৃতি;গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.