ETV Bharat / politics

গৌৰৱ গগৈৰ বৃহৎ জয়; মন্ত্ৰীত্ব পদ হেৰুৱাব নেকি কেবিনেট মন্ত্ৰী যোগেন মহনে ? - Lok Sabha election results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 8:00 AM IST

Lok Sabha election results 2024: নৱ নিৰ্বাচিত কংগ্ৰেছী বিধায়ক গৌৰৱ গগৈৰ বাবেই সমস্যাত বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহন ! কৰ্তন হ’ব পাৰে নেকি মন্ত্ৰীত্ব পদ- অব্যাহত চৰ্চা ৷

Congresss Gaurav Gogoi wins Jorhat Lok Sabha constituency, Major Reshuffle Expected in Jorhat BJP
গৌৰৱ গগৈৰ বৃহৎ জয়; মন্ত্ৰীত্ব পদ হেৰুৱাব নেকি কেবিনেট মন্ত্ৰী যোগেন মহনে (Etv bharat assam)

যোৰহাট, 8 জুন : সদ্যঘোষিত লোকসভা নিৰ্বাচনত অসমৰ লগতে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলৰ দৃষ্টি নিৱন্ধ হৈ আছিল 14 নং যোৰহাট সংসদীয় লোকসভা সমষ্টিটোত । কাৰণ এই সমষ্টিটোৰ পৰাই প্ৰাৰ্থিত্ব আগবঢ়াইছিল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে ।

গৌৰৱৰ সংসদ যাত্ৰাৰ পথ ৰুদ্ধ কৰিবলৈ যুদ্ধংদেহী প্ৰস্তুতিৰে শাসকীয় বিজেপিয়ে প্ৰচাৰ চলাইছিল যদিও অৱধাৰিত আছিল কংগ্ৰেছ নেতা গৌৰৱৰ সংসদ যাত্ৰা ৷ অৱশ্যে কংগ্ৰেছ নেতাগৰাকীৰ এই বিজয়ে সমস্যাৰ সন্মুখীন কৰাইছে মাহমৰা সমষ্টিৰ বিজেপি বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহনক ৷

উল্লেখ কৰা প্ৰয়োজন যে,গৌৰৱ গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱা সমষ্টিটোত গগৈৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী, ৰাজ্যৰ কেবিনেট মন্ত্ৰী, দলৰ শীৰ্ষ স্থানীয় নেতাৰ লগতে স্বয়ং প্ৰধানমন্ত্ৰীয়ে ৷ বাঘা বাঘা নেতাই গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা স্বত্বেও কংগ্ৰেছ নেতাগৰাকীৰ নিৰংকুশ জয় আৰু বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ পৰাজয় দেশৰ ৰাজনৈতিক মহলৰ লগতে বিজেপি দলৰ বাবে বৰ্তমানেও চৰ্চাৰ বিষয় ৷

কাৰণ লোকসভা নিৰ্বাচনত সৰ্বাধিক পোষ্টেল ভোট লাভ কৰিছে নৱনিৰ্বাচিত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে । যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টিৰ ভিতৰত 9 টা সমষ্টিত অগ্ৰগতি লাভ কৰিছিল গৌৰৱ গগৈয়ে ৷ ইয়াৰ সমান্তৰালভাৱে পোষ্টেল ভোটৰ ক্ষেত্ৰত গগৈয়ে সৰ্বাধিক 8577 টা ভোট লাভ কৰে । ইয়াৰোপৰি, যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10 টা বিধানসভা সমষ্টিৰ 6 টা সমষ্টিত বিজেপিয়ে পৰাজয় বৰণ কৰিছে ৷

উল্লেখনীয় বিষয় যে, উক্ত সমষ্টিকেইটাৰ 6 টা শাসক পক্ষৰ অধীনত আছে ৷ ইয়াৰ ভিতৰত অন্তৰ্গত মাহমৰা সমষ্টি ৷ এই মাহমৰা সমষ্টিৰ বিধায়ক হ’ল হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী যোগেন মহন ৷ বিজেপি বিধায়ক যোগেন মহনৰ মাহমৰা সমষ্টিত গৌৰৱ গগৈয়ে সৰ্বাধিক ভোটত অগ্ৰগতি লাভ কৰিছে ৷ যাৰ বাবে মন্ত্ৰী সভা ৰদবদল হ’লেই মন্ত্ৰী যোগেন মহন বিপদত পৰাৰ আশংকা আছে বুলি ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা চলা পৰিলক্ষিত হৈছে ৷

উল্লেখ কৰা প্ৰয়োজন যে, যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ বিপৰ্যয়ৰ বাবে জিলা সভাপতি পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত ৰদবদল হোৱাৰ সম্ভাৱনীয়তাই দেখা দিছে ৷

লগতে পঢ়ক: যোৰহাটত গৌৰৱ গগৈৰ অভূতপুৰ্ব জয় : জয়ৰ আঁৰৰ ১০টা মূল কাৰণ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.