ETV Bharat / politics

২০ দিনৰ ভিতৰত কংগ্ৰেছেও আৰম্ভ কৰিব সদস্যভৰ্তি অভিযান - Congress Membership Drive

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Bhupen Bora on Membership Drive : "অৰুণোদয়ৰ প্ৰ-পত্র পাবলৈ হ'লে বিজেপিৰ সদস্য পদ ল'ব লাগিব । ইয়াৰ বাবে বিধায়কসকলে সমষ্টিয়ে সমষ্টিয়ে ভাষণ দি আছে । বিজেপিৰ ৰাজ্যিক সভাপতিৰ ওপৰত আমাৰ দলে গোচৰ দিছে । বিজেপিৰ সভাপতিয়ে ৰাজহুৱাভাৱে কৈছে যে অৰুণোদয়ৰ পইচা পাবলৈ হ'লে বিজেপিৰ সদস্য পদ ল'ব লাগিব । আমি সেইবোৰ নকৰো ।" বিজেপিৰ সদস্যভৰ্তি সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য ।

Bhupen Bora on Membership Drive
কংগ্ৰেছেও আৰম্ভ কৰিব সদস্যভৰ্তি অভিযান (ETV Bharat Assam)

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ : বিজেপিৰ পিচত এইবাৰ সদস্যভৰ্তি অভিযান আৰম্ভ কৰিব কংগ্ৰেছে । পূৰ্বৰ অফলাইন ব্যৱস্থাৰ পৰিৱৰ্তে এইবাৰ ডিজিটেলী কংগ্ৰেছে সদস্যভৰ্তি অভিযান চলাব দলটোৱে । আগন্তুক ২০ দিনৰ ভিতৰত আৰম্ভ হ'ব কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান ।

এই কথা সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । গুৱাহাটীত সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়, "আগতে আমাৰ প্ৰিণ্টিং প্ৰক্ৰিয়াত সদস্যভৰ্তি হৈছিল । এইবাৰ আমি সদস্যভৰ্তি প্ৰক্ৰিয়াটো ডিজিটেলী কৰাৰ বাবে চেষ্টা কৰি আছোঁ । অক্টোবৰৰ মাজভাগত আমি 'জোনাইৰ পৰা সোণাই' অভিযান আৰম্ভ কৰিম আৰু সমান্তৰালভাৱে ডিজিটেল সদস্যভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিম । যোৱাবাৰ ডিজিটেলী আৰম্ভ কৰা হৈছিল যদিও ১০ শতাংশহে ডিজিটেলী হৈছিল । ৯০ শতাংশ আগৰ দৰেই হৈছিল ।"

বিজেপিৰ সদস্যভৰ্তি সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

আনহাতে, বিজেপিৰ সদস্যভৰ্তি অভিযান সন্দৰ্ভত ভূপেন বৰাই কয়, "বিজেপিৰ সদস্যতা হৈছে অৰুণোদয় প্ৰ-পত্রৰ লগত । অৰুণোদয়ৰ প্ৰ-পত্র পাবলৈ হ'লে সদস্যতা ল'ব লাগিব । এতিয়া বিধায়কসকলে সমষ্টিয়ে সমষ্টিয়ে ভাষণ দি আছে । বিজেপিৰ ৰাজ্যিক সভাপতিৰ ওপৰত আমাৰ দলৰ পৰা গোচৰো দিয়া হৈছে । বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ৰাজহুৱাভাৱে কৈ দিছে যে অৰুণোদয়ৰ পইচা পাবলৈ হ'লে বিজেপিৰ সদস্যতা ল'ব লাগিব । আমি সেইবোৰ নকৰো । আমি ডিজিটেলী কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমি গাঁৱে গাঁৱে যাম । মই নিজেও ৯২ টা সমষ্টিলৈ যাম ।"

বিজেপিৰ সদস্যভৰ্তি অভিযানৰ সময়সীমা বৃদ্ধি কৰা সন্দৰ্ভত ভূপেন বৰাই কয়, "আজিলৈকে ভাৰতবৰ্ষত এনেকুৱা দল দেখিছিলে নেকি যাৰ দলীয় সদস্যতাৰ বাবে ৰাজ্যিক সভাপতিয়ে ঘোষণা কৰিবলগীয়া হৈছে যে চৰকাৰী আঁচনিৰ সুবিধা লাগিলে বিজেপিৰ সদস্য হ'ব লাগিব । তাৰমানে কোনেও যে স্বতঃস্ফুৰ্তভাৱে বিজেপিৰ সদস্য হ'বলৈ নিবিচৰা দিনটো আহি গ'ল । মানুহক এতিয়া বিজেপিৰ সদস্য কৰিব নোৱাৰে বাবে পৰিস্থিতি এটা সৃষ্টি কৰা হৈছে । বিজেপিৰ সদস্য নহ'লে অৰুণোদয়ৰ নতুন তালিকাৰ পৰা নামটো কাটি দিয়া হ'ব । ইয়াৰ পৰাই পতিয়মান হয় যে বিজেপিৰ অৱস্থা তথা দশা কি চলি আছে । গোটেই অসমতে কোনেও বিজেপিৰ সদস্যতা ল'ব বিচৰা নাই ।"

ভূপেন বৰাই লগতে কয়, "আমি কংগ্ৰেছ দলে বলপূৰ্বক সদস্যতা নকৰো । আমি সদস্যতা ল'লেহে কংগ্ৰেছৰ চৰকাৰ আহিলে সুবিধা পাব বুলি নকওঁ । দেশৰ স্বাৰ্থত, জনগণৰ স্বাৰ্থত আমি যিখন সংগ্ৰাম কৰি আছোঁ সেই সংগ্ৰামৰ সমভাগী হোৱাৰ বাবে অসমৰ ৰাইজক আহ্বান জনাম । আমাৰ বিশ্বাস যে অসমপ্ৰেমী প্ৰতিগৰাকী ব্যক্তিয়ে বিজেপিৰ বিকল্প হিচাপে আমাৰ সদস্যভৰ্তিকৰণত অংশ গ্ৰহণ কৰিব ।"

লগতে পঢ়ক :প্ৰতি সপ্তাহতে ঋণ লৈছে অসম চৰকাৰে : ১ অক্টোবৰত পুনৰ ল’ব ৭৫০ কোটি টকা ঋণ - Assam Govt Loan
লগতে পঢ়ক :নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ উদ্দেশ্যত ছয় নং দফাৰ চক্ৰান্ত মুখ্যমন্ত্রীৰ : বিৰোধী ঐক্য মঞ্চ - Assam Accord Implementation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.