ETV Bharat / politics

উদয় শংকৰ হাজৰিকা নে ৰাণী নৰহ ? কোন হ’ব কংগ্ৰেছৰ লখিমপুৰৰ প্ৰাৰ্থী ? - Lakhimpur Lok Sabha Constituency - LAKHIMPUR LOK SABHA CONSTITUENCY

Lakhimpur Lok Sabha Constituency: নিৰ্বাচন পালেহিয়েই যদিও এতিয়া লখিমপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থী ঠিৰাং কৰিব পৰা নাই কংগ্ৰেছে ৷ ইফালে ৰাণী নৰহৰ পৰিৱৰ্তে ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাইহে টিকট লাভৰ সম্ভৱনা আছে ৷ জানিব পৰা মতে টিকটৰ দৌৰত ৰাণী নৰহেও আশা এৰা নাই ৷

Lakhimpur Lok Sabha Constituency
লখিমপুৰ লোকসভা সমষ্টি
author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 7:50 PM IST

গুৱাহাটী, ২১ মাৰ্চ : অসমৰ লখিমপুৰ লোকসভা আসনখনত কংগ্ৰেছে কাক দিব প্ৰাৰ্থিত্ব ? তৃতীয় পৰ্যায়ত নিৰ্বাচন হ’বলগীয়া সমষ্টিতো প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছ দলে । কিন্তু ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া লখিমপুৰৰ বাবে এতিয়াও প্ৰাৰ্থী ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই কংগ্ৰেছ নেতৃত্বই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লখিমপুৰৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে ৰাণী নৰহ আৰু উদয় শংকৰ হাজৰিকা । ইফালে কালি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জিতেন্দ্ৰ সিঙে সদৰী কৰে যে এতিয়াও দুই-তিনিদিন লাগিব লখিমপুৰৰ প্ৰাৰ্থী ঘোষণা কৰিবলৈ ।

তাৰ মাজতে চৰ্চা হৈছে লখিমপুৰত ৰাণী নৰহক পিচ পেলাই প্ৰাৰ্থিত্বৰ দৌৰত আগত আছে উদয় শংকৰ হাজৰিকা । কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰমতে উদয় শংকৰ হাজৰিকাই লখিমপুৰত প্ৰাৰ্থিত্ব লাভৰ দিশত আগবাঢ়িছে । ৰাণী নৰহ টিকটৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা ।

লখিমপুৰ সমষ্টিত সাংগঠনিকভাৱে ৰাণী নৰহ কিমান শক্তিশালী সেই লৈ প্ৰশ্ন উঠিলেও দিল্লীত কংগ্ৰেছ নেতৃত্বৰ সৈতে ৰাণীৰ ঘনিষ্ঠতা সকলোৰে জ্ঞাত । কিন্তু এই ঘনিষ্ঠতা থকাৰ পিচতো এইবাৰ লখিমপুৰত টিকটৰ পৰা বঞ্চিত হ’ব পাৰে ৰাণী ৷ প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত চৰ্চিত তথ্য এয়া ।

একাংশ কংগ্ৰেছীৰ গণ-সংযোগহীনতাই এইবাৰ বিপদ মাতিলে ৰাণী নৰহলৈ । লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ ৰাণী নৰহে পুনৰবাৰ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি চর্চা চলিছিল ৷ কিন্তু শেষ মুহূর্তত ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাই লখিমপুৰ লোকসভা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থিত্ব লাভ কৰিব বুলি নিশ্চিত হৈছে কংগ্ৰেছ মহল ।

উল্লেখ্য যে লখিমপুৰৰ বাসিন্দা উদয় শংকৰ হাজৰিকা বিজেপিৰ এগৰাকী পুৰণি কৰ্মী আছিল ৷ শেহতীয়াকৈ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছে লখিমপুৰৰ ব্যৱসায়ীগৰাকীয়ে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘনিষ্ঠ বুলি পৰিচিত উদয় শংকৰ হাজৰিকা । লখিমপুৰ সমষ্টিত কংগ্ৰেছৰ নতুন মুখৰ প্ৰাৰ্থী হ'লেও উদয় শংকৰ হাজৰিকাই পূৰ্বে বিজেপিৰ প্ৰাৰ্থীৰূপে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।

আনহাতে দুবাৰকৈ সাংসদ হোৱা ৰাণী নৰহে দিল্লীত নিজৰ প্ৰাৰ্থিত্বৰ বাবে বিভিন্ন প্ৰকাৰে হাইকমাণ্ডক পতিয়ন নিওৱাৰ চেষ্টা কৰি আহিছিল যদিও অৱশেষত তেওঁ প্ৰাৰ্থিত্ব লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই অধিক ৷ মন কৰিবলগীয়া যে লখিমপুৰ লোকসভা সমষ্টিত প্ৰায় কেইবা দশকজুৰি কংগ্ৰেছৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আহিছিল ৰাণী নৰহ আৰু তেওঁৰ স্বামী ভৰত নৰহে ।

তথ্যমতে চতুৰ ৰাজনীতিক বুলি পৰিচিত জ্যেষ্ঠ কংগ্ৰেছ নেতা ভৰত নৰহ আৰু তেওঁৰ পত্নী ৰাণীৰ বিৰুদ্ধে লখিমপুৰ-ধেমাজিত প্ৰৱল প্ৰতিষ্ঠানবিৰোধী টৌ থকাৰ বিষয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব জ্ঞাত ৷ আনহাতে তেওঁ সমষ্টিবাসীৰ আশা-আকাংক্ষা পূৰণত ব্যর্থ হোৱা আৰু জনসংযোগহীনতাৰ বাবেই বিগত ২০১৯ৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়া নাছিল ৰাণী নৰহক । এইবাৰো একেই কাৰণত লখিমপুৰত টিকটৰ পৰা বঞ্চিত হোৱাৰ দিশে ৰাণী নৰহ ৷

ইফালে এইবাৰো ৰাণী নৰহে পুনৰ কংগ্ৰেছ প্ৰার্থীৰূপে লখিমপুৰত লোকসভা নিৰ্বাচন খেলিবলৈ দিল্লীত সৰ্বশক্তিৰে হাইকমাণ্ডৰ কাষ চাপিছিল । কিন্তু APCC ৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত লখিমপুৰৰ এগৰাকী জ্যেষ্ঠ বেজেপি নেতা উদয় শংকৰ হাজৰিকাৰ কংগ্ৰেছত যোগদানে ৰাণীৰ প্ৰাৰ্থিত্বৰ হিচাপত খেলিমেলি লগাই দিলে । এতিয়া কংগ্ৰেছে ৰাণী নৰহৰ পৰিৱৰ্তে কংগ্ৰেছৰ নতুন মুখৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনাই অধিক ।

কিন্তু মূল প্ৰশ্নটো হ’ল যে কংগ্ৰেছে কিয় ঘোষণা কৰিব পৰা নাই লখিমপুৰৰ প্ৰাৰ্থিত্ব ? ৰাণী নৰহে এৰা নাই নেকি শেষ চেষ্টা ?

লগতে পঢ়ক: এইবাৰ কংগ্ৰেছ এৰিলে জ্যেষ্ঠ নেতা শৈলেন বৰা আৰু অঞ্জন বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.