ETV Bharat / politics

শীঘ্ৰে ঘোষণা হ'ব ৫ খন ৰাজ্যৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা - Congress CEC meeting

Congress CEC meeting : কংগ্ৰেছ দলৰ প্ৰথমখন কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত কেৰালা, কৰ্ণাটক, তেলেংগানা, ছত্তীশগড়, দিল্লী আৰু লাক্ষাদ্বীপৰ আসন চূড়ান্ত কৰা হৈছে । ১১ মাৰ্চত নিৰ্বাচন সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব ।

Congress CEC meeting
শীঘ্ৰে ঘোষণা হ'ব ৫ খন ৰাজ্যৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা
author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 2:25 PM IST

নেশ্যনেল ডেস্ক, ৮ মাৰ্চ : অহা ১১ মাৰ্চত কংগ্ৰেছ দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে দলটোৱে প্ৰথমখন বৈঠকত ৫ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ আসন চূড়ান্ত কৰিছে ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে কয় যে কেৰালা, কৰ্ণাটক, তেলেংগানা, ছত্তীশগড়, দিল্লী আৰু লাক্ষাদ্বীপৰ আসনসমূহ দলটোৱে চূড়ান্ত কৰিছে । প্ৰক্ৰিয়াটো চলি আছে আৰু অতি শীঘ্ৰে আনুষ্ঠানিক ঘোষণা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

ইফালে, দিল্লীত ১১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া দলটোৰ দ্বিতীয়খন নিৰ্বাচন সমিতিৰ বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত এক সূক্ষ্ম আলোচনা অনুষ্ঠিত হ'ব । বৃহস্পতিবাৰে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ বিষয়ে আলোচনা কৰিবলৈ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকৰ বাবে দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকে । বৈঠকখন মাজনিশালৈ চলিছিল বুলি সূত্ৰই জানিবলৈ দিয়ে ।

আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নেকি বুলি সোধা এক প্ৰশ্নত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে মুখপাত্ৰই এই সন্দৰ্ভত উত্তৰ দিব । বৈঠক সন্দৰ্ভত কংগ্ৰেছ নেতা শচীন পাইলটে কয় যে এয়া এক উৎকৃষ্ট আলোচনা আছিল । সকলো আসনৰ ওপৰতে আলোচনা হৈছিল । পাইলটে জনোৱা মতে কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে সিদ্ধান্ত লোৱাৰ লগে লগে সংবাদ মাধ্যমক অৱগত কৰা হ'ব ।

কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক সন্দৰ্ভত দলটোৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে সমিতিয়ে সকলো আসনৰ বিষয়ে আলোচনা কৰিব । য'ত সম্ভৱ চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব । তেওঁৰ মতে চিইচি হৈছে সৰ্বোচ্চ সংস্থা যি প্ৰাৰ্থীসকলৰ ওপৰত চিন্তা-চৰ্চা কৰে আৰু চূড়ান্ত কৰে । আসন ভাগ-বটোৱাৰা সন্দৰ্ভত কংগ্ৰেছ নেতা ৰমেশ চেন্নিথালাই কয় যে শনিবাৰৰ ভিতৰত ৰাইজে ভাল খবৰ পাব । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সমিতিখনৰ অধ্যক্ষ আৰু ইয়াৰ সদস্যসকলৰ ভিতৰত আছে দলৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী ।

লগতে পঢ়ক :দলে দিলে জালুকবাৰীতো নিৰ্বাচন খেলিবলৈ সাজু গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.