ETV Bharat / politics

শাসকীয় দলত থাকিলে সুবিধা হ'ব বুলিয়ে ৰাণা গোস্বামী বিজেপিলৈ গৈছে: ঘাটোৱাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 9:20 PM IST

Paban Singh Ghatowar reaction: কংগ্ৰেছ দলত থকাতকৈ বিজেপিত থাকিলে বেছি সুবিধা হ'ব বুলি ভাবিয়ে ৰাণা গোস্বামীয়ে গেৰুৱা বসন পিন্ধিছে । কংগ্ৰেছৰ ভৱিষ্যৎ আছে আৰু পুনৰ চৰকাৰ গঠন কৰিব । কংগ্ৰেছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

Paban Singh Ghatowar reaction
শাসকীয় দলত থাকিলে সুবিধা হ'ব বুলিয়ে ৰাণা গোস্বামী বিজেপিলৈ গৈছে

যোৰহাট,১ মাৰ্চ : লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ দলৰ একাংশ নেতাই গেৰুৱা বসন পিন্ধিছে । আন একাংশই আকৌ বিজেপি দলত যোগদানৰ প্ৰস্তুতি চলাই আছে । তেনে পৰিস্থিতিত অসম কংগ্ৰেছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শেহতীয়াকৈ যোৰহাটৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ লগে লগে জিলা কংগ্ৰেছত আলোড়নৰ সৃষ্টি হৈছে । মিশ্ৰিত প্ৰতিক্ৰিয়াও দেখা গৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এনে সময়তে যোৰহাটত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পৱন সিং ঘটোৱাৰে বিজেপিমুখী নেতাসকলক তীব্ৰ সমালোচনা কৰা দেখা গৈছে । যোৰহাটৰ কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰি পৱন সিং ঘটোৱাৰে সাংবাদিকৰ আগত কয় যে বহু নেতা নিৰ্বাচনৰ সময়ত দল সলনি কৰে, এয়া এক স্বাভাৱিক প্ৰক্ৰিয়া । কাৰণ একাংশৰ মনত থাকে ক্ষমতা আৰু একাংশৰ মনত থাকে আৰ্দশ । এখন গণতান্ত্ৰিক দেশত শাসন পৰিৱৰ্তন হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া । দল পৰিৱৰ্তন নোহোৱাটোহে এক অস্বাভাৱিক প্ৰক্ৰিয়া ।

তেওঁ উল্লেখ কৰা মতে বহু সময়ত অসম তথা ভাৰতৰ শাসনত থকা দলৰ পৰিৱৰ্তন হৈছে । এতিয়াও হৈছে আৰু ভৱিষ্যতেও হ'ব । বিজেপিৰ শাসনভাৰ চিৰস্থায়ী নহয় বুলিও তেওঁ দাবী কৰে । তেওঁৰ মতে কংগ্ৰেছৰ যিধৰণৰ শিপা আছে । সেয়ে ভৱিষ্যতে কংগ্ৰেছ দলে পুনৰ চৰকাৰ গঠন কৰিব বুলি তেওঁ নিশ্চিত । ৰাণা গোস্বামীৰ বিজেপি গমন প্ৰসংগত তেওঁ কয় যে ৰাণা গোস্বামী কি আছিল, সেয়া সকলোৱে জানে । ৰাণা গোস্বামীয়ে ভাবিছে কংগ্ৰেছত তেওঁৰ ভৱিষ্যৎ নাই আৰু বিজেপিত তেওঁৰ ভৱিষ্যৎ আছে, সেয়ে কংগ্ৰেছ ত্যাগ কৰিছে । কিন্তু পৱন সিং ঘাটোৱাৰৰ মতে অসমত কংগ্ৰেছৰ ভৱিষ্যত আছে আৰু থাকিব ।

লগতে পঢ়ক :আকৌ টিকট পাব প্ৰদান বৰুৱাই ! কি কয় সাংসদগৰাকীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.