ETV Bharat / politics

কংগ্ৰেছৰ পৰা বহিষ্কাৰ: ন্যায় বিচাৰি আইনৰ কাষ চাপিব দাদু টায়ে - Bhupen Borah

Assam Congress: জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বৰ পৰা অপসাৰিত কৰাৰ পিচতে দলৰ পৰাও আঁতৰালে দাদু টায়েক ৷ প্ৰদেশ কংগ্ৰেছৰ এই সিদ্ধান্তত ক্ষুন্ন হৈছে কংগ্ৰেছ নেতাগৰাকী ৷ গতিকে তেওঁ আইনৰ কাষ চাপি ন্যায় বিচাৰিব ৷

Golaghat Congress Dadu Taye
ন্যায় বিচাৰি আইনৰ কাষ চাপিব দাদু টায়ে
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 8:02 PM IST

ন্যায় বিচাৰি আইনৰ কাষ চাপিব দাদু টায়ে

গোলাঘাট, 17 ফেব্ৰুৱাৰী: সোমবাৰে গোলাঘাট আদালতত অসম প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে গোচৰ তৰিব গোলাঘাট জিলা কংগ্ৰেছৰ অপসাৰিত সভাপতি দাদু টায়েই । তেওঁক অপসাৰণ কৰা নিৰ্দেশ অবৈধ আৰু অকৰ্তৃত্বশীল আখ্যা দিছে টায়েই ।

উল্লেখ্য যে ১৪ ফ্ৰেব্ৰুৱাৰীত সৰুপথাৰ সমষ্টিৰ ৰজা পুখুৰী শ্যাম গাঁৱত নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গলবস্ত্ৰ পিন্ধাইছিল দাদু টায়েই ৷ সেই ফটো সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিচত ১৬ ফেব্ৰুৱাৰীত প্ৰদেশ কংগ্ৰেছে গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা অব্যাহতি দিয়ে দাদু টায়েক ৷ পদৰ পৰা অপসাৰণ কৰাৰ ৭২ ঘন্টাৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰে দাদু টায়েৰ বিৰুদ্ধে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কাৰণ দৰ্শোৱাৰ জাননী লাভৰ পিচত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু দলৰ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে দাদু টায়ে ৷ শনিবাৰে গুৱাহাটীলৈ গৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক লগ ধৰাৰ কথাও আছিল দাদু টায়েই । কিন্তু প্ৰদেশ কংগ্ৰেছত যোৱা কেইদিনত দেখা দিয়া পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে ভূপেন বৰাক দলৰ শীৰ্ষ নেতৃত্বই তলব কৰাত আজি তেখেত নতুন দিল্লীলৈ যায় ৷ সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা টায়েলৈ প্ৰেৰণ কৰা হয় দলৰ পৰা বহিস্কাৰৰ পত্ৰ ।

পত্ৰখনত ‘ছাচপেন্সন অৰ্ডাৰ’ বুলি লিখিলেও ভিতৰত তাৎপৰ্যপূৰ্ণভাৱে লিখা আছে ‘এক্সপেল’ বুলি । জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰি ৭২ ঘন্টাৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল টায়েক । কিন্তু ২৪ ঘন্টা পাৰ নৌহওঁতেই দাদু টায়েক বহিস্কাৰ কৰা হ’ল দলৰ পৰা ৷

উল্লেখ্য যে ১৬ ফেব্ৰুৱাৰীত দলৰ নেতৃত্বৰ বিৰুদ্ধে বোকাখাতত সংবাদ মেল সম্বোধন কৰি ক্ষোভ উজাৰিছিল দাদু টায়েই । শনিবাৰে গুৱাহাটীলৈ গৈ বহু কংগ্ৰেছ নেতাৰ গোপন কথা ফাদিল কৰাৰ কথা কৈছিল জিলা কংগ্ৰেছৰ অপসাৰিত সভাপতিগৰাকীয়ে । যি সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষ ভ্ৰমণ কৰিছে, তেনে সময়তে এজন সাধাৰণ কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে অন্যায় হৈছে বুলি মন্তব্য কৰিছে দাদু টায়েই । যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ন্যায় বিছাৰি আদালতৰ দ্বাৰস্থ হ'ব দাদু টায়ে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ পৰা বহিষ্কাৰ গোলাঘাট কংগ্ৰেছৰ সদ্য অপসাৰিত সভাপতি দাদু টায়েক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.