ETV Bharat / politics

ফাঁচীবজাৰত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ বিশাল ৰোড শ্ব' - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 10:50 PM IST

LOK SABHA ELECTION 2024
CONGRESS RALLY IN GUWAHATI

Congress rally in Guwahati: বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছেও অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান । গুৱাহাটীৰ ফাঁচী বজাৰত বুধবাৰে কংগ্ৰেছে এক বিশাল ৰোড শ্ব'ৰ আয়োজন কৰে । উপস্থিত থাকে গৌৰৱ গগৈ, পৃথ্বীৰাজ প্ৰভাকৰ সাথে আৰু প্ৰদ্যুৎ বৰদলৈৰ লগতে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ।

গুৱাহাটীৰ ফাঁচী বজাৰত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ বিশাল ৰোড শ্ব'

গুৱাহাটী, ১ মে': তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ চমু চাপি অহাৰ লগে লগে তীব্ৰতৰ হৈ পৰিছে শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ ।‌ অহা ৭ মে'ত অনুষ্ঠিত হ'ব গুৱাহাটীকে ধৰি কোকৰাঝাৰ, বৰপেটা, ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচন । সকলো সমষ্টিতে জোৰদাৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ।

গুৱাহাটী লোকসভা সমষ্টিত কিছুদিন ধৰি নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে । শাসকীয় দল বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ মাজত গুৱাহাটীত নিৰ্বাচনী যুঁজখন প্ৰায় আকৰ্ষণীয় হৈ পৰিছে ।‌ বিজে‌পিৰ প্ৰাৰ্থী বিজুলী কলিতা‌ মেধিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে গুৱাহাটীৰ মাজমজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে বিশাল ৰোড শ্ব' কৰি নিৰ্বাচনী ৰণডংকা বজায় যোৱাৰ পিছত কংগ্ৰেছ দল পিছ হুঁহকি থকা নাই ।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৃথ্বীৰাজ সাথে, গৌৰৱ গগৈ, ৰাইজৰ‌ দলৰ সভাপতি বিধায়ক অখিল‌‌ গগৈ, অজাপৰ‌ সভাপতি লুৰীণজ্যোতি গগৈ আদিয়ে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা‌ বৰঠাকুৰৰ হৈ গুৱাহাটী লোকসভা সমষ্টিত এখনৰ পিছত আন এখন‌ নিৰ্বাচনী সভাত অংশ লৈ জোৰদাৰ প্ৰচাৰ‌ চলাই থকা দেখা গৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বুধবাৰে সন্ধিয়া গুৱাহাটীৰ মাজমজিয়াত নিৰ্বাচনী ৰণডাংকা বজাবলৈ কংগ্ৰেছ দলে ফাঁচীবজাৰত বিশাল‌ নিৰ্বাচনী সভা আয়োজন কৰে । গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা‌ বৰঠাকুৰ লগতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৃথ্বীৰাজ সাথে, গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ বৰদলৈয়ে ভাষণ দি নিৰ্বাচনী প্ৰচাৰ চলায় ।

ভাষণত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা পৃথ্বীৰাজ সাথে কয় যে, বিজেপিয়ে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বৃদ্ধি কৰিছে । দেশৰ অৰ্থনীতিত সাধাৰণ মানুহৰ অধিকাৰ হৰণ কৰিছে ।‌ ইপিনে গৌৰৱ গগৈয়ে তেওঁৰ ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ‌মোদীয়ে জুমলা ভাষণ ৰাইজে বুজি পাইছে ।‌ লাখপতি বাইদেউ মোদীৰ জুমলা মাথোন ।

বিজেপি চৰকাৰৰ অপশাসনৰ তীব্ৰ সমালোচনা‌ কৰি‌ তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ কোনো আন্তৰিকতা নাই । নহ'লে মণিপুৰত মোদী কিয়‌ এবাৰো নগ'ল । তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি‌ কয় যে‌ মুখ্যমন্ত্ৰীয়ে‌ গুৱাহাটীখনক তেওঁৰ সম্পত্তি বুলি ভাবে ।

সভাত ভাষণ দি প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি চৰকাৰক জনবিৰোধী চৰকাৰ আখ্যা দি ৰাইজক বিজেপিৰ‌ বিৰুদ্ধে ভোট দিয়াৰ আহ্বান জনায় ।‌ ইপিনে সভাত গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা‌ বৰঠাকুৰে ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনাই ৰাইজৰ উদ্দেশ্য ভাষণ আগবঢ়ায় ।

লগতে পঢ়ক: নৰেন্দ্ৰ মোদীৰ বাবেই বড়োভূমিত শান্তি প্ৰতিষ্ঠা হৈছে : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.