ETV Bharat / politics

গৌৰৱ গগৈয়ে নহয়, শ্বহীদৰ নাম ল'বলৈ লাজ পাব লাগে বিজেপি দল আৰু চৰকাৰেহে : প্ৰদেশ কংগ্ৰেছ - Congress on Pabitra Margherita

Congress criticized Central minister Pabitra Margherita : ‘‘হাতীয়ে তৰাৰ ফৰ্মুতিলৈ কেৰেপ নকৰে ।’’ - গৌৰৱ গগৈক পবিত্ৰ মাৰ্ঘেৰিটাৰ সমালোচনাৰ প্ৰত্যুত্তৰ কংগ্ৰছেৰ । লগতে ক’লে, “নিজৰ দলীয় অন্তঃকন্দল আৰু চৰকাৰৰ বিফলতাসমূহ ঢাকিবলৈ গৈ বিজেপি দলৰ নেতা আৰু মন্ত্ৰীসকলে হাস্যকৰভাৱে কংগ্ৰেছ দল আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈক ভুৱা কথাৰে সমালোচনা কৰিছে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:40 PM IST

Congress criticized Central minister Pabitra Margherita
গৌৰৱ গগৈক পবিত্ৰ মাৰ্ঘেৰিটাৰ সমালোচনাৰ প্ৰত্যুত্তৰ কংগ্ৰছেৰ (ETV Bharat)

গুৱাহাটী, ১৮ জুলাই : “নিজৰ দলীয় অন্তঃকন্দল আৰু চৰকাৰৰ বিফলতাসমূহ ঢাকিবলৈ গৈ বিজেপি দলৰ নেতা আৰু মন্ত্ৰীসকলে হাস্যকৰভাৱে কংগ্ৰেছ দল আৰু যোৰহাটৰ সাংসদ গৌৰৱ গগৈক ভুৱা কথাৰে সমালোচনা কৰিছে । এই সমালোচনাৰ মূল উদ্দেশ্যই হ'ল অসমৰ জনগণক ৰাজ্যখনৰ মূল সমস্যাসমূহ আৰু শাসকীয় দলৰ দলীয় অন্তঃকলহ, বাদ-বিসম্বাদসমূহৰ পৰা দৃষ্টি অন্য দিশে ধাৱমান কৰা ।” - গৌৰৱ গগৈক বিজেপিয়ে কৰা সমালোচনাৰ এইদৰে প্ৰত্যুত্তৰ দিছে কংগ্ৰেছে ৷

প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপর্ণ কোঁৱৰে আজি (বৃহস্পতিবাৰ) কয় যে বুধবাৰেও কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এখন সংবাদমেল সম্বোধন কৰি কৈছে যে সাংসদ গৌৰৱ গগৈয়ে শ্বহীদৰ কথা ক'বলৈ লাজ পাব লাগে । যি যুক্তি অতি হাস্যকৰ । লগতে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰজনে কয় যে দুগ্ধপুষ্য শিশু এজনেও জানে, অসমবাসীৰ ওপৰত কা জাপি দি অসম আন্দোলনৰ শ্বহীদসকলক কোনে দ্বিতীয়বাৰ আকৌ হত্যা কৰিলে ।

কোন দলৰ চৰকাৰ ৰাজ্য আৰু কেন্দ্ৰত থাকোতে কা আন্দোলনৰ সময়ত ৫ জনকৈ তেজাল অসমীয়া যুৱকক গুলীয়াই হত্যা কৰা হ'ল ? সৰ্বগ্ৰহণযোগ্য অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ ক নস্যাৎ কৰি অসমবাসীৰ ওপৰত একপক্ষীয়ভাবে কা জাপি দি ২০১৪ চনলৈকে অহা বিদেশীক স্বদেশী সজাই কোন দল আৰু চৰকাৰে অসম চুক্তিৰ আত্মাক হত্যা কৰিলে ?

লগতে পঢ়ক : ছহিদৰ নাম ল'বলৈ গৌৰৱ গগৈয়ে সাহস কেনেকৈ কৰিলে ? পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰশ্ন - Pabitra Margherita

আননহাতে অসম চুক্তিৰ ৬ নং ৰূপায়ণ প্ৰসংগৰেও পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰত্যুত্তৰ দিছে কংগ্ৰছে ৷ কংগ্ৰেছৰ প্ৰশ্ন - দাঢ়ি, ক'মা নকটাকৈ অসম চুক্তিৰ ছয় নং দফাৰ ৰূপায়ণ কৰিম বুলি সংসদত প্ৰতিশ্ৰুতি দিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰূপায়ণৰ নামত কিবা দাঢ়ি, ক'মা এদাল লৰচৰ কৰিলেনে ?

অসম চুক্তিৰ ছয় নং দফাৰ ৰূপায়ণৰ বাবে অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিদ্বান ব্যক্তিক লৈ গঠিত পৰামর্শদাতা কমিটীৰ পৰামর্শসমূহ কোন চৰকাৰে ক'ত পেলাই থৈছে, তাৰ উত্তৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজক দিব পাৰিবনে ?

যোৱা ১০ বছৰে কেন্দ্ৰত আৰু ৮ বছৰে ৰাজ্যত শাসনত থকা ডাবল ইঞ্জিনৰ চৰকাৰ থাকোতেও অসম চুক্তি ৰূপায়ণৰ নামত কি কৰিলে বিজেপি চৰকাৰে তাৰ উত্তৰ দিব পাৰিবনে ? তাৰ পৰিৱৰ্তে বিজেপি দল আৰু চৰকাৰে কা নামৰ এখন একপক্ষীয় আইন জাপি দি অসম চুক্তিৰ আত্মাকে হত্যা কৰি অসমবাসীক চূড়ান্ত বিশ্বাসঘাতকতা কৰিলে । গতিকে ইয়াৰ বাবে বিজেপি দল আৰু চৰকাৰেহে লাজ পোৱা উচিত । আচলতে বিজেপি দল আৰু চৰকাৰে অসম চুক্তি আৰু শ্বহীদৰ কথা কোৱাৰ অধিকাৰেই হেৰুৱাইছে ।

লগতে পঢ়ক : ছোনিয়া গান্ধীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন গৌৰৱ গগৈৰ - Gaurav Gogoi

“গৌৰৱ গগৈ বা কংগ্ৰেছ দলক নীতি বচন দিয়াৰ পূৰ্বে বিজেপি দলে নিজৰ গাত চিকুট মাৰি চাওক । মাৰ্ঘেৰিটা ডাঙৰীয়াই আগতে দলীয় মুখপাত্ৰ হিচাবে সংবাদমেল সম্বোধন কৰি যিহকে মন যায় তাকে কৈছিল, এতিয়া এজন ৰাজ্যিক মন্ত্ৰী হ'লেও কেন্দ্ৰীয় মন্ত্ৰী । গতিকে অলপ তথ্যসমূহ অধ্যয়ন কৰি গাম্ভীর্যপূর্ণ সংবাদমেল সম্বোধন কৰিবলৈ অনুৰোধ জনাইছো । নিজকে নিজে হাঁহিয়াতৰ পাত্ৰ নকৰিব । মন্ত্ৰী পদৰ মৰ্যাদা ৰাখক ।” - বুলিও বিজেপি আৰু পৱিত্ৰ মাৰ্ঘেৰিটালৈ আহ্বান কংগ্ৰেছৰ ।

লগতে কংগ্ৰেছে কয়, “বিজেপি দলে যিমানেই অপচেষ্টা নকৰক লাগিলে আমি বিৰোধী ৰাজনৈতিক দলসমূহে ৰাইজৰ সহযোগত বিজেপি দলৰ চৰকাৰৰ দুৰ্নীতি, ছিণ্ডিকেট, ঋণগ্ৰস্ততা তথা মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা, নিবনুৱাক সংস্থাপন দিব নোৱৰা, বান-গৰাখহনীয়া ৰোধৰ বাবে কেন্দ্ৰৰ পৰা পাপ্য পুঁজি আনিব নোৱৰা আদি বিফলতাসমূহ উত্থাপন কৰি যাম আৰু লোকসভাতো বিৰোধী দলৰ উপ দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে অসমৰ প্ৰধান বিষয়সমূহ সদনত সাৱলীলভাৱে উপস্থাপন কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি যাব । হাতীয়ে তৰাৰ ফৰ্মুতিলৈ কেৰেপ নকৰে ।”

লগতে পঢ়ক : ৰাঁচীত স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হৈছে হিমন্ত বিশ্ব শৰ্মা : গৌৰৱ গগৈ - Assam Politics

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.