ETV Bharat / politics

মুকলি হ’ল কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী গীত - Lok sabha Elections 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 2:27 PM IST

Lok sabha Elections 2024: যোৰহাট 14 নং লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈয়ে মুকলি কৰিলে নিৰ্বাচনী গীত ৷ যোৰহাট জিলা কংগ্ৰেছ ভৱনত মুকলি কৰা হয় এই নিৰ্বাচনী গীতটি ৷

Congress candidate of Jorhat Lok Sabha constituency Gaurav Gogoi releases campaign song in Jorhat
মুকলি হ’ল গৌৰৱ গগৈৰ নিৰ্বাচনী গীত

মুকলি হ’ল কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী গীত

যোৰহাট, 27 মাৰ্চ: সমাগত লোকসভা নিৰ্বাচন ৷ প্ৰতিটো ৰাজনৈতিক দল-নেতাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷ যোৰহাট 14 নং লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈয়ে বুধবাৰে জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত দেশৰ/ৰাজ্যৰ বিভিন্ন সমস্যা সম্বলিত এক নিৰ্বাচনী গীত মুকলি কৰে ।

ইয়াৰ পাচতে কংগ্ৰেছ ভৱনত সংবাদমেল সম্বোধন কৰি সাংসদ গৌৰৱ গগৈয়ে ‘কা’ খনক নিৰ্বাচনকেন্দ্ৰিক বুলি উল্লেখ কৰি কয়," ‘কা’ ৰ জৰিয়তে অসমৰ জলন্ত সমস্যাবোৰক গুৰুত্বহীন কৰি তোলাৰ লগতে অসমৰ স্বাভিমানক বিক্ৰী কৰি দিয়া হৈছে । আনহাতে, অসমত জন্ম হোৱা বাঙালী লোকসকল অসমৰ নাগৰিকপঞ্জীখনত নাম অন্তৰ্ভুক্তিৰ পৰা বাদ পৰিছে ৷ অসমীয়া জাতিৰ স্বাভিমানক আঘাত কৰা ’কা‘ ৰ বিৰুদ্ধে মই পিতৃৰ পদাংক অনুসৰণ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছো ৷

সমান্তৰালভাবে, নিৰ্বাচনী বণ্ড দেশৰ আটাইতকৈ সৰ্ববৃহৎ কেলেংকাৰী বুলি কয় গগৈয়ে । ইয়াৰোপৰি, আজি যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে অসমৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে আলোচনাত মিলিত হয় । লগতে, তেওঁলোকৰ যিবোৰ মূল সমস্যা সেই সমস্যাবোৰ বলিষ্ঠভাবে সংসদত উত্থাপন কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ।

উল্লেখ্য যে, যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা গৌৰৱ গগৈৰ প্ৰতিদ্বন্ধী তপন কুমাৰ গগৈক জয়ী কৰাবলৈ ইতিমধ্যে শাসকীয় পক্ষই যুদ্ধংদেহী ৰূপত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । নিৰ্বাচনী গীত মুকলি অনুষ্ঠানটোত কংগ্ৰেছ নেতা ৰেকিবুদ্দিন আহমেদ উপস্থিত থাকে ৷ অনুষ্ঠানটোত উপস্থিত আটাইকে আহমেদে যোৰহাট 14 নং লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈক জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: সদ্য দলত্যাগী প্ৰণৱ বৰুৱাৰ সৈতে কুকুৰৰ সম্পৰ্ক কি- ব্যাখ্যা আগবঢ়ালে তিনিচুকীয়া জিলা কংগ্ৰেছে - Leaders Resigning Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.