ETV Bharat / politics

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুৰূপী : মীৰা বৰঠাকুৰৰ - Lok Sabha elections 2024 - LOK SABHA ELECTIONS 2024

BJP candidate Meera Borthakur: গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি এক সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগত কোৱা কথা নিৰ্বাচনৰ পিচত নকয় ।

Press Meet of Meera Borthakur
কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 10:00 PM IST

কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সংবাদমেল

গুৱাহাটী, ১৫ এপ্ৰিল: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বহুৰূপী আখ্যা গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ। সোমবাৰে গুৱাহাটীৰ ঘোঁৰামাৰাৰ নিৰ্বাচনী কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি তেওঁ কয়," মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা বহুৰূপী । নিৰ্বাচনৰ আগত যি কথা কয় নিৰ্বাচনৰ পিচত সেই কথা নকয় । নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতিবোৰ আমি আঙুলিয়াই দিয়া বাবে তেওঁলোকে মোক বহুবল্কী বুলি কয়।"

  • " class="align-text-top noRightClick twitterSection" data="">

ইপিনে, মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে তেওঁ সৰৱ হৈ কয়," মেৰুদণ্ডহীন মন্ত্ৰী অতুল বৰাই মোক বহুবল্কী বুলি ক'লে শোভা পায় নে নেপায় সেয়া ৰাইজৰ ওচৰলৈ এৰি দিছো ।" তেওঁ লগতে ২০২৬ত বাজপেয়ী ভৱনক এজিপি ভৱনলৈ ৰূপান্তৰ কৰি, এ আই ইউ ডিএফ আৰু কংগ্ৰেছৰ 'বি' টীমক লৈ চৰকাৰ গঠনৰ যি ষড়যন্ত্ৰ কৰিছে এয়া ওফৰাই সুস্থ গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰিবলৈ আহ্বান জনায় । সংবাদমেলত তেওঁ লগতে কয় যে দুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কাউন্সিলাৰ আৰু গুৱাহাটী সমষ্টিৰ বিধায়কসকলক লৈ এখন গোপন বৈঠকত মিলিত হৈছে । এই গোপন বৈঠকত যে ফাঁট মেলিছে তাৰ খবৰ পাওঁ । কি আলোচনা হৈছে তাৰ খবৰো পাওঁ। যোৰহাটত গৌৰৱ গগৈক বলে নোৱাৰি মুখ্যমন্ত্ৰীয়ে গোটেই টিম লৈ গুৱাহাটীলৈ আহিছে । অতুল বৰাৰ লগতে পাৰিষদ সকলক কৈছে বহুবল্কী মীৰা বৰঠাকুৰ বুলি প্ৰচাৰ কৰিবলৈ ।

তেওঁ কয়,"খিলঞ্জীয়াক ভূমিপট্টা, অত্যধিক কৰৰ বোজা,পদপথৰ ব্যৱসায়ীৰ সুৰক্ষা, অভাৱনীয় মূল্যবৃদ্ধি,অ'পিএছ, টোলগেট, ছিণ্ডিকেটৰ সন্ত্ৰাস, অশান্তি, ভৰলুৰ আৱৰ্জনা পৰিষ্কাৰ আদি কথাবোৰ ক'লে বহুবল্কী হওঁ, তেনেহ'লে হাজাৰবাৰ বহুবল্কী হ'ম । হিমন্ত বিশ্ব শৰ্মাই যিটো কংগ্ৰেছৰ 'বি' টীম লৈ চলাই আছে আৰু বিজেপিৰ টীমৰ মাজত মতভেদ আহিছে ।" কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিচুকীয়ালৈ আহোতে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল উপস্থিত নথকাটো তাৰেই প্ৰমাণ বুলি তেওঁ কয়। তেওঁ কয় যে তাত প্ৰদান বৰুৱা উপস্থিত আছিল । নিৰ্বাচনী ব্যয়ৰ অজুহাত দেখুৱাই তিনিচুকীয়ালৈ নগ'ল আৰু এওঁলোকে বহুবল্কীৰ কথা কয় ।

লগতে পঢ়ক:হাইপ্ৰফাইল নেতা অবিহনেই গুৱাহাটী সমষ্টিত দুই মহিলা প্ৰাৰ্থীৰ জোৰদাৰ প্ৰচাৰ অভিযান - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.