ETV Bharat / politics

নিৰ্বাচনী প্ৰচাৰৰ মঞ্চই মঞ্চই নাচি-বাগি ভাগৰা নাই মুখ্যমন্ত্ৰী শৰ্মা; ৰাইজৰো বাঢ়িছে আকৰ্ষণ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 10:57 PM IST

Lok Sabha Election 2024
BJP promotional song

BJP promotional song: "আকৌ এবাৰ মোদী চৰকাৰ"- শীৰ্ষক গীতটোৰ তালে তালে নাচি নাচি ভাগৰি পৰা নাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । য'তেই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছে তাতেই এই গীতটোত নাচিছে মুখ্যমন্ত্রীয়ে । এক কথাত গানটোক সম্পূৰ্ণ ৰূপে 'উপভোগ' কৰিছে মুখ্যমন্ত্রীয়ে । আজিও তাৰ ব্যতিক্ৰম নহ'ল । বৰং একেটা অনুষ্ঠানতে উক্ত গীতটোত দুবাৰকৈ নাচিলে মুখ্যমন্ত্রীয়ে ।

নাচি নাচি ভাগৰি পৰা নাই মুখ্যমন্ত্রী

গুৱাহাটী, ১ মে': বুধবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ডিমৰীয়াৰ পিছত পাথৰকুঁৱেৰীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলায় । বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ পাথৰকুঁৱেৰীত মুখ্যমন্ত্রীয়ে বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে । মঞ্চত উঠিয়েই মুখ্যমন্ত্রীয়ে 'আকৌ এবাৰ মোদী চৰকাৰ' শীৰ্ষক গীতটো বজাই দিয়াৰ আহ্বান জনাই গীতটোৰ তালে তালে মন খুলি নৃত্য কৰে ।

তেওঁক সংগ দিয়ে মুখ্যমন্ত্রীৰ সৈতে প্ৰায়ে ছাঁয়াৰ দৰে থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে । নৃত্যৰ পাছতে মুখ্যমন্ত্রীয়ে উপস্থিত ৰাইজক সম্বোধন কৰে । ভাষণত মুখ্যমন্ত্রীয়ে মহিলা আৰু ছাত্রীসকলক লক্ষ্য কৰি ইতিমধ্যে ঘোষণা কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে ।

বিশেষকৈ শিক্ষাৰ্থী সকলৰ বাবে ঘোষণা কৰা 'মুখ্যমন্ত্রীৰ নিযুত মইনা' আঁচনিৰ কথা উল্লেখ কৰে । সেইদৰে লাখপতি বাইদেউ আঁচনিৰ প্ৰসংগও মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে । তদুপৰি গুৱাহাটী মহানগৰৰীৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়েও সদৰী কৰি মুখ্যমন্ত্রীয়ে ৰাইজক বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিক বিপুল ভোটত জয়ী কৰাবৰ বাবে আহ্বান জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

মুখ্যমন্ত্রীয়ে লগতে কয় যে গুৱাহাটীত ভোটদান বহুত কম হয় । ইয়াৰ বিপৰীতে চৰ অঞ্চলত ৯০ শতাংশ ভোটদান হয় আৰু গাঁৱত হয় ৭৫ শতাংশ । আমাৰ ইয়াত হয় ৬০ শতাংশ । ভোটদানৰ দিনটো বন্ধৰ দিন হিচাপে ধৰি নলৈ মোদীক ভোট দিয়াৰ বাবে মুখ্যমন্ত্রীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায় । জনসভা সম্বোধন কৰাৰ পাছতে মুখ্যমন্ত্রীয়ে পুনৰ গীতটো বজাই দিয়াৰ আহ্বান জনাই কয়, "যোৱাৰ আগতে এবাৰ নাচি লওঁ মনটো ভাল লাগি থাকিব ।"

ইয়াৰ পাছতে গীতটো বজোৱাৰ লগে লগে পুনৰ নৃত্যত মগ্ন হৈ পৰে মুখ্যমন্ত্রী । লক্ষণীয় বিষয় যে নিৰ্বাচনী প্ৰচাৰৰ প্ৰায় প্ৰতিখন সভাতে মুখ্যমন্ত্রীয়ে নৃত্য কৰাটো এতিয়া যেন নিয়মত পৰিণত হৈ পৰিছে । অৱশ্যে নাচৰ মাজেৰে মুখ্যমন্ত্রীৰ ভাল শাৰীৰিক কচৰতো হৈ যায় ।

লগতে পঢ়ক: নৰেন্দ্ৰ মোদীৰ বাবেই বড়োভূমিত শান্তি প্ৰতিষ্ঠা হৈছে : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.