ETV Bharat / politics

বিভাজন নীতিত ব্ৰিটিছতকৈ ওস্তাদ মুখ্যমন্ত্ৰী হিমন্ত: গৌৰৱ গগৈ - Gaurav Gogoi slams Assam CM

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 5:23 PM IST

Gaurav Gogoi: মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুৰণি কেছেটৰ সৈতে তুলনা গৌৰৱ গগৈৰ ৷ আজমলক উদ্ধাৰৰ বাবে মুখ্য়মন্ত্ৰীয়ে কাম কৰি থকা বুলি মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ ৷

Gaurav Gogoi
Gaurav Gogoi slams Assam CM (X handle Gaurav Gogoi/Himanta Biswa Sarma)

নলবাৰী, 30 আগষ্ট: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্ছাৰ লোকসভাৰ বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈ । নলবাৰীত চলি থকা যুৱ কংগ্ৰেছৰৰ প্ৰশিক্ষণ শিবিৰত অংশ লৈ সাংবাদিকৰ সমুখত মুখ্যমন্ত্ৰীক ব্যাপক সমালোচনা কৰে ৷

গৌৰৱ গগৈৰ মন্তব্য (ETV Bharat Assam)

গৌৰৱ গগৈয়ে কয়, ‘‘অসমৰ মানুহ সন্মান সহকাৰে একতাৰে থাকিব বিচাৰে ৷ সেয়া অসমীয়া, মাৰোৱাৰী, বড়ো, মিচিং সকলোৱে বিচাৰে একেলগে থাকিবলৈ ৷ আমি সকলোৱে বাস্তৱ সমস্যাবোৰ সমাধান হোৱাটো বিচাৰো ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাজন আৰু ধনী হোৱাৰ ৰাজনীতিক আমি বিদায় দিব বিচাৰিছো । বিভাজন নীতিত মুখ্যমন্ত্ৰী ব্ৰিটিছতকৈ ওস্তাদ । যোৱা লোকসভা নিৰ্বাচনত ৰাইজে এনেকুৱা শিক্ষা দিলে যে, তেওঁ এতিয়া শংকিত ৷ এতিয়া ফাটা কেছেটৰ দৰে ৷ যোৱা 20-25 বছৰে কৈ থকা কথাখিনিকে দোহাৰি আছে ৷’’

মুখ্যমন্ত্ৰীক কটাক্ষ কৰি গগৈয়ে পুনৰ কয়, ‘‘মুখ্যমন্ত্ৰীৰ মূল অস্ত্ৰ হৈছে এ আই ইউ ডি এফ দল আৰু মৌলানা বদৰুদ্দিন আজমল । মুখ্যমন্ত্ৰীয়ে এ আই ইউ ডি এফ দলক পুনৰ উজ্জীৱিত কৰিব বিচাৰে ৷ তেওঁৰ মূল অস্ত্ৰ, গুপ্তশক্তি এ আই ইউ ডি এফ দলক কংগ্ৰেছে নাইকিয়া কৰিলে ৷ যোৱা নিৰ্বাচনত সাম্প্ৰদায়িক এ আই ইউ ডি এফৰ বিৰুদ্ধে ৰাইজে ঠিয় দিলে, তাৰ বাবে তেওঁ শংকিত ৷ আজমল আৰু মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি আছে দুয়োজনে ৷ কিছুদিন পিচত বদৰুদ্দিন আজমলে এটা মন্তব্য কৰিব ৷’’

প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা ভূপেন বৰাক আঁতৰোৱাৰ বাবে ষড়যন্ত্ৰ চলা বুলি উঠা অভিযোগ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, ‘‘দলৰ ভিতৰৰ কথা মই সাংবাদিকৰ আগত নকওঁ‌ ।’’ নেতাগৰাকীয়ে ২০২৬ ত কংগ্ৰেছৰ চৰকাৰ অনাটোহে অৰ্জুনৰ দৰে লক্ষ্য বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: সভাপতি পদৰ পৰা আঁতৰালেও মই দলতে থাকিম: ভূপেন কুমাৰ বৰা - APCC President Bhupen Kumar Bora

ৰাজ্যৰ অস্থিৰ পৰিৱেশ ৰচনাৰ আঁৰত কংগ্রেছ : ভৱেশ কলিতা - BJP Assam

ই ডিক বিজেপিৰ পোহনীয়া কুকুৰ আখ্যা ভূপেন বৰাৰ : ই ডিৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ প্ৰতিবাদ - Hindenburg Adani Row

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.