ETV Bharat / politics

দিল্লীত ফণী-জয়ন্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক : ইউ পি পি এলৰ কোনে পাব মন্ত্ৰিত্ব ? - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 3:06 PM IST

CM Himanta Biswa Sarma in Delhi: অসমৰ পৰা কোনে কোনে স্থান পাব নৰেন্দ্ৰ মোডীৰ নতুন চৰকাৰত ? বিজেপিৰ লগতে এনডিএৰ সহযোগী দলৰ অসমৰ নৱনিৰ্বাচিত কোনো সাংসদে লাভ কৰিব নে মন্ত্ৰিত্ব ? যদি লাভ কৰে কোনে কোনে কৰিব ? ৰাজ্যৰ ৰাজনীতিত বৰ্তমান এয়া এক চৰ্চিত বিষয় ৷

CM HBS Meet UPPL AGP leader and MP in Delhi
দিল্লীত ফনী-জয়ন্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক (ETV Bharat Assam)

গুৱাহাটী,৭ জুন : ৯ জুনৰ সন্ধিয়া ৬ বজাত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ কথা ৷ তাৰ পূৰ্বে নতুন দিল্লীত সংসদৰ চেন্ট্ৰেল হলত শুকুৰবাৰে এনডিএৰ নৱ নিৰ্বাচিত সাংসদ আৰু নেতাসকল মিলিত হয় এক বৈঠকত । নৰেন্দ্ৰ মোডীক NDA ৰ সংসদীয় দলৰ নেতাৰূপে নিৰ্বাচিত কৰা হয় । অসমৰ পৰাও এনডিএৰ অন্তৰ্গত নেতা আৰু সাংসদসকলে এই বৈঠকত অংশগ্ৰহণ কৰে ।

এই বৈঠকত অংশগ্ৰহণ কৰাৰ পূৰ্বে নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিলিত হয় অসমত এনডিএৰ সহযোগী দল অগপ আৰু ইউ পিপি এলৰ দুই নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰী আৰু জয়ন্ত বসুমতাৰীৰ সৈতে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বৈঠকত উপস্থিত থাকে ইউপিপিএল আৰু অগপৰ নেতৃবৃন্দও ৷ মুখ্যমন্ত্ৰীৰ সৈতে দিল্লীত শুকুৰবাৰে একেখন ফটোত দুই মিত্ৰ সাংসদৰ সৈতে দেখা গৈছে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ লগতে ৰাজ্যসভাৰ তিনি সাংসদ অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ইউপিপিএলৰ ৰণগৗৰা নাৰ্জাৰী আৰু বিজেপিৰ পৱিত্ৰ কুমাৰ মাৰ্ঘেৰিটাক ।

এনডিএৰ সহযোগী দলসমূহে নিজৰ সাংসদৰ সংখ্যা অনুযায়ী হ’বলগীয়া নতুন চৰকাৰত মন্ত্ৰিত্বৰ দাবী কৰে ৷ এনডিএৰ অসমৰ দুই সহযোগী দল ইউপিপিএল আৰু অগপৰ এজনকৈ সাংসদ এইবাৰ নিৰ্বাচিত হৈছে ৷ ৰাজ্যসভাতো দুয়োটা দলৰে আছে এজনকৈ সাংসদ ৷ বৰ্তমানলৈ এই দুয়োটা দলে বিজেপিৰ ওচৰত নতুন কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰিত্ব দাবী কৰিছে নে নাই এতিয়ালৈ সদৰী কৰা নাই যদিও অগপৰ ভিতৰুৱা খবৰ অনুসৰি অগপই কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভৰ আশা কৰিছে বুলি জানিব পৰা গৈছে ।

কিন্তু এনডিএৰ সকলো সদস্য দলকে মন্ত্ৰিত্ব দিয়াৰ ক্ষেত্ৰত মন্ত্ৰীসভাৰ আকাৰ আৰু সংখ্যাৰ ক্ষেত্ৰত অসুবিধা আহি পৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাত অগপৰ কোনোৱে স্থান পোৱাটো এক প্ৰকাৰ অনিশ্চিত হৈ পৰিছে । ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য এগৰাকী পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰিত্বৰ অভিজ্ঞতা থকা ৰাজনীতিক । ফণীভূষণ চৌধুৰীও এজন অভিজ্ঞ ৰাজনীতিক ৷ সেয়ে নতুন কেন্দ্ৰীয় মন্ত্ৰীসভাত অগপই স্থান লাভৰ বাবে কৰা আশা পূৰণ হ’বনে নহয় সেয়া হ’ব লক্ষণীয় । চেন্ট্ৰেল হলৰ বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সহযোগী দলৰ সাংসদ আৰু নেতৃত্বৰ সৈতে মিলিত হোৱা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক: ৯ জুনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে - Narendra Modi To Take Oath As Pm For 3rd Time

নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পৰাজিত হৈও সুখী অজয় ৰায়, ৭৩ বছৰৰ পাছত ভোটৰ হাৰে গঢ়িলে অভিলেখ - Lok Sabha Election Results 2024

উত্তৰ-পূৰ্বাঞ্চলৰ বিফলতাৰ দায়িত্ব স্বীকাৰৰ পৰিৱৰ্তে পুনৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে হিমন্তই : গৌৰৱ গগৈ - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.