ETV Bharat / politics

আগদুৱাৰেদিয়েই ইউ চি চি আনিব অসম চৰকাৰে : ঘোষণা মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 7:57 PM IST

Assam Assembly Budget Session : পিছ দুৱাৰেদি নহয়, আগদুৱাৰেদিয়েই অসম চৰকাৰে ইউ চি চি আনিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিধানসভাৰ বাজেট অধিৱেশনৰ শেষৰ দিনটোত ইউ চি চিক লৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Assam Assembly Budget Session
বিধান সভাৰ মজিয়াত সৰৱমুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
ইউ চি চিক লৈ প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, 26 ফেব্ৰুৱাৰী : পিছ দুৱাৰেদি নহয়, আগদুৱাৰেদিয়েই ইউ চি চি আনিব অসম চৰকাৰে ৷ এই মন্তব্যৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি শেষৰ দিনটোত ইউ চি চিক লৈ বিধানসভাৰ মজিয়াত সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ‘অসম হিলিং (প্ৰিভেনচন অৱ ইভিল) প্ৰেকটিছ বিল, 2024’ বিষয়ক বিতৰ্কৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত কয় যে চৰকাৰে কেৱল অনিষ্টকাৰী উদ্দেশ্যৰে ব্যক্তিয়ে চলোৱা প্ৰথা ৰোধ কৰিবলৈ চেষ্টা কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখযোগ্য যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সদনত অভিযোগ উত্থাপন কৰি কয় যে- হিলিং এক্টৰ দৰে পৰোক্ষ আইন প্ৰণয়নৰ জৰিয়তে ইউ চি চি কাৰ্যকৰী কৰাৰ চেষ্টা কৰিছে ৰাজ্য চৰকাৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিধানসভাত বিৰোধীক প্ৰত্যুত্তৰ দি কয় যে অসম চৰকাৰে ইউনিফৰ্ম চিভিল ক’ড ’আগদুৱাৰে’দিয়েই আনিব ৷ আনহাতে ইউ চি চিয়ে পৰম্পৰাগত প্ৰথা আৰু ৰীতি-নীতি আদিক সামৰি নলয় বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে ৷ বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ আলমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইউনিফৰ্ম চিভিল ক’ডৰ বিষয়ে নিজৰ বক্তব্য আগবঢ়াই কয় যে ইয়াত চাৰিটা প্ৰধান বিষয় সামৰি লোৱা হৈছে য’ত আইনে নিৰ্ধাৰণ কৰা বয়সৰ তলৰ ছোৱালী আৰু ল’ৰাৰ বিবাহ হ’ব নালাগে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সদনত কয় যে ইউ চি চিৰ নিয়ম অনুসৰি: 1) নিৰ্দিষ্ট বয়সৰ তলৰ বিবাহ ৰোধ, 2) বহুবিবাহ নিষিদ্ধ কৰা, 3) পিতৃ-মাতৃৰ পৰা কন্যা সন্তানৰ সম্পূৰ্ণ সম্পত্তিৰ অধিকাৰ লাভ, আৰু 4) লিভ-ইন সম্পৰ্কত থকা দম্পতীৰ বাবে বাধ্যতামূলক পঞ্জীয়ন কৰি তেওঁলোকৰ সন্তানৰ পিতৃ-মাতৃৰ পৰা সম্পত্তিৰ অধিকাৰ নিশ্চিত কৰা ৷

হিলিং এক্টৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ইউ চি চি আৰু হিলিং এক্ট বিলৰ কোনো উমৈহতীয়া ভিত্তি নাই আৰু সেয়েহে ইয়াক একেলগে প্ৰযোজ্য কৰিব নোৱাৰি ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে 1954 চনত ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ড্ৰাগছ আৰু যাদুকৰী প্ৰতিকাৰ (আপত্তিজনক বিজ্ঞাপন) আইনখন আনিছিল ৷ এতিয়া এই বিষয়ৰ ওপৰত প্ৰশ্ন তুলি কংগ্ৰেছে আজি পৰোক্ষভাৱে নেহৰুক সমালোচনা কৰিছে বুলি অভিযোগ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

“জৱাহৰলাল নেহৰুৱে অনা সেই আইন অনুসৰি তাবিজ (মন্ত্ৰ), কৱচ, আৰু যিকোনো মন্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল, যিয়ে যিকোনো ধৰণৰ অলৌকিক শক্তিয়ে কাম কৰে বুলি দাবী কৰে ৷ আমি মন্ত্ৰত বিশ্বাস কৰোঁ, আনকি জনজাতীয় মানুহেও বিশ্বাস কৰে যে মন্ত্ৰত শক্তি আছে ৷ ইতিমধ্যে 1954 চনত জৱাহৰলাল নেহৰুৱে Drugs and Remedies Objectional Actৰ জৰিয়তে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত অসমৰ যাদুৰ দেশ মায়ং ধ্বংস হৈছিল ৷ আমি জনজাতীয় পৰম্পৰা আৰু সংস্কৃতি ধ্বংস কৰিব নিবিচাৰো ৷ আমি এই বিধেয়কখনত নেহৰুৰ কঠোৰতা আনিব খোজা নাই ৷" সদনত বিৰোধীক এইদৰে প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : পুৰণি পেন্সন নীতি পুনঃ প্ৰৱৰ্তনৰ দাবীত উত্তাল সদন, OPS এ দেউলীয়া কৰিব চৰকাৰক- মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.