ETV Bharat / politics

কোলাত কেঁচুৱা থকা মহিলাক ৰোড শ্ব’ৰ পৰা বিৰত থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

ROAD SHOW OF AMIT SHAH: সোমবাৰে সন্ধিয়া প্ৰায় 6.10 মিনিট যোৱাৰ লগে লগে বিশাল আয়োজনেৰে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’ ৷ এই ৰোড শ্ব’ৰ সময়ত জনতাৰ ব্যাপক ভিৰ হোৱাৰ অনুমান কৰা হৈছে ৷ সেয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোলাত কেঁচুৱা লৈ মহিলাসকলক ৰোড শ্ব’ত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনায় ৷

ROAD SHOW OF AMIT SHAH
নলবাৰীত মুখ্য়মন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ
author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 4:14 PM IST

নলবাৰীত মুখ্য়মন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰী, 29 এপ্ৰিল : সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বিয়লিৰ ভাগত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’বলগীয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সন্ধিয়াৰ ভাগত অংশগ্ৰহণ কৰিব এক ৰোড শ্ব’ত ৷ মহানগৰী গুৱাহাটীত মহা আয়োজনেৰে অনুষ্ঠিত হ’ব এই ৰোড শ্ব’ ৷ য’ত প্ৰায় লক্ষাধিক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বিজেপিৰ দলীয় সূত্ৰই ৷

মহানগৰীৰ চাইকেল ফেক্ট'ৰীৰ পৰা লালগণেশলৈ অনুষ্ঠিত হ’বলগীয়া এই ৰোড শ্ব’ৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে দলীয় নেতৃত্বই ৷ জনসাধাৰণৰ অভূতপূৰ্ব ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মহিলাসকলক বিশেষকৈ যাৰ কেঁচুৱা আছে, তেওঁলোকক এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৷

তদুপৰি বয়োজ্যেষ্ঠ লোকসকলকো ৰোড শ্ব’লৈ অহাৰ সলনি ঘৰতে বহি টেলিভিছনৰ পৰ্দাত অনুষ্ঠানটো উপভোগ কৰি গেৰুৱা দলৰ নিৰ্বাচনী প্ৰাৰ্থীক আশীৰ্বাদ জনাবলৈ আহ্বান জনায় ৷ অনাকাংক্ষিত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই এনে পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাইজৰ আগত প্ৰকাশ কৰে ৷ তদুপৰি ৰোড শ্ব’লৈ কোনো লোককে চাকি-বন্তি অনাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে পুৱা নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ভিত্তিত মুগদি-সোণাপুৰত চলাই নিৰ্বাচনী প্ৰচাৰ ৷ 3নং বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হকে নিৰ্বাচনী প্ৰচাৰত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থীগৰাকীৰ সপক্ষে ভোটদান কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই কাৰ্যসূচীত উপস্থিত থাকে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা আদি ৷

লগতে পঢ়ক: মহানগৰীৰ মাজমজিয়াৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মেগা ৰোড শ্ব’ - Lok Sabha Election 2024

আজি মহানগৰীৰ কোনটো পথেৰে নিজৰ গন্তব্যস্থানলৈ যাব ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.