ETV Bharat / politics

বিহালীত ভোটদানৰ পূৰ্বে মুখ্যমন্ত্ৰী আৰু ভূপেন বৰা বিফল হ’ল কোনখিনিত ? - BYE ELECTION 2024

ৰাজনীতিৰ জটিল অংকই দোলা দিছে এইবাৰৰ অসমৰ উপ-নিৰ্বাচনত । উপ-নিৰ্বাচনে সলাব নেকি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট ?

Bye election 2024 equation in Assam
উপ-নিৰ্বাচনৰ নুবুজা সাঁথৰ (File Photo)
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 6:59 AM IST

গুৱাহাটী : মুখ্যমন্ত্ৰীয়ে বিহালীত দিব নোৱাৰিলে নিজৰ একান্ত অনুগত পল্লৱলোচন দাসক বিজেপিৰ প্ৰাৰ্থিত্ব ৷ কংগ্ৰেছৰ ভূপেন বৰাই কথা দিও মিত্ৰদলক এৰিব নোৱাৰিলে বিহালী ৷ নিৰ্বাচনৰ পাছতেই আকৌ অসম সন্মিলিত মৰ্চাৰ লগ লাগিব নেকি কংগ্ৰেছ ? এইবোৰ বিষয়ে এইকেইদিন কোবাই গৈছে অসমৰ ৰাজনৈতিক সচেতন লোকসকলক ।

কিয়নো অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচন হৈ পৰিছে এই সময়ৰ সময়ৰ আটাইতকৈ জটিল নিৰ্বাচন ৷ সাধাৰণতে যিকোনো উপ-নিৰ্বাচন শাসক পক্ষৰ অনুকূলেই থাকে যদিও এইবাৰ উপ-নিৰ্বাচনৰ পৰিস্থিতি সুকীয়া ৷ বিজেপিৰ বাবে ২০২৬ৰ অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই উপ-নিৰ্বাচন বিজেপিৰ বাবে অগ্নি পৰীক্ষা, আনহাতে কংগ্ৰেছৰ বাবে সন্মানৰ যুঁজ ।

এইবাৰৰ নিৰ্বাচনত এক চৰ্চিত বিশেষ বিষয় হ’ল – মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰিলে বিহালীত নিজৰ মনোপচন্দৰ প্ৰাৰ্থী ৷ কংগ্ৰেছৰ দিনৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিবিৰৰ শৃংখলাবদ্ধ সৈনিক পল্লৱলোচন দাসক উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়াত ব্যৰ্থ হ’ল হিমন্ত বিশ্ব শৰ্মা ৷ ভূপেন বৰাই নেতৃত্ব দিয়ো দিব নোৱাৰিলে মিত্ৰ দলক এখন আসন ।

  • বিহালীৰ বিজেপিৰ ৰাজনীতি: কিয় নহ’ল মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ?

বিগত লোকসভা নিৰ্বাচনৰ সময়তেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উপ নিৰ্বাচনৰ সমীকৰণ ৰচনা কৰিছিল ৷ বিপুল চৰ্চিত সেই সমীকৰণ অনুসৰি বিহালীৰ বিধায়ক ৰঞ্জিত দত্তক সাংসদ হিচাপে দিল্লীলৈ প্ৰেৰণ কৰি ঘনিষ্ঠ পল্লৱলোচন দাসক প্ৰাৰ্থিত্ব দিয়াৰ গেম প্লেন পৰ্যন্ত সাজু কৰা হৈছিল ৷

আনকি উপ নিৰ্বাচনৰ পূৰ্বেই পল্লৱলোচন দাসক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব বুলিও দিছপুৰত ব্যাপক চৰ্চা চলিছিল ৷ কিন্তু বিহালীৰ পৰা বলা বিজেপিৰ আভ্যন্তৰীণ বিদ্ৰোহৰ ধুমুহাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো থমকি ৰ’বলৈ বাধ্য কৰালে ৷ চৰ্চা হৈছে যে সাংসদ ৰঞ্জিত দত্তৰ বিৰোধিতাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই পল্লৱলোচন দাসক বিহালী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব নোৱাৰিলে ৷

ৰঞ্জিত দত্তৰ সন্তান আৰু জয়ন্ত বৰা (এতিয়া উপ নিৰ্বাচনত কংগ্ৰেছৰ বিহালীৰ প্ৰাৰ্থী) দুয়োজনেই বিহালীত প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল যদিও মুখ্যমন্ত্ৰীয়ে দিগন্ত ঘাটোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰি ৰঞ্জিত দত্তক নিৰষ্ট্ৰ কৰি যেন একপ্ৰকাৰ মিঠা প্ৰতিশোধ ল’লে ৷

সেইজন জয়ন্ত বৰাই কংগ্ৰেছৰ প্ৰাৰ্থী হৈ এতিয়া বিজেপিৰ আভ্যন্তৰীণ কন্দলৰ কথা উদঙাই বিস্ফোৰক অভিযোগ তুলিছে - “পল্লৱলোচন দাসক টিকট টিকট দিলে মোক তিনি কোটি টকা দি নিৰ্দলীয় প্ৰাৰ্থী কৰাৰ প্ৰস্তাব দিছিল ৰঞ্জিত দত্তই ৷”

লগতে পঢ়ক : চামগুৰি সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইন নে তাঞ্জিল হুছেইন ? ধৰিব পৰা নাই দিপ্লুৰঞ্জন শৰ্মাই

লগতে মুকলি অভিযোগ - মুখ্যমন্ত্ৰীৰ নিজৰ পচন্দৰ প্ৰাৰ্থী পল্লৱলোচন দাসৰ বিৰুদ্ধে ৰঞ্জিত দত্তই ১৩ জন নেতাক লৈ নিজৰ ঘৰত পাতিছিল গোপন বৈঠক । সেয়ে ৰাজনৈতিক মহলৰ চৰ্চা যে বিদ্ৰোহ এৰাই চলিবলৈকে মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰাৰ্থীক বিহালীৰ প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰাই আনিলে ।

  • বিহালীত গৌৰৱৰ আগ্ৰাসী ভূমিকা : পিছ হুহুকিলে ভূপেন বৰা -

ইফালে, মিত্ৰতাৰ প্ৰতি সন্মান জনাই উপ নিৰ্বাচন হ’বলগীয়া অসমৰ ৫ খন আসনৰ ভিতৰত বিহালী আসনখন চি পি আই (এম এল)ক এৰি দিয়াটো প্ৰায় নিশ্চিত কৰিছিল বিজেপি বিৰোধীৰ অসম সন্মিলিত মৰ্চাৰ সভাপতিৰ দায়িত্ব বহন কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ কিন্তু শেষ মুহূৰ্তত বিহালীত এন্ট্ৰি মাৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷

সংসদৰ ৰাজনীতিৰ পৰা ৰাজ্যৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে সক্ৰিয় ভূমিকা লৈ গৌৰৱ গগৈয়ে আৰম্ভণিতেই আগ্ৰাসী ৰূপ ল’লে দলৰ ভিতৰত ৷ প্ৰায় একক কৰ্তৃত্বৰে বিজেপিৰ বিসম্বাদী জয়ন্ত বৰাক যোগদানৰ পূৰ্বেই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ৷

লগতে পঢ়ক : চামগুৰি উপ-নিৰ্বাচন: কোন গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কিমান, কোন কিমান ধনৱান ?

তাৰ পাছতেই বিৰোধী শিবিৰত আৰম্ভ হ’ল ব্যাপক অসন্তুষ্টি ৷ কিন্তু সকলো অসন্তুষ্টিৰ পাছত চি পি আই (এম এল)ৰ বিবেক দাসৰ সলনি প্ৰাৰ্থী হ’ল লক্ষ্মীকান্ত কুৰ্মী ৷ অসম সন্মিলিত মৰ্চাই দলে বলে গৈ বিহালীত লক্ষ্মীকান্ত কুৰ্মীৰ হৈ মনোনয়ন দাখিল কৰিলে ৷

  • পুনৰ মিত্ৰতাৰ বাবে সাজু কংগ্ৰেছ : অখিল গগৈৰ হুংকাৰ গৌৰৱক -

এই সময়ছোৱাতে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দুটা মন কৰিবলগীয়া মন্তব্য কৰিছে ৷ গৌৰৱ গগৈৰ মন্তব্য - “আমি বন্ধুত্ব এৰিব নিবিচাৰো ৷ আমি মিত্ৰতা এৰিব নিবিচাৰো ৷”

লগতে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰো মন্তব্য - “সন্মিলিত মৰ্চা আকৌ গঠন হ’ব ৷ ২০২৬ বিহালী দিয়া হ’ব চি পি আই (এম এল)ক ৷”

বিহালীত জয়ন্ত বৰাৰ কংগ্ৰেছত যোগদান নকৰাকৈয়ে প্ৰাৰ্থিত্ব, বিবেক দাসৰ সলনি লক্ষ্মীকান্ত কুৰ্মীক অসন্তুষ্ট বিৰোধীৰ প্ৰাৰ্থিত্ব আৰু নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তথা বিহালীৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পল্লৱলোচন দাসৰ অনুপস্থিতি – এই আটাইবোৰ সমীকৰণ মিলি এইবাৰৰ উপ নিৰ্বাচন হৈ পৰিছে আটাইতকৈ জটিল উপ নিৰ্বাচন ৷

এই নিৰ্বাচনেই অসমৰ ৰাজনৈতিক দৃশ্যপট সলনি কৰি দিয়াৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ৷ কিয়নো বিৰোধীৰ শিবিৰৰ পৰা সবাতোকৈ সক্ৰিয় ৰূপত কংগ্ৰেছক, বিশেষকৈ গৌৰৱ গগৈক আক্ৰমণ কৰিছে অখিল গগৈয়ে আনকি কংগ্ৰেছে ৰাজহুৱাভাৱে ক্ষমা খুজিলেহে মিত্ৰতাৰ কথা ভাবিব বুলি মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ।

গগৈৰ লগতে মন্তব্য - “মুখ্যমন্ত্ৰী হ’বৰ বাবে পাগলৰ দৰে হৈ পৰিছে । যোৰহাটত আমিয়েই জিকালো । মুখ্যমন্ত্ৰী হ’বৰ বাবে বিৰোধীৰ মিত্ৰতাকেই ভাঙি পেলালে গৌৰৱ গগৈয়ে ৷ ২০২৬ত ৰাইজৰ দলে ১২৬ টা সমষ্টিতেই প্ৰাৰ্থী দিব ৰাইজৰ দলে ৷ কংগ্ৰেছৰ বেয়া হৈ থাকোতে আমাক লাগে ৷ কিন্তু যেতিয়া ফলটো পকে তেতিয়া আমাক নালাগে ৷ আমাক লাথ মাৰি দিয়ে ৷ এনেকৈতো মিত্ৰতা নহয় ৷”

লগতে পঢ়ক : অভিযোগ একেখিনিয়েই, প্ৰাৰ্থী পুত্ৰৰ পৰিৱৰ্তে পুনৰ সংবাদমেল ৰকিবুল হুছেইনৰ

লগতে পঢ়ক :চামগুৰিত কংগ্ৰেছৰ পৰিৱৰ্তে এইবাৰ বিজেপিক সমৰ্থন আলিম সমাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.