তেজপুৰ, ১৮ মাৰ্চ : উত্তৰ অসমৰ শোণিতপুৰ আৰু লখিমপুৰ দুয়োটা সমষ্টিত শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে ভিন্ন প্ৰকাৰৰ ইছ্যু লৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷ লখিমপুৰ লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰা নাই ৷ ইফালে শোণিতপুৰত এগৰাকী চাহ জনগোষ্ঠীয় প্ৰাৰ্থী প্ৰদান কৰিছে দলটোৱে । শোণিতপুৰত বিজেপিৰ ইছ্যু হৈছে সামগ্ৰিক উন্নয়ন ৷ তাৰ বিপৰীতে কংগ্ৰেছ আৰু আপৰ ইছ্যু হৈছে বিজেপিক শাসনৰ পৰা ওফৰোৱা । শোণিতপুৰৰ পাঁচটা বিধানসভা সমষ্টিত শাসকীয় বিজেপি আৰু মিত্ৰজোঁট অগপৰ দখলত আছে ।
শোণিতপুৰ লোকসভা সমষ্টিৰ মুঠ ১৬,২৫,৩৬৪ গৰাকী ভোটাৰৰ ভিতৰত শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত মুঠ ভোটাৰ হৈছে ৯,৫১,২৮৫ গৰাকী । জিলাখনৰ মুঠ পুৰুষ ভোটাৰ ৪,৭৩,০৩৭ গৰাকী আৰু মহিলা ভোটাৰ হৈছে ৪,৭৮,২৪৮ গৰাকী । আনহাতে ১২ নং লখিমপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৫,৬৯,৫৩১ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৭,৮১,৭৯৪ গৰাকী আৰু মহিলা ভোটাৰ হ’ল ৭,৮৪,৪৩২ গৰাকী । সমষ্টি টোত মুঠ ভোটকেন্দ্ৰ হ’ব ১,৭৭৫ টা । মুঠ বিধানসভা সমষ্টি ৯ টা ।
লোকসভা সমষ্টিটোৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ভিতৰত মাজুলী আৰু চাবুৱাক বাদ দি নতুনকৈ ৰঙা নদী আৰু চিচিবৰগাঁও নামেৰে দুটা সমষ্টি গঠন কৰি অন্তৰ্ভুক্ত কৰা হৈছে । সেই অনুসৰি বৰ্তমান লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আছে ৰঙানদী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, চিচিবৰগাঁও, জোনাই, শদিয়া আৰু ডুমডুমা সমষ্টি । নতুন সমষ্টি দুটাক বাদ দিলে আন সাতটা সমষ্টিৰ ছটা সমষ্টিয়েই আছে বিজেপিৰ দখলত । এটা আছে কংগ্ৰেছৰ দখলত ।
- " class="align-text-top noRightClick twitterSection" data="">
নতুন সমষ্টি ৰঙা নদী আৰু চিচিবৰগাঁৱক বাদ দিলে আন সাতটা সমষ্টিৰ নাওবৈচা সমষ্টিটো আছে কংগ্রেছৰ ভৰত নৰহৰ দখলত । আন ছটা সমষ্টি আছে বিজেপিৰ দখলত । লখিমপুৰত মানৱ ডেকা, ঢকুৱাখনাত নৱ দলে, ধেমাজিত ৰণোজ পেগু, জোনাইত ভুৱন পেগু, শদিয়াত বলিন চেতিয়া আৰু ডুমডুমাত আছে ৰূপেশ গোৱালা । এই আটাইকেইটা হ’ল বিজেপিৰ বিধায়কৰ দখলত । শাসকীয় দলৰ বাবে নিজৰ বিধায়ক থকা সমষ্টিকেইটাত সমৰ্থন লাভ কৰাত জটিলতা কমিব যদিও আন তিনিটা সমষ্টিত সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । কিয়নো নাওবৈচা সমষ্টিটো আছে কংগ্রেছৰ ভৰত নৰহৰ দখলত ।
নৱগঠিত ৰঙা নদী সমষ্টিটোত নাওবৈচাৰ সৰহভাগ এলেকা সংযোগ কৰা হৈছে । লখিমপুৰ, বিহপুৰীয়া আৰু নাওবৈচা সমষ্টিৰ বুথ কাটি আনি ৰঙা নদী সমষ্টিটো গঠন কৰা হৈছে । ইয়াৰ সৰহভাগ বুথ নাওবৈচা সমষ্টিৰ । সেয়ে নাওবৈচা সমষ্টিৰ সৰহভাগ বুথ অন্তৰ্ভুক্ত হোৱা ৰঙা নদী সমষ্টিত প্ৰকাৰন্তৰে হ’লেও নাওবৈচা সমষ্টিৰ কংগ্রেছী বিধায়কগৰাকীৰ প্ৰভাৱ থাকিব । শাসকীয় দলৰ বাবে নাওবৈচা নাইবা ৰঙা নদী এই দুয়োটা সমষ্টিত গৰাকী সমৰ্থন লাভ কৰাত জটিলতা আহিব । তেনেদৰে আনটো নতুন সমষ্টি চিচিবৰগাঁও সমষ্টিত কোনে গৰিষ্ঠ সংখ্যক গৰাকীৰ মত আদায় কৰিব তাৰ পূৰ্বানুমান কৰাত জটিলতা সৃষ্টি হৈছে ।
যদিও ঢকুৱাখনা সমষ্টি বিজেপিৰ দখলত আছে তথাপি সমষ্টিটোত কংগ্রেছৰো দখল শক্তিশালী ৰূপত আছে । সেয়ে নাওবৈচা, ৰঙা নদী, চিচিবৰগাঁও, ঢকুৱাখনা আদি সমষ্টিকেইটাত শাসকীয় দলৰ বাবে গৰাকী মত আদায় কৰাত জটিলতা থাকিব । আনহাতে ধেমাজিত একাংশ সাধাৰণ ভোটাৰৰ মূল ইছ্যু হৈছে নামনি সোৱণশিৰীৰ বৃহৎ নদী বান্ধ যাৰ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে যদিও বান্ধৰ প্ৰভাৱ পৰিছে কাষৰীয়া অঞ্চলত । সোৱণশিৰীৰ নদীৰ পানী শুকাই গৈছে আৰু বিগত বৰ্ষত প্ৰকল্পত বৃহৎ ফাট মেলিছিল ৷ কিন্ত এই ঘটনাই কিমানদূৰ প্ৰভাৱ এই নিৰ্বাচনত পেলাই সেয়া এক জটিল প্ৰশ্ন ।আনহাতে লখিমপুৰত এই মুহূৰ্ততলৈকে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদানক লৈ দলে নিশ্চিত কৰিব পৰা নাই গতিকে কি ধৰণেৰে নিৰ্বাচনী যুঁজ আৰম্ভ কৰে সেয়া পৰৱৰ্তী সময়তহে নিশ্চিত হ’ব ।
লগতে পঢ়ক: সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবেই লখিমপুৰ লোকসভা আসন দখল মসৃণ নহ’ব বিজেপি-কংগ্ৰেছৰ বাবে