গুৱাহাটী, ১৬ মাৰ্চ : শনিবাৰে লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰাকক্ষণত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে আজি লোকসভাৰ দুজনকৈ প্ৰাৰ্থী ঘোষণা কৰিছে ৷ ৰাজ্যৰ ১৪ টা সমষ্টিৰ দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিপিএফে ৷ আনহাতে মুঠ ৫ টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন দলটোৱে ।
দৰং- ওদালগুৰি আৰু কোকৰাঝাৰ, এই দুটা সমষ্টিত প্ৰাৰ্থী ঘোষণা বিপিএফৰ । দৰং-ওদালগুৰি সমষ্টিত দুৰ্গা দাস বড়োক প্ৰাৰ্থিত্ব বিপিএফৰ । আনহাতে কোকৰাঝাৰত খাম্ফা বৰগয়াৰীৰ নাম প্ৰাৰ্থীৰূপে ঘোষণা কৰিছে । ইতিমধ্যেই এই দুটা সমষ্টিত নিজা প্ৰাৰ্থী দিব বুলি ঘোষণা কৰিছিল বিপিএফে ৷ ইয়াৰ উপৰিও গুৱাহাটী, শোণিতপুৰ আৰু বৰপেটা সমষ্টিতো বিপিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা চলি আছে বুলি দলটোৰ সূত্ৰৰ পৰা জনা গৈছে ।
দৰং-ওদালগুৰিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দুৰ্গা দাস বড়োৱে বৰ্তমান কলাইগাঁৱৰ বিধায়ক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে । আনহাতে খাম্ফা বৰগয়াৰী হাগ্ৰাম মহিলাৰীৰ কাৰ্যকালত বিটচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য আছিল । বৰ্তমান বিপিএফৰ উপ-সভাপতিৰ দায়িত্বত আছে খাম্ফা বৰগয়াৰী । বিপিএফে এতিয়া প্ৰাৰ্থী ঘোষণা কৰাৰ পিচত স্বাভাৱিকতেই দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টি দুটাত লোকসভা নিৰ্বাচনৰ ৰাজনৈতিক সমীকৰণ মন কৰিবলগীয়া হ’ব । ইতিমধ্যে কোকৰাঝাৰ(ST) সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী গৰ্জন মুছাহাৰী আৰু ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ নাম ঘোষণা কৰিছে ।
আনহাতে আছে বৰ্তমানৰ সমষ্টিটোৰ বৰ্তমানৰ সাংসদ নৱ শৰণীয়া ৷ এককথাত কোকৰাঝাৰত বিপিএফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীকে ধৰি চাৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা নিশ্চিত হৈছে কোকৰাঝাৰত । আনহাতে দৰং-ওদালগুৰি সমষ্টিত দুৰ্গা দাস বড়োৱে যুঁজ দিব লাগিব কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী আৰু বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ বিৰুদ্ধে । মন কৰিবলগীয়া যে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত অসমৰ প্ৰায় আটাইকেইটা লোকসভা আৰু বিধানসভা সমষ্টিত ভোটৰ গাঁথনিৰ আমূল পৰিৱৰ্তন ঘটিছে ৷ তাৰ পিচতো অসমৰ বহু কেইটা সমষ্টিত প্ৰভাৱশালী হৈ আছে বিপিএফৰ ভেটি ৷
বিপিএফে দাবী কৰে যে পূৰ্বে অসমত বিপিএফে মুঠ ১৯ টা বিধানসভা সমষ্টিত ভোটৰ অংকৰে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছিল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত এই সংখ্যা বাঢ়ি গৈ ২১ টা সমষ্টি হৈছেগৈ ৷ এনে প্ৰেক্ষাপটত লোকসভা নিৰ্বাচনতো বিপিএফৰ এই সাংগঠনিক ভেটি যিকোনো দলৰ বাবেই গুৰুত্বপূৰ্ণ হৈছে ৷ ভোটাৰৰ পৰিসংখ্যাৰ চৰ্চা অনুসৰি চাৰিটা লোকসভা সমষ্টিত বিপিএফে এইবাৰ প্ৰভাৱশালী ভূমিকা বিস্তাৰ কৰিব পাৰে ৷ তথ্য অনুসৰি বিটিচিৰ বাহিৰত প্ৰায় ১০ লাখ বড়ো ভোটাৰ আছে ৷ লক্ষণীয় যে এইখিনি ভোটাৰৰ ক্ষেত্ৰত বড়োভূমিৰ ইউপিপিএলতকৈ বিপিএফে আজিৰ তাৰিখলৈকে বেছি প্ৰভাৱ বিস্তাৰ কৰি আহিছে ৷ সেয়ে গুৱাহাটী, বৰপেটা আৰু শোণিতপুৰত বিপিএফে যদি নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰে, তেন্তে এই প্ৰাৰ্থিত্বই ভোটৰ সমীকৰণত কি প্ৰভাৱ পেলায় সেয়া মন কৰিবলগীয়া হ’ব ৷
লগতে পঢ়ক : নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ লগে লগে আদৰ্শ আচৰণ বিধি; কি এই আচৰণ বিধি ?