ETV Bharat / politics

অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে ওম বিৰলাৰ মনোনয়ন পত্ৰ দাখিল - Lok Sabha Speaker election

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:59 PM IST

Updated : Jun 25, 2024, 1:27 PM IST

18th Lok Sabha First Session Day 2 : কোন হ’ব অষ্টাদশ লোকসভাৰ অধ্যক্ষ ? ইতিমধ্যে সকলোতে চলি আছে চৰ্চা ৷ এই চৰ্চাৰ মাজতে অষ্টাদশ লোকসভাৰ অধ্যক্ষ বাবে বিজেপিৰ হৈ ওম বিৰলা আৰু কংগ্ৰেছৰ ফালৰ পৰা কে সুৰেশে মনোনয়ন পত্ৰ দাখিল কৰে ৷

18th Lok Sabha First Session Day 2
অষ্টাদশ লোকসভাৰ অধ্যক্ষৰ বাবে ওম বিৰলাৰ মনোনয়ন পত্ৰ দাখিল (ETV Bharat)

নিউজ ডেস্ক, ২৫ জুন : ওম বিৰলা হ’ব পাৰে অষ্টাদশ লোকসভাৰ অধ্যক্ষ । সূত্ৰ অনুসৰি, আজি (মঙলবাৰ) তেওঁ মনোনয়ন দাখিল কৰে । ওম বিৰলাৰ লগতে কংগ্ৰেছৰ কে সুৰেশেও লোকসভাৰ অধ্যক্ষৰ বাবে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰে ৷

ওম বিৰলা হৈছে ৰাজস্থানৰ কোটাৰ সাংসদ । ওম বিৰলাই ৪০ বছৰতকৈও অধিক সময় ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে । বিজেপিৰ প্ৰবীণ নেতাসকলৰ ভিতৰত ওম বিৰলাক এজন বিশিষ্ট ৰাজনৈতিক নেতা বুলি গণ্য কৰা হয় ৷

ৰাজস্থানৰ কোটাৰ সাংসদ ওম বিৰলা অষ্টাদশ লোকসভাত অধ্যক্ষ পদৰ বাবে বিজেপিৰ প্ৰাৰ্থী হ’ব । ইয়াৰ পূৰ্বে ওম বিৰলা আছিল সপ্তদশ লোকসভাৰ অধ্যক্ষ ৷ ওম বিৰলা যে অষ্টাদশ লোকসভাৰ অধ্যক্ষ হ’ব, সেয়া প্ৰায় নিশ্চিত বুলি বিবেচিত হৈছে ।

যদিহে অষ্টাদশ লোকসভাৰ অধ্যক্ষ হয় ওম বিৰলা, তেন্তে তেওঁ বলৰাম জাখৰৰ পিছত অবিৰতভাৱে অধ্যক্ষ হোৱা দ্বিতীয়জন নেতাত পৰিগণিত হ’ব । ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত একেৰাহে দুটা কাৰ্যকালৰ বাবে অধ্যক্ষ হৈছিল কংগ্ৰেছ নেতা বলৰাম জাখৰ ।

১৯৮০ চনত প্ৰথমবাৰৰ বাবে লোকসভাৰ অধ্যক্ষ হয় বলৰাম জাখৰ । ইয়াৰ পাচতে তেওঁ ১৯৮৪ চনত পুনৰ লোকসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় আৰু ১৯৮৯ চনলৈকে অধ্যক্ষ হৈ থাকে ।

উল্লেক্য যে, ওম বিৰলা ১৯৯১ চনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি পদত অধিষ্ঠিত হয় । ১৯৯৭ চনত বিৰলা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হয় । তাৰ পাচত ২০০৩ চনত প্ৰথমবাৰৰ বাবে কোটা দক্ষিণ বিধানসভাৰ আসনৰ পৰা জয়লাভ কৰি ওম বিৰলাই ৰাজস্থান বিধানসভাত প্ৰৱেশ কৰে ।

২০০৮ চনত দ্বিতীয়বাৰৰ বাবে কোটা দক্ষিণৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় ওম বিৰলা । ২০১৩ চনত তেওঁ একেৰাহে তৃতীয়বাৰৰ বাবে বিধানসভাত নিজৰ স্থান অটুট ৰাখিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : লোকসভাৰ অধ্যক্ষ নিৰ্বাচন : আজি মনোনয়ন দাখিলৰ সম্ভাৱনা এন ডি এৰ প্ৰাৰ্থীৰ, ২৬ জুনত নিৰ্বাচন - Lok Sabha Speaker election

Last Updated : Jun 25, 2024, 1:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.