ETV Bharat / politics

জে পি নাড্ডাই এৰিলে হিমাচলৰ ৰাজ্যসভাৰ সদস্য পদ

author img

By ANI

Published : Mar 5, 2024, 9:57 AM IST

JP Nadda resign: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শেহতীয়াকৈ গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে । ইয়াৰ পিচতে তেওঁ হিমাচলৰ ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে । বিজেপিয়ে পশ্চিমবংগৰ আছানচোল সমষ্টিৰ বাবে মনোনীত কৰা ভোজপুৰী কণ্ঠশিল্পী পৱন সিঙে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ।

JP Nadda resign
জে পি নাড্ডাই এৰিলে হিমাচলৰ ৰাজ্যসভাৰ সাংসদ পদ

নেশ্যনেল ডেস্ক,৫ মাৰ্চ : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ জে পি নাড্ডাই সোমবাৰে হিমাচল প্ৰদেশৰ ৰাজ্যসভাৰ সাংসদ পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে । ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ক তেওঁ পদত্যাগ পত্ৰ প্ৰদান কৰে । ৰাজ্যসভাই অধ্যক্ষই ইতিমধ্যে তেওঁৰ পদত্যাগ গ্ৰহণ কৰিছে ।

ৰাজ্যসভাৰ এক চৰকাৰী বিবৃতি অনুসৰি হিমাচল প্ৰদেশ ৰাজ্যক প্ৰতিনিধিত্ব কৰা ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য জগত প্ৰকাশ নাড্ডাই তেওঁৰ আসনৰ পৰা পদত্যাগ কৰে আৰু সোমবাৰে তেওঁৰ পদত্যাগ ৰাজ্যসভাৰ অধ্যক্ষই গ্ৰহণ কৰে । উল্লেখ্য যে শেহতীয়াকৈ জে পি নাড্ডা গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে । জানিব পৰা মতে তেওঁ গুজৰাটৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈ থাকিব ।

ইফালে জনপ্ৰিয় ভোজপুৰী কণ্ঠশিল্পী পৱন সিঙে পশ্চিমবংগৰ আছানচোল সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাৰ এদিন পিচতে লোকসভাৰ দৌৰৰ পৰা তেওঁৰ নাম প্ৰত্যাহাৰ কৰে । এক্সৰ এটা পোষ্টত কণ্ঠশিল্পীগৰাকীয়ে এই কথা নিশ্চিত কৰি লিখিছে যে তেওঁ বিশেষ কাৰণত এই নিৰ্বাচনৰ পৰা আঁতৰি গৈছে । তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি আন্তৰিক কৃতজ্ঞতাও জ্ঞাপন কৰে । দলটোৱে তেওঁৰ প্ৰতি বিশ্বাস দেখুৱাইছে আৰু পশ্চিমবংগৰ আছানচোলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । কিন্তু তেওঁ আছানচোলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে ।

দেওবাৰে, তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বাৰানগৰৰ বিধায়ক তাপস ৰয়েও দলৰ পৰা পদত্যাগ কৰে । দলৰ ভিতৰত সন্মানৰ অভাৱৰ বাবে তেওঁ পদত্যাগ কৰাৰ কথা ঘোষণা কৰে । তেওঁ উল্লেখ কৰা মতে দলত্যাগৰ কেইবাটাও কাৰণ আছে । সেইবোৰৰ ভিতৰত আছে বিভিন্ন কেলেংকাৰী, সন্দেশখালি ঘটনা আৰু অপমান । তেওঁ উল্লেখ কৰা মতে শেহতীয়াকৈ ইডিয়ে তেওঁৰ ফ্লেটত অভিযান চলাইছিল । কিন্তু সেই সময়ত দলৰ পৰা কোনেও বিবৃতি দিয়া নাছিল বা তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতিবলৈ আগবাঢ়ি অহা নাছিল । সেয়ে তেওঁ দু:খিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :দুদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.