ETV Bharat / politics

ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে কংগ্ৰেছ বিধায়ক ৰছিদ মণ্ডলে : গুৰুতৰ অভিযোগ বিজেপিৰ - Ronjib Kumar Sharma

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 6:51 PM IST

BJP Press Meet : কংগ্ৰেছৰ বিধায়ক ৰছিদ মণ্ডলৰ বিৰুদ্ধে সোচ্চাৰ বিজেপি ৷ ৰহিংগীয়া সন্দৰ্ভত কংগ্ৰেছৰ বিধায়কগৰাকীয়ে কৰা মন্তব্যক গৰিহণা দি ইয়াক ৰাষ্ট্ৰদ্ৰোহৰ পৰ্যায়ৰ বুলি অভিহিত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ ।

ROHINGYA REFUGEE CRISIS
ৰাজ্যিক বিজেপিৰ আহ্বায়ক ৰঞ্জীৱ কুমাৰ শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

লখিমপুৰ, 3 আগষ্ট : "কংগ্ৰেছৰ বিধায়ক ৰছিদ মণ্ডলে ৰহিংগীয়া সন্দৰ্ভত মন্তব্য কৰি ৰাষ্ট্ৰদ্ৰোহৰ আচৰণ কৰিছে ৷ ৰহিংগীয়াসকল আহিলে ভাৰতৰ বাবে ভাবুকি নহয় বুলি মন্তব্য কৰি তেওঁলোকক আদৰণি জনোৱাৰ আহ্বান কৰিছে ৷ কংগ্ৰেছৰ বিধায়ক ৰছিদ মণ্ডলৰ এই মন্তব্য গৰিহণাযোগ্যই নহয়, ই ৰাষ্ট্ৰদ্ৰোহ ৷ তেওঁৰ বক্তব্যই ভাৰতবৰ্ষৰ সংবিধানক অৱমাননা কৰিছে ৷" এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ ৷ শনিবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰে বিজেপি নেতাজন ৷

কংগ্ৰেছৰ বিধায়ক ৰছিদ মণ্ডলৰ বিৰুদ্ধে সোচ্চাৰ ৰঞ্জীৱ কুমাৰ শৰ্মা (ETV Bharat Assam)

তেওঁ কয় যে, যি কংগ্ৰেছে ভাৰতৰ সংবিধান হাতত লৈ নিৰ্বাচন খেলিছে সেই দলৰ বিধায়কৰ মন্তব্যই সংবিধানক অৱমাননা কৰিছে ৷ দেশৰ সামাজিক আন্তঃগাঠনি ধ্বংসৰ ষড়যন্ত্ৰ কৰা হৈছে ৷ বিশেষকৈ অসমখনক অবৈধ মিঞা মুছলমানৰ হাতত তুলি দিয়াৰ ষড়যন্ত্ৰত তেওঁ লিপ্ত হৈছে বুলি অভিযোগ কৰি ৰঞ্জীৱ কুমাৰ শৰ্মাই আৰু কয়, "ইয়াৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আব্দুল খালেকেও এনেধৰণৰ মন্তব্য কৰিছিল ৷ ৰহিংগীয়াৰ কাৰণে তেওঁ জীৱন দিম বুলি কৈছিল ৷ তেনে বক্তব্যৰ বিৰুদ্ধে কংগ্ৰেছ দলে কোনো ধৰণৰ অনুশাসনমূলক ব্যবস্থা গ্ৰহণ নকৰিলে ৷ কংগ্ৰেছৰ তেনে নীতি-আদৰ্শৰ ধাৰাবাহিকতা ৰক্ষা কৰি এতিয়া ৰছিদ মণ্ডলে একেই মন্তব্য কৰি ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷ তেওঁৰ এই বক্তব্যই কেৱল সংবিধানকে অবমাননা কৰা নাই ৷ দেশৰ নীতি-নিয়ম, ন্যায়ালয়, আইন আদি সকলোকে অৱমাননা কৰিছে ৷ এই কাৰ্য গৰিহণাযোগ্যই নহয়, ই ৰাষ্ট্ৰদ্ৰোহ ৷"

বাজেট সন্দৰ্ভত আয়োজন কৰা এই সংবাদমেলত বিজেপি নেতাজনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ উন্নয়নৰ বাবে লোৱা কেতবোৰ পদক্ষেপ নজিৰ বিহীন বুলি উল্লেখ কৰে ৷ তেওঁ কয়, "স্বাধীনতাৰ পাচত ড৹ শৰ্মা এনে এজন মুখ্যমন্ত্ৰী যিজনে বাজেটৰ বাহিৰত গৈয়ো ৰাজ্যৰ উন্নয়নৰ হকে বহু আঁচনি কেন্দ্ৰৰ পৰা অনুমোদন কৰি আনিছে ৷ অসমৰ উন্নতিৰ কাৰণে তেওঁ ক’তো কেতিয়াও অৱহেলা কৰা নাই ৷ দিল্লীত বাহৰ পাতি তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে বৈঠক কৰি অসমৰ বাবে বহু আঁচনি অনুমোদন কৰাই আনিছে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এনে ভূমিকাৰ বাবে তেওঁক সকলোৱে কৃতজ্ঞতা জনোৱা উচিত ৷"

বাজেট সন্দৰ্ভত তেওঁ কয়, "বাজেটত দেশৰ কিছু ৰাজ্যৰ নাম থকাৰ বিপৰীতে অসমৰ নাম নাই বুলি বহুতে অভিযোগ কৰিছে ৷ কিন্তু নাম নাথাকিলেও অসমৰ উন্নয়নৰ হকে বহু আঁচনি অনুমোদন হৈছে ৷ তেওঁ উদাহৰণ দি কয় আই আই টি, আই আই এম আদি সৰ্বভাৰতীয় পৰ্যায়ৰ অনুষ্ঠানসমূহ অসমে লাভ কৰিছে ৷ কোনোধৰণৰ আন্দোলন আদি নোহোৱাকৈ অসমে আই আই এম পালে ৷ যাৰ বাবে পুনে, আহমেদাবাদ আদি আগশাৰীৰ মহানগৰৰ একে শাৰীলৈ উন্নয়ন হ’ব গুৱাহাটীৰ ৷ বাজেটে এটা শক্তিশালী পৰিকাঠামো সৃষ্টি কৰিব ৷"

লগতে পঢ়ক : ৰাহুল গান্ধীৰ পৰা কি ফৰ্মূলা শিকিব ড৹ হিমন্ত বিশ্ব শৰ্মাই ? - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.