নলবাৰী, 2 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত পুনৰ এবাৰ পৰিলক্ষিত হৈছে ন-পুৰণিৰ সংঘাত ৷ দলটোত কিছুদিন পূৰ্বে আৰম্ভ হোৱা ন-পুৰণি সংঘাত এতিয়াও যে প্ৰশমিত হোৱা নাই তাকেই প্ৰতিফলিত কৰিছে প্ৰাক্তন বিধায়ক তথা জ্যোষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ মন্তব্যত ৷ বৰপেটা লোকসভা সমষ্টি মিত্ৰ দল অসম গণ পৰিষদক এৰি দিয়াৰ পিচতেই ক্ষোভিত হৈ পৰিছে বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা ৷
- " class="align-text-top noRightClick twitterSection" data="">
বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই টিকট বঞ্চিত হৈ এতিয়া সংবাদ মাধ্যমৰ আগত উজাৰিলে ক্ষোভ ৷ তেওঁ কয় যে, সৌ সিদিনালৈকে দলৰ ৰাজ্যিক সভাপতিয়ে সমষ্টিটো বিজেপিৰেই হ’ব বুলি কৈ আছিল ৷ কিন্তু ৰাজ্যিক বিজেপিৰ কথা নৰজিল ৷ তেওঁক টিকট দিব লাগিব বুলি ভাবিয়েই সমষ্টিটো অগপক এৰি দিছে বুলি মন্তব্য কৰে অশোক শৰ্মাই ৷ এই ক্ষেত্ৰত ষড়যন্ত্ৰৰ বলি হোৱা বুলি হোৱা বুলি কৈ তেওঁ ইয়াত প্ৰতিক্ৰিয়া বা দুখ প্ৰকাশ কৰিব লগা কি কথা আছে বুলি উল্লেখ কৰে বিজেপি নেতাজনে ৷
তেওঁ পুনৰ কয়- "যি সকলে আজি মোৰ ওপৰত অত্যাচাৰ কৰিছে তেওঁলোক নিশ্চিতভাৱে এদিন নিঃশেষ হৈ যাব ৷ তেতিয়া দলটো আমিয়েই চাব লাগিব, সেয়েহে এতিয়াও দলৰ প্ৰতি সেৱা আগবঢ়াই গৈছো ৷" মুখত 'চেল’ টেপ' লগোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, 30 বছৰ আগৰে পৰা দলৰ কাম কৰা বহু মানুহ এতিয়াও আছে ৷ জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাৰ কথা উল্লেখ কৰি অশোক শৰ্মাই ক্ষোভ প্ৰকাশ কৰি কয় যে, তেওঁ বিজেপিৰ জন্মলগ্নৰে পৰা আছে ৷ তেওঁক আজি অৱহেলিত কৰা হৈছে ৷ কিন্তু তেওঁক স-সন্মানেৰে এটা স্থান দিব পাৰিলেহেতেন বুলি কয় অশোক শৰ্মাই ৷ লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ কথা উল্লেখ কৰি তেওঁ কয় যে, তেওঁ ৰাজ্যিক সভাপতি আছিল, চাৰিবাৰকৈ সাংসদ আছিল, কেন্দ্ৰীয় মন্ত্ৰীও আছিল ৷ তেখেতক দলে এটা সন্মান দি ৰাখিব পাৰিলেহেতেন বুলিও ক্ষোভ উজাৰিলে প্ৰাক্তন বিধায়কজনে ৷
আনহাতে জ্যেষ্ঠ বিজেপি নেতাজনে কয় যে, মানুহক এতিয়া ভয়ে চুইছে আৰু সেই কাৰণে মনে মনে আছে ৷ গণতন্ত্ৰ আছে নে নাই, মানুহ ভীতিগ্ৰস্ত হৈছে নে নাই সকলোৱে জানে ৷ কিন্তু দায়িত্বৰ খাতিৰত বা কিবা হেৰুৱওৱাৰ ভয়ত সেই কথাখিনি কোৱা নাই বুলি মন্তব্য কৰে তেওঁ ৷ লগতে "এই দলটো আমি কৰিছিলো" বুলি উল্লেখ কৰি তেওঁ কয় দলে মোক বহুত দিছে ৷ গতিকে এই ক্ষেত্ৰত ত্যাগ কৰাৰ কথা নকয় বুলি কয় তেওঁ ৷ কিন্তু তেওঁৰ লগত কাম কৰা বহুতেই এতিয়াও পোৱা নাই বুলি উল্লেখ কৰি যাৰ বাবে তেওঁ মনে মনে থাকিব লগা হয় ৷ কাৰণ মুখ খুলিলে তেওঁলোক বঞ্চিত হ’ব পাৰে বুলি মন্তব্য কৰে অশোক শৰ্মাই ৷
কাৰো নাম উল্লেখ নকৰাকৈ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কয়- "অহংকাৰ হ’লে পতন হ’ব, আৰু পতন হ’লে তেওঁলোকতকৈ বেছি কষ্ট হ’ব আমাৰ ৷ কাৰণ দলটো তেওঁলোকে গঠন কৰা নাছিল, লালিত-পালিত কৰা নাছিল ৷ তেওঁলোক অস্তিত্বহীন হোৱাৰ পিচতহে আমাৰ ওচৰলৈ আহিছিল ৷ কিয় তেওঁলোকে ন বছৰৰ আগৰ কথা পাহৰি গ’ল ৷"
উল্লেখ্য যে, বৰপেটা লোকসভা সমষ্টি বিজেপি দলে মিত্ৰ দল অগপক এৰি দিয়াৰ পিচতেই এইদৰে ক্ষোভ প্ৰকাশ কৰিছে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৷ জ্যেষ্ঠ নেতাক বৰ্তমান দলৰ মজিয়াত কোনো গুৰুত্ব দিয়া নহয় বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন বিধায়কজনে ৷ অশোক শৰ্মাৰ এই মন্তব্যই ৰাজ্যিক বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ প্ৰতি জ্যেষ্ঠ নেতাৰ তীব্ৰ অসন্তষ্টিকে পুনৰ এবাৰ প্ৰতিফলিত কৰিছে ৷
লগতে পঢ়ক : কাৰ দখলত থাকিব লখিমপুৰ লোকসভা সমষ্টি, শাসক-বিৰোধীৰ তৎপৰতা