ETV Bharat / politics

যোৰহাটৰ ফলাফলে সলনি কৰিছে ৰাজনৈতিক প্ৰেক্ষাপট : বিজেপিৰ টাৰ্গেট এটা বিশেষ সম্প্ৰদায়ক ! - Politics of religious frenzy

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 7:35 PM IST

Communal politics: ধৰ্মীয় উন্মাদনাৰ ৰাজনীতি । যোৰহাটৰ পৰাজয়ৰ পাচত উদ্বিগ্ন বিজেপি দল আৰু চৰকাৰৰ । পঞ্চায়ত আৰু ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ৰণকৌশল বিজেপিৰ । ধৰ্মীয় মেৰুকৰণৰ বিশেষ কৌশল । ভোট আদায়ৰ নতুন কৌশলৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি বক্তব্য মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

Communal politics
বিজেপিৰ টাৰ্গেট এটা বিশেষ সম্প্ৰদায়ক (ETV Bharat Assam)

গুৱাহাটী, ২৮ জুন: সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পাচতে ৰাজ্যৰ ৰাজনৈতিক বাতাবৰণ সলনি হ'বলৈ ধৰিছে । বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ ফলাফলে সলনি কৰিছে ৰাজনৈতিক প্ৰেক্ষাপট । বৃদ্ধি পাইছে ধৰ্মীয় উন্মাদনা । যোৰহাটৰ পৰাজয়ক সহজভাৱে ল'ব পৰা শাসকীয় বিজেপি দলে । নিজৰ ভোট বেংক বুলি গণ্য কৰি অহা উজনিত ভোট হ্ৰাস পোৱাক লৈ একপ্ৰকাৰ উদ্বিগ্ন হৈ পৰিছে বিজেপি দল আৰু চৰকাৰ ।

সন্মুখত উপনিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন, তাৰ পিচত ২০২৬ চনত বিধানসভা নিৰ্বাচন । গতিকে তেনেস্থলত বিজেপি দল আৰু চৰকাৰ শংকিত হোৱাটো স্বাভাৱিক । আনহাতে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে একচেটিয়াভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হোৱাৰ উপৰিও বহু বিধানসভা সমষ্টিত খিলঞ্জীয়া লোকৰো সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে এতিয়া হিন্দু আৰু মুছলমানৰ ৰাজনীতি প্ৰকট হৈ পৰিছে । ধৰ্মীয় উন্মাদনাৰ এক বাতাবৰণ গঢ়ি তোলা হৈছে ।

মুখ্যমন্ত্ৰীৰ বক্তব্যত টাৰ্গেট এটা বিশেষ সম্প্ৰদায়ক:

অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজপেয়ী ভৱনত আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক লক্ষ্য কৰি লৈছিল । কংগ্ৰেছক ভোট দিয়া ৯৯ শতাংশ লোক বাংলাদেশী মূলৰ মুছলমান বুলি মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত হোৱা কেতবোৰ ঘটনাৰ প্ৰসংগৰে সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈছিল ।

লগতে পঢ়ক: সংখ্যালঘুৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ক্ষোভৰ উদগীৰণ : সমগ্ৰ অসমখন দখল কৰাৰ লক্ষ্য বাংলাদেশী মূলৰ মুছলমানৰ ! - Himanta Biswa Sarma

মুখ্যমন্ত্ৰীৰ মতে অসমৰ বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লক্ষ্য আগন্তুক ১০ বছৰত সমগ্ৰ অসমখন দখল কৰা । নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা বাবে ৰাজ্যখনৰ বিজেপি চৰকাৰ মাত্ৰ এমাহ নিষ্ক্ৰিয় হৈ থাকোতেই তিনিটাকৈ ভয়ংকৰ আগ্ৰাসনৰ কাণ্ড চলালে সংখ্যালঘু লোকসকলে । মুখ্যমন্ত্ৰীয়ে একপ্ৰকাৰে সংখ্যালঘু লোকসকল কংগ্ৰেছৰ পক্ষত থকাৰ কথা কৈ হিন্দুসকলক ভৱিষ্যতৰ পৰিস্থিতিৰ আভাস দি বিজেপিৰ পক্ষত একত্ৰিত হোৱাৰ এক বাৰ্তা দিব বিচাৰিছে ।

মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই মন্ত্ৰী পীযুষ হাজৰীকাৰো টাৰ্গেট সংখ্যালঘু সম্প্ৰদায়ক:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাচতে মন্ত্ৰী পীযুষ হাজৰীকায়ো এটা বিশেষ সম্প্ৰদায়ৰ প্ৰসংগৰে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক টাৰ্গেট কৰা পৰিলক্ষিত হৈছে । প্ৰথমতে মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে নিৰ্বাচনৰ সময়ৰ আৰু পাচৰ কেতবোৰ ঘটনাৰ প্ৰসংগ উল্লেখ কৰে । লগতে ঘটনাৰ লগত জড়িত সকলৰ নাম উল্লেখ কৰি বিশেষ সম্প্ৰদায়টোক উদ্দেশ্য কৰি খিলঞ্জীয়াৰ ওপৰত চলা অত্যাচাৰৰ বৰ্ণনা কৰে ।

তাৰ পিচত সাংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে যোৰহাট সমষ্টিত বিজেপি দলৰ পৰাজয় আৰু কংগ্ৰেছৰ জয়ৰ পাচৰে পৰা এটা বিশেষ সম্প্ৰদায় অসমৰ বিভিন্ন ঠাইত আক্ৰমণাত্মক হৈ উঠিছে । বৃহস্পতিবাৰে নলবাৰীত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হাজৰীকাই নাম উল্লেখ নকৰাকৈয়ে এটা বিশেষ সম্প্ৰদায়ক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো মন্ত্ৰীজনৰ অভিযোগক মুকলিভাৱে সমৰ্থন কৰি সেই বিশেষ সম্প্ৰদায়টোৰ বিৰুদ্ধে ধর্ষণ, দলবদ্ধ আক্ৰমণৰ দৰে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: প্ৰসংগ সাম্প্ৰদায়িক বক্তব্য : মন্ত্ৰী পীযুষ হাজৰীকাক যোৱা তিনি বছৰৰ অপৰাধৰ তথ্য় বিচাৰিলে বিধায়ক ৰফিকুল ইছলামে - Pijush Hazarika controversial post

মন্ত্ৰী পীযুষ হাজৰীকাৰ অভিযোগ, ‘‘অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ লোকসকলে আক্ৰমণ কৰিছে । অসমীয়াক বা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । এয়া আমাৰ বাবে অশনি সংকেত । চৰকাৰে এনে কাৰ্য কঠোৰ হাতেৰে দমন কৰাৰ বাবে চেষ্টা চলাইছে । ৰাইজেও এইবিলাক কথা ভাবিব লাগে ।’’

আনহাতে মন্ত্ৰী পীযুষ হাজৰীকাৰ অভিযোগক সমর্থন জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়, ‘‘তিনি বছৰে শান্ত হৈ থকা অসমখনক কিছুমান বিশেষ লোকে লাহে লাহে অশান্ত কৰাৰ বাবে আগবাঢ়িছে । লোকসভা নিৰ্বাচনৰ পাচত এনে কেইবাটাও ঘটনা সংঘটিত হৈছে । মাজবাট, ঢেকিয়াজুলি, কোকৰাঝাৰ, বৰপেটা আদিত ধর্ষণ, সংঘবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এই বিষয়টোৱে আমাক চিন্তিত কৰিছে । ইয়াৰ উত্তৰ আমি বিচাৰি উলিয়াম । সামাজিক পৰ্যায়ত ৰাইজে চিন্তা কৰিব লাগে যে কিহৰ কাৰণে এই সকল লোকে হঠাৎ মূৰ দাঙি উঠিলে ।’’

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুছলমান ভোটাৰক লৈ চিন্তিত মুখ্যমন্ত্ৰী ! - Lok Sabha Election Results 2024

ইফালে আজি পুনৰ মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমযোগে এটা ভিডিঅ' আপলোড কৰি টাৰ্গেট কৰিছে বিশেষ সম্প্ৰদায়টোক । কিছু দিনৰ আগতে ধিঙৰ এটা ঘটনাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এটা বিশেষ সম্প্ৰদায়ৰ লোকসকল কেনেদৰে অসহিষ্ণু হৈ আক্ৰমণকাৰীৰ ৰূপত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিছে ।

উজনিক লৈ কিয় উদ্বিগ্ন বিজেপি ?

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ শংকিত হৈ পৰিছে বিজেপি । নিজৰ ভোটবেংক বুলি গণ্য কৰি অহা উজনিত এইবাৰ হ্ৰাস পালে বিজেপিৰ ভোট । যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯ টা বিধানসভাৰ উপৰি লখিমপুৰ লোকসভাৰ এটা বিধানসভা সমষ্টিত বিজেপিয়ে কংগ্ৰেছতকৈ কম ভোট লাভ কৰিছে । আনহাতে ডিব্ৰুগড় সমষ্টিত বিৰোধীৰ ভোট বিভাজিত নহ'লে ডিগবৈ, নাহৰকটীয়া বিধানসভা সমষ্টিত বিজেপিৰ অৱস্থা বেয়া হ'লহেঁতেন ।

বিধানসভা নিৰ্বাচনলৈ মাজত আৰু দুটা বছৰো বাকী নথকা অৱস্থাত শাসকীয় দলটোৱে এনেদৰে নিজৰ ভোট বেংক হেৰুৱাবলগীয়া হোৱাক লৈ এতিয়া দলটোৰ ভিতৰচৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে লখিমপুৰ লোকসভা সমষ্টিত নতুনকৈ গঠন কৰা ৰঙানদী বিধানসভা সমষ্টিতো বিজেপিয়ে বিৰোধীতকৈ মাত্ৰ কেইহাজাৰ মানহে অধিক ভোট লাভ কৰিছে । এনে পৰিস্থিতিত উজনিৰ কেইবাগৰাকীও বিজেপিৰ জিলা সভাপতিক অব্যাহতি দি নতুন সভাপতি নিযুক্তি দিয়াৰো চিন্তা-চৰ্চা চলিছে দলটোৰ ভিতৰচ'ৰাত । সন্মুখত পঞ্চায়ত নিৰ্বাচন । ইয়াৰ ওপৰত নিৰ্ভৰ কৰিছে ২০২৬ৰ বিধানসভা নিৰ্বাচন ।

লগতে পঢ়ক: বন্ধুত্বৰ বাবে বিজেপিয়ে এখোজ আগুৱালে অসমৰ সংখ্যালঘু ভোটাৰে এখোজ পিচুৱাই দিয়ে: কলিতাৰ উপলব্ধি - Bhabesh Kalita slams Congress

ইতিমধ্যে আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উজনি অসমৰ গুৰুত্বপূৰ্ণ সমষ্টিসমূহত অন্য ধৰণে চিন্তা-চৰ্চা কৰিছে শাসকীয় দলটোৱে । আন এক ৰাজনৈতিক কূট-কৌশল সাজু কৰিবলৈ দলটোৰ একাংশ শীর্ষ নেতৃত্বই পর্যালোচনা কৰিছে । ইফালে দলীয় সূত্ৰই সদৰী কৰা অনুসৰি পঞ্চায়ত নিৰ্বাচনতো যদি লোকসভাত কম ভোট পোৱা বিজেপিৰ সমষ্টিসমূহত ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰে তেনেহ'লে উক্ত সমষ্টিসমূহৰ বিধায়ককেইজনক দলে বিধানসভাৰ প্ৰাৰ্থিত্ব নিদিবও পাৰে ।

লক্ষণীয় বিষয় যে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত হিতেন্দ্ৰনাথ গোস্বামীৰ দখলত থকা যোৰহাট, ৰূপজ্যোতি কুৰ্মীৰ দখলত থকা মৰিয়নী, সুশান্ত বৰগোহাঁইৰ দখলত থকা ডিমৌ (থাওৰা), ধৰ্মেশ্বৰ কোঁৱৰৰ দখলত থকা সোণাৰি, মন্ত্ৰী যোগেন মহনৰ দখলত থকা মাহমৰা আৰু অগপৰ ৰেণুপমা ৰাজখোৱাৰ দখলত থকা টীয়কত বিজেপিয়ে কংগ্ৰেছতকৈ কম ভোট লাভ কৰিছে ।

লগতে পঢ়ক: যোৰহাটত বিজেপি-কংগ্ৰেছৰ যুঁজ হোৱা নাছিল, ৱেভ ভোটতহে গৌৰৱ গগৈ জিকিছে : ৰণজিৎ দাস - Ranjeet Kumar Dass in Sivasagar

উল্লেখ্য যে যোৰহাট সমষ্টিটো নিজৰ দখললৈ অনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা, অশোক সিংহাল, অজন্তা নেওগ, ডাঃ ৰণোজ পেণ্ড, বিধায়ক দিগন্ত কলিতা, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, পল্লৱ লোচন দাস, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আদিকে ধৰি বিজেপিৰ প্ৰায়বোৰ শীৰ্ষ নেতাই ব্যাপক প্ৰচাৰ চলাইছিল । কিন্তু ইয়াৰ পাচতো তেওঁলোকে জয়ী কৰাব নোৱাৰিলে দলীয় প্ৰার্থীগৰাকীক ।

আনহাতে কংগ্ৰেছতকৈ অধিক ভোট পালেও মাজুলী সমষ্টিকলৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে । কিয়নো ভুৱন গামৰ দখলত থকা মাজুলী সমষ্টিত বিজেপি দলে সৰ্বাধিক ভোট লাভ কৰিব বুলি আশা কৰিছিল । কংগ্ৰেছতকৈ কমেও ৭০-৮০ হাজাৰ অধিক ভোট লাভ কৰিব বুলি ভবাৰ পাচতো সমষ্টিটোত মাত্ৰ ৬,৫৮৬ টাহে অধিক ভোটহে গেৰুৱা দলটোৱে লাভ কৰিবলৈ সক্ষম হয় ।

লক্ষণীয়ভাৱে উজনিৰ কেইবাটাও বিধানসভা সমষ্টিত বিজেপিয়ে আশা কৰা ধৰণে খিলঞ্জীয়াৰ ভোট লাভ কৰিবলৈ সক্ষম নহ'ল । যাৰ বাবে এতিয়া বিজেপি দল আৰু চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি খিলঞ্জীয়া লোকসকলৰ সমৰ্থন আদায়ৰ প্ৰয়াসত অৱতীৰ্ণ হৈছে বুলি সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ ।

লগতে পঢ়ক: নগাঁৱত কিয় পৰাস্ত হ'ল বিজেপি ? ৰূপম গোস্বামীৰ পোষ্টমৰ্টেম - BJP Black Day Observed in Nagaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.