ETV Bharat / politics

ভূপেন বৰাৰ সভাত অথন্তৰ : হিমন্ত বিশ্ব শৰ্মাই মানুহ পঠিয়াই নেকি অথন্তৰ লগাবলৈ ? - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Bhupen Borah: ভূপেন বৰাৰ সভাত ছাউণ্ডৰ সমস্যা কৰিবলৈ মানুহ পঠিয়াই নেকি হিমন্ত বিশ্ব শৰ্মাই ? কি কি অথন্তৰে দেখা দি আহিছে ভূপেন বৰাৰ ক্ষেত্ৰত ? সঁচাকৈয়ে ভূপেন বৰাৰ ব্যক্তিগত সহায়কে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি বৃহৎ পৰিমাণৰ নগদ ধন লৈ গৈছিল নেকি ? উত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

BHUPEN BORAH ON HIMANTA BISWA SARMA
তেজপুৰত প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰা
author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 10:13 PM IST

তেজপুৰত প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰা

তেজপুৰ, ১১ এপ্ৰিল : তেজপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাত লাগিল অথন্তৰ ৷ তেজপুৰ বান্দৰমাৰীত দলীয় প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ প্ৰচাৰ চলোৱা সভাত ৰাহুল গান্ধীৰ কথা ক’বলৈ লওতেই বন্ধ হৈ গ’ল মাইক্ৰ’ফোন ৷ লগে লগে ছাউণ্ড ছিষ্টেম চলোৱা লোকজন হিমন্ত বিশ্ব শৰ্মাই পঠিওৱা বুলি সন্দেহ হয় ভূপেন বৰাৰ ৷ সেই সন্দেহ উপস্থিত ৰাইজৰ সন্মুখত প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাইজৰ ওচৰত আক্ষেপ কৰে ‘‘মোৰ সদায় এনেকুৱাই হয় ৷ কেতিয়াবা হেলিকপ্টাৰ পৰিবলৈ নাপায় ৷ কেতিয়াবা মাইকত ছাউণ্ড কমি যায় ৷ কেতিয়াবা কাৰেণ্ট গুচি যায় ৷’’ সংবাদ মাধ্যমৰ সন্মুখত বৰাই সেই সন্দৰ্ভত কয় যে তেওঁ বিহপুৰীয়া সমষ্টিত এখন হেলিপেড বনাইছিল, কিন্তু দুদিনধৰি হেলিকপ্টাৰখন তাত লেণ্ড কৰিবলৈ নিদিলে ৷ মুখ্যমন্ত্ৰীৰ সভা আছে বুলি মিছাকৈ কৈ তেওঁক হেলিকপ্টাৰ লেণ্ড কৰিবলৈ নিদিলে বুলি অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে যে প্ৰতি কিল’গ্ৰাম চুপাৰিত মুখ্যমন্ত্ৰীয়ে 30 টকাকৈ লয় ৷ এই কথা ৰাহুল গান্ধীক কৈছিল বুলি মন্তব্য কৰে ভূপেন বৰাই ৷ এই অভিযোগ উত্থাপন কৰি ভূপেন বৰাই কয় যে সামগ্ৰীৰ দামবৃদ্ধিৰ মূল কাৰণ হৈছে ছিণ্ডিকেট ৷

ছিণ্ডিকেটৰ টকাৰেই বিজেপিয়ে নিৰ্বাচন খেলি আছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ভূপেন বৰাই ৷ ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ব্যক্তিগত সহায়কক গ্ৰেপ্তাৰৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁ ৷ নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত বৃহৎ পৰিমাণৰ নগদ ধনসহ গ্ৰেপ্তাৰ কৰা হৈছিল জিন্তু হাজৰিকা নামৰ এজন যুৱকক ৷

সেই সন্দৰ্ভত ভূপেন বৰাই কয়, ‘‘মোৰ ব্যক্তিগত সহায়কৰ নাম দেৱজিৎ ডেকা ৷ তেওঁ আছে গুৱাহাটীত ৷ যিগৰাকী যুৱকক আটক কৰিছে তেওঁ হৈছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক জিন্তু হাজৰিকা ৷ মই জনা মতে তেওঁৰ হাতত টকা নাছিল ৷ এম আৰ এফ টায়াৰৰ এগৰাকী মেনেজাৰৰ হাততহে টকাখিনি আছিল ৷ তেওঁৰ গাড়ীতহে টকা আছিল ৷ যাৰ টকা তেওঁ হিচাপ দিব ৷ হিচাপ দিব নোৱাৰিলে আইনগত শাস্তি হ’ব ৷’’

লগতে পঢ়ক: লক্ষাধিক টকাসহ আটক ভূপেন বৰাৰ ব্যক্তিগত সহায়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.