ETV Bharat / politics

বিজেপিয়ে দেশৰ সংবিধানৰ পবিত্ৰতা নাইকিয়া কৰিছে : পৱন সিং ঘাটোৱাৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Sonitpur LS seat : বৰ্তমান কংগ্ৰেছৰ নেতৃত্বত সাল-সলনি হোৱাৰ সম্ভাৱনা নাই বুলি মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ ৷ শোণিতপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী আৰু আপৰ প্ৰাৰ্থীৰ মাজত বুজাবুজি হোৱা বুলি ওলোৱা খবৰ সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰে তেওঁ ৷

SONITPUR LS SEAT
বিজেপিক সমালোচনা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ
author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 6:31 PM IST

তেজপুৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ নিৰ্বাচনী প্ৰচাৰ

তেজপুৰ, 4 এপ্ৰিল : বৰ্তমান সকলো ৰাজনৈতিক দলে আয়াৰাম-গায়াৰামক গুৰুত্ব দিয়াতকৈ নিজৰ ৰাজনৈতিক আদৰ্শত বিশ্বাস কৰা কৰ্মীসকলক নিৰ্বাচনী যুঁজত নমালে নিশ্চয় আদৰ্শগত ৰাজনীতি আগবঢ়াই লৈ যোৱাত বহুখিনি সহায়ক হ’ব ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান কংগ্ৰেছৰ নেতৃত্বত সাল-সলনি হোৱাৰ সম্ভাৱনা নাই ৷ কিন্তু যিকোনো ৰাজনৈতিক দলত সময় সাপেক্ষে নেতৃত্বৰ পৰিৱৰ্তন হয় ৷ পৰিৱৰ্তন নোহোৱাটো অস্বাভাৱিক কথা ৷

তেওঁ কয় য়ে, শোণিতপুৰৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জু বিগত 20 বছৰ ধৰি একেটা দলতেই আছে আৰু তেওঁ প্ৰাৰ্থিত্ব পোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় ৷ আনহাতে শোণিতপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী আৰু আপৰ প্ৰাৰ্থীৰ মাজত বুজাবুজি হোৱা বুলি ওলোৱা খবৰ সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰি তেওঁ কয় যে এয়া বিৰোধীৰ ভুৱা প্ৰচাৰ ৷ ঘাটোৱাৰে লগতে কয় যে, বৰ্তমান বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কোটি কোটি টকাৰ ধন সংগ্ৰহ কৰিছে, কংগ্ৰেছে কৰা নাই ৷ ভাৰতবৰ্ষৰ ৰাজনীতিৰ ইতিহাসত 70 বছৰে কংগ্ৰেছে বিজেপি বা আন ৰাজনৈতিক দলৰ একাউণ্ট ফ্ৰীজ কৰি হাৰাশাস্তি কৰা নাই যি আজি বিজেপি দলে কৰিছে বুলি তেওঁ কয় ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত গঢ় লৈ উঠা শিল্প-উদ্যোগ, বিভিন্ন প্ৰতিষ্ঠান সমূহ বিজেপিয়ে আম্বানী আৰু আদানীক বিক্ৰী কৰি দিছে ৷ তেওঁ অভিযোগ কৰি কয় যে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত নামাকৰণ কৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ এতিয়া আদানী বিমানবন্দৰ হিচাবে চিহ্নিত হৈছে ৷ এইয়া অসমৰ বাবে অতি লজ্জাৰ কথা বুলি তেওঁ কয় ৷ আনহাতে কংগ্ৰেছৰ প্ৰতি ভোটাৰ ৰাইজৰ সঁহাৰি যথেষ্ট ভাল বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে ৷

লগতে পঢ়ক : কংগ্ৰেছত অব্যাহত খহনীয়া : পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে - Romen Borthakur Resigns Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.