নগাঁও, 4 মাৰ্চ : হয়, এসময়ত সশস্ত্ৰ সংগ্ৰামৰ তেওঁ আছিল এগৰাকী শক্তিশালী নেতা । কিন্তু সশস্ত্ৰ সংগ্ৰাম এৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্যকালতে অৰ্থাৎ 2000 চনতে মূলসূঁতিলৈ উভতি আহি এতিয়া লোকসভা নিৰ্বাচনৰ বাবে বিজেপি দলৰ পৰা লাভ কৰিছে প্ৰাৰ্থিত্ব । এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক লৈ ।
- " class="align-text-top noRightClick twitterSection" data="">
এসময়ত সুৰেশ বৰা আছিল আলফা নেতা । কিন্তু সশস্ত্ৰ সংগ্ৰাম এৰি মূলসূঁতিলৈ উভতি আহিয়েই সেই সময়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অতি ঘনিষ্ঠ হৈ পৰিছিল সুৰেশ বৰা । সেই সময়ত অগপ দলৰো এগৰাকী নেতা আছিল সুৰেশ বৰা । পৰৱৰ্তী সময়ত অৰ্থাৎ ২০০১ চনতে ক্ষমতাচ্যুত হোৱা প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে সম্পৰ্কৰ ফাঁট মেলিছিল প্ৰতিষ্ঠিত ব্যৱসায়ী সুৰেশ বৰাৰ । যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছিল প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালৰ ক্ষমতাশালী মন্ত্ৰী ৰকিবুল হুছেইনে আৰু সুৰেশ বৰাই ২০১১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যোগদান কৰিছিল কংগ্ৰেছ দলত ।
কংগ্ৰেছ দলত যোগদান কৰিয়েই সুৰেশ বৰাই বঢ়মপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধেই অৱতীৰ্ণ হৈছিল নিৰ্বাচনী যুঁজত । ২০১১ চনত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে কংগ্ৰেছৰ সুৰেশ বৰাই 39,933 টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই লাভ কৰিছিল 55,889 টা ভোট । অৰ্থাৎ প্ৰথমটো নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগত 15,956 টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিছিল সুৰেশ বৰাই । সেই সময়ৰ পৰাই সুৰেশ বৰাই বঢ়মপুৰ সমষ্টিটো প্ৰফুল্ল কুমাৰ মহন্তৰ হাতৰ পৰা দখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল ।
একেদৰে পৰৱৰ্তী ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতো প্ৰফুল্ল কুমাৰ মহন্ত বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰে সুৰেশ বৰাই । ২০১৬ চনৰ নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই লাভ কৰিছিল 65,768 টা ভোট । ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰিছিল 60,599 টা ভোট । অৰ্থাৎ দ্বিতীয়বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈয়ো সুৰেশ বৰা পৰাজিত হৈছিল 5,169 টা ভোটৰ ব্যৱধানত । কিন্তু ২০১৬ চনৰ নিৰ্বাচনত পৰাজয় বৰণ কৰা ভোটৰ ব্যৱধানৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছিল ।
পৰৱৰ্তী ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো তৃতীয়বাৰৰ বাবে একেটা সমষ্টিৰ পৰাই প্ৰাৰ্থিত্ব লাভ কৰিছিল সুৰেশ বৰাই । কিন্তু ২০২১ চনত প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিবৰ্তে সুৰেশ বৰাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ সৈতে । তৃতীয়বাৰৰ নিৰ্বাচনত বিজেপিৰ জিতু গোস্বামীৰ লগত মাত্ৰ 751 টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল সুৰেশ বৰা । 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জিতু গোস্বামীয়ে লাভ কৰিছিল 70,111 টা ভোট । বিপৰীতে কংগ্ৰেছৰ সুৰেশ বৰাই লাভ কৰিছিল 69,360 টা ভোট ।
তিনিটাকৈ বিধানসভা নিৰ্বাচনত একেৰাহে পৰাজয় বৰণ কৰা সুৰেশ বৰাক পৰৱৰ্তী সময়ত নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰে দলটোৱে । কিন্তু বিগত বৰ্ষৰ 23 নৱেম্বৰত কংগ্ৰেছ এৰি বিজেপি দলত যোগদান কৰে সুৰেশ বৰাই । বিজেপি দলত যোগদান কৰিয়েই নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈয়ো সক্ষম হয় সুৰেশ বৰাই । দলৰ প্ৰাৰ্থিত্ব লাভ কৰি এতিয়া ব্যাপক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে সুৰেশ বৰা ।
এইবাৰ লোকসভা নিৰ্বাচনত নতুনকৈ গঠিত নগাঁও লোকসভা সমষ্টিৰ ভোটাৰে সুৰেশ বৰাক জয়ী কৰাই নে নাই সেয়া নিৰ্বাচনী ফলাফলতহে স্পষ্ট হ’ব ।
লগতে পঢ়ক : উন্নয়ন দেখি সংখ্যালঘূসকল এইবাৰ বিজেপিৰ লগত থাকিব: সুৰেশ বৰা