ETV Bharat / politics

সমগ্ৰ দেশতে বিজেপিক সকলোৱে আদৰি লৈছে : সৰ্বানন্দ সোণোৱাল - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 6:11 PM IST

Dibrugarh Lok Sabha constituency : ডিব্ৰুগড় লোকসভা সমষ্টিত বিজয়ৰ শেষ হাঁহি মাৰিয়েই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সৰ্বানন্দ সোণোৱালে । বৃহৎ ব্যৱধানত জয়লাভ কৰিলেও সকলো কৃতিত্ব দিলে প্ৰধানমন্ত্ৰীক ।

Sarbananda Sonowal
বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল (ETV BHARAT ASSAM)

ডিব্ৰুগড়, ৪ জুন : অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই বহুচৰ্চিত ডিব্ৰুগড় লোকসভা সমষ্টিত বিজয়ৰ শেষ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে । বিগত কেইবামাহ ধৰি এই সমষ্টিটোত দুই প্ৰাক্তন আছু নেতাৰ মাজত কোনগৰাকীয়ে আধিপত্য় বিস্তাৰ কৰিব তাকে লৈ ৰাজনৈতিক মহলত চলিছিল ব্য়াপক চৰ্চা । অপেক্ষা আছিল মাথো ৪ জুনলৈ । অসমৰ প্ৰেক্ষাপটত প্ৰথমটো জয়ৰ খবৰ ওলাল ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ৷ ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে নিকটতম প্ৰতিদ্বন্দ্বী অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক ভোটযুদ্ধত পৰাজিত কৰে ৷ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে 2,66,041 টা ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয় ।

সৰ্বানন্দ সোণোৱালে লাভ কৰে 6,69,253 টা ভোট ৷ আনহাতে, অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে সমষ্টিটোৰ পৰা ভোট লাভ কৰে 4,03,212 টা । এই সমষ্টিটোত আম আদমী পাৰ্টিৰ মনোজ ধানোৱাৰে লাভ কৰে 1,31,794 টা ভোট ৷ এই বিজয়ৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সৰ্বানন্দ সোণোৱাল কয়,"দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ ৰাইজে আশ্বাস আৰু বিশ্বাসত লৈছে ।" সমষ্টিটোৰ পৰা জয়লাভ নিশ্চিত হোৱাৰ পাচতে ডিব্ৰুগড়ৰ ৰাইজক ধন্যবাদ জনালে সৰ্বানন্দ সোণোৱালে । তেওঁৰ ১০ বছৰীয়া শাসনত ৰাইজ উপকৃত হৈছে । সেয়েহে ৰাইজে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰিছে নৰেন্দ্ৰ মোদীক । সমগ্ৰ দেশতে বিজেপিক সকলোৱে আদৰি লৈছে ।"

১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিজয় নিশ্চিত হোৱাৰ পিচতেই দলীয় কৰ্মী-সমৰ্থক সকলৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক উছাহ ৷ ষ্ট্ৰং ৰূমৰ বাহিৰত সমবেত হয় শ শ বিজেপি নেতা-কৰ্মী ৷ জয়লাভ নিশ্চিত হোৱাৰ পাছতে ডিব্ৰুগড়ৰ লাহোৱাল পলিটেকনিকত স্থাপন কৰা ভোট গণনা কেন্দ্ৰত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল । দলীয় কৰ্মীসকলে বিহু গাই ফটকা ফুটাই আদৰণি জনাই প্ৰাৰ্থীগৰাকীক ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

লগতে পঢ়ক:অসমৰ নিৰ্বাচনী যুঁজৰ ফলাফল : ডিব্ৰুগড়ত জিকিল সোণোৱাল - LOK SABHA ELECTION RESULTS 2024

এগজিট প'ল ভুল প্ৰমাণিত কৰিব নিৰ্বাচনী ফলাফলে: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election Results 2024

নিশ্চিত জয়ৰ দিশে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.