ETV Bharat / politics

অসমত আপৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাক লৈ শংকিত বিজেপি: আতিশী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 6:36 PM IST

Atishi slams BJP: অসমৰ দুয়োগৰাকী আপৰ প্ৰাৰ্থীলৈ ভয় খাইছে বিজেপিয়ে । যাৰ বাবে প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী আদি উবুৰি খাই পৰিছে অসমত । এই মন্তব্য আপৰ নেত্ৰী আতিশীৰ ।

AAP candidates in Assam
Lok Sabha Election 2024
আপৰ নেত্ৰী আতিশীৰ সংবাদমেল

তেজপুৰ, ১০ এপ্ৰিল: কৃষ্ণৰ জন্ম হৈছিল কংসক নিঃশেষ কৰিবলৈ, বিজেপিয়ে জানে যে অৰবিন্দ কেজৰিৱাল জেলত থাকিলে তেওঁলোক সুৰক্ষিত, সেই বাবেই অৰবিন্দ কেজৰিৱালক বিজেপিয়ে জেলত ভৰাই ৰাখিছে । বিজেপিয়ে দিল্লীত হয়তো ৰাষ্ট্ৰপতি শাসন আনিব পাৰে এয়া কোনো নতুন কথা নহয় । গেৰুৱা দলটোৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিল দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লিনাৰ

"অসমৰ দুখন লোকসভা আসনত আম আদমী পাৰ্টিৰ প্ৰাৰ্থিত্বক লৈ সংকটত পৰিছে ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্ব । ফলস্বৰূপে বিজেপিৰ কেন্দ্ৰীয় নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰোড শ্ব' কৰিবলৈ বাধ্য হৈছে । এয়াই নহয়, অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিবলৈ বাধ্য হৈছে ।" এই মন্তব্য দিল্লীৰ শিক্ষামন্ত্ৰী তথা আপৰ নেত্ৰী আতিশীৰ ।

বুধবাৰে বিয়লি তেজপুৰ হোটেল গ্ৰীণউডত অনুষ্ঠিত এক সংবাদমেলত দিল্লীৰ মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে অসমৰ ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ শংকিত হৈ পৰিছে । তেজপুৰত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিণন্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি তেওঁ কয় যে যোৱা দুটা দিনত অসমত থাকি নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁ দেখা পাইছে যে আপৰ প্ৰাৰ্থীয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক কঠিন প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে ।

তেওঁ কয় যে সেই বাবেই অসমত বিজেপিয়ে প্ৰশাসনক বিজেপিৰ হৈ কাম কৰিবলৈ বাধ্য কৰিছে । কাৰণ আপৰ ৰেলী তিনিচুকীয়া লৈ যাবলৈ দিয়া হোৱা নাই । প্ৰথমে অনুমতি লোৱাৰ পিচতো আপক অনুমতি নিদি বিজপিক অনুমতি দিয়া হৈছে । চাহ বাগিচাৰ কৰ্মীক ৩৫১ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া দাবোল ইঞ্জিন চৰকাৰে CAA ৰ জৰিয়তে বিদেশৰ পৰা অহা লোকক মাটিৰ পট্টা দিবলৈ সাজু হৈছে বুলি অভিযোগ তোলে আতিশীয়ে ।

তেওঁ আৰু কয় যে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগেই বিৰোধী পাৰ্টীক জেলত ভৰাই দিয়া হৈছে । যিটো ঘটনা পাকিস্তানত ইমৰান শ্বাহৰ লগত হৈছিল বা বাংলাদেশ, চুদান আৰু ৰাছিয়াৰ নিচিনা দেশত হৈছিল, সেইটো ভাৰতত হ'বলৈ ধৰিছে । এয়া তানাশ্বাহী বুলি অভিহিত কৰিছে আতিশীয়ে । আনহাতে আম আদমি পাৰ্টীৰ অসমৰ প্ৰভাৰী ৰাজেশ শৰ্মাই কয় যে অসম ৰাজহ আৰু লোনৰ ওপৰত চলি আছে । অসমত মাফিয়াৰাজ চলি থকা বুলি দাবী কৰি জনসাধাৰণে ইয়াৰ উত্তৰ দিব বুলিও তেওঁ কয় ।

আতিশীয়ে কয় যে অৰবিন্দ কেজৰিৱালৰ জামিন নোহোৱাৰ কাৰণ হৈছে Prevention of money laundering Act ৷ কিন্তু আপে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আজি গোচৰ ৰুজু কৰিছে । সংবাদমেলত শোণিতপুৰ লোকসভাৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য আৰু আপৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীও উপস্থিত থাকে ।

লগতে পঢ়ক: আপলৈ ভয় কৰিছে বিজেপিয়ে ! তিনিচুকীয়াত দিল্লীৰ শিক্ষামন্ত্ৰীৰ মন্তব্য - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.