ETV Bharat / politics

উত্তৰ-পূৰ্বাঞ্চলত সাংগঠনিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে বিজেপিৰ বৈঠক - BJP Meeting In Guwahati

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 10:02 PM IST

BJP Organising Meeting: উত্তৰ-পূব বিজেপিৰ উজানবজাৰস্থিত কাৰ্যালয় পদ্ম ভৱনত ৰুদ্ধদ্বাৰ বৈঠক। সাংগঠনিক ভেটি সুদৃঢ় কৰাত বিশেষ গুৰুত্ব । লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত পর্যালোচনা । ‍আগন্তুক দিনৰ বাবে পৰিকল্পনা । পঞ্চায়ত নির্বাচন আৰু উপ-নির্বাচনৰ ৰণকৌশল সন্দৰ্ভতো আলোচনা । সোমবাৰে বিজেপিৰ নিৰ্বাচন কমিটীৰ বৈঠক।

BJP Organising General Secretary
গুৱাহাটীত বিজেপিৰ বৈঠক (ETV Bharat Assam)

গুৱাহাটী, ১১ আগষ্ট : বিগত নিৰ্বাচনৰ পৰ্যালোচনা আৰু ভৱিষ্যতৰ পৰিকল্পনা যুগুত কৰাৰ লক্ষ্যৰে গুৱাহাটীত অনুষ্ঠিত হৈছে বিজেপিৰ বৈঠক । উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ দলীয় বিষয়ববীয়াৰে দুদিনীয়া কাৰ্যসূচীৰে এই বৈঠক অনুষ্ঠিত হৈছে । গুৱাহাটীৰ উজান বজাৰস্থিত পদ্ম ভৱনত দেওবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ দায়িত্ব থকা প্ৰদেশৰ ৰাজ্যিক সভাপতি, ৰাজ্যিক প্ৰভাৰীৰ লগতে ৰাজ্যিক সামাজিক মাধ্যম, সংবাদ বিভাগ আৰু তথ্য প্ৰযুক্তি বিভাগৰ আহ্বাহকসকলৰ সৈতে গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠক অনুষ্ঠিত হয় ।

দেওবাৰে একেলগে আৰু পৃথকে পৃথকে কেইবাখনো বৈঠক অনুষ্ঠিত হয় । উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক, মুখ্য মুখপাত্ৰ, সংবাদ বিভাগৰ তত্ত্বাৱধায়ক সকলৰ লগতে ৰাজ্যিক সামাজিক মাধ্যমৰ আহ্বায়ক, সামাজিক মাধ্যমৰ তত্ত্বাৱধায়ক সকলৰ লগত বৈঠক অনুষ্ঠিত হয় । ৰাজনৈতিক প্ৰেক্ষাপটত সামাজিক মাধ্যমৰ ব্যৱহাৰৰ এক বিশেষ ভূমিকা আছে । সামাজিক মাধ্যমৰ ব্যৱহাৰ আৰু গুৰুত্বৰ ওপৰত আজিৰ বৈঠকত বিশদভাৱে আলোচনা কৰা হয় ।

উক্ত বৈঠকত আগন্তুক দিনবোৰত সামাজিক মাধ্যম কোষৰ কাৰ্যপদ্ধতি আৰু কৰণীয় সম্পৰ্কে কাৰ্যকৰ্তা সকলৰ লগত আলোচনা কৰা হয় । চৰকাৰৰ জনকল্যাণমূলক আঁচনি তথা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনোৱা হয় । আগন্তুক দিনত দলৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী কৰাৰ স্বাৰ্থত কার্যকর্তাসকলে নিজৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিব যাবলৈ নেতৃত্বই আহ্বান জনায় ।

বিজেপিৰ নিৰ্বাচন কমিটীৰ বৈঠক :

ইফালে, সোমবাৰে বিজেপিৰ নিৰ্বাচন কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব । কইনাধৰাত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত উপনিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনকলৈ আলোচনা কৰা হ'ব । উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰ বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ দলীয় বিষয়ববীয়াৰে বৈঠকত মিলিত হৈছে । এই বৈঠকত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পর্যালোচনা কৰাৰ লগতে আগন্তুক নিৰ্বাচনসমূহৰ ক্ষেত্রত ৰণকৌশল প্ৰস্তুতৰ ওপৰত আলোচনা কৰা হয় ।

আগন্তুক দিনৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা :

আজি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সংবাদ বিভাগৰ আহ্বায়ক, মুখ্য মুখপাত্ৰ, সংবাদ বিভাগৰ তত্ত্বাৱধায়ক সকলৰ লগতে ৰাজ্যিক সামাজিক মাধ্যমৰ আহ্বায়ক, সামাজিক মাধ্যমৰ তত্ত্বাৱধায়ক সকলৰ আলোচনা কৰা হয় । বিশেষকৈ সংবাদ বিভাগৰ ভূমিকা আৰু আগন্তুক দিনৰ পৰিকল্পনা সন্দৰ্ভত বিশদ আলোচনা কৰা হয় । এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি এম চুবা আও, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা, উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক সম্বিত পাত্ৰ, সহ-সংযোজক ভি মুৰলীধৰণ, ৰাষ্ট্ৰীয় সংবাদ বিভাগৰ সহঃ আহ্বানক সঞ্জয় প্ৰকাশ ময়ুখ উপস্থিত থাকে ।

উল্লেখ্য যে পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনৰ লগতে বিধানসভাৰ আগত উপ-নির্বাচন আৰু ইয়াৰ সমান্তৰালকৈ সাংগঠনিকদিশৰ বিষয়ে পর্যালোচনা কৰিবলৈ অসমলৈ আহিছে বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ । দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদকগৰাকীয়ে শনিবাৰে প্ৰথম দিনা কেইবাখনো বৈঠকত মিলিত হৈ সাম্প্ৰতিক সাংগঠনিক পৰিস্থিতি তথা নির্বাচনী বাতাবৰণক লৈ আলোচনা কৰে ।

উত্তৰ-পূব বিজেপিৰ উজান বজাৰস্থিত কাৰ্যালয় পদ্ম ভৱনত অনুষ্ঠিত প্রথমখন বৈঠকত বি এল সন্তোষে আলোচনা কৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ দলীয় সভাপতি, প্ৰভাৰী আৰু সাংগঠনিক সাধাৰণ সম্পাদকসকলৰ সৈতে । উক্ত বৈঠকত বি এল সন্তোষে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফলৰ বিষয়ে পর্যালোচনা কৰে । উত্তৰ-পূৰ্বাঞ্চলৰ ২৫ টা লোকসভা সমষ্টিত বিজেপিয়ে ক'ত কিমান ভোট লাভ কৰিছে সেয়া বিধানসভা সমষ্টি ভিত্তিত তন্নতন্নকৈ পর্যালোচনা কৰে বি এল সন্তোষে ।

উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ দলীয় সভাপতি, সাংগঠনিক সম্পাদক আৰু প্ৰভাৰীয়ে নিজ নিজ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ বিষয়ে বিস্তৃতভাৱে তথ্য দাঙি ধৰে বৈঠকত । আনহাতে, অসমৰ পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভাৰ আগৰ উপ-নিৰ্বাচনৰ ৰণকৌশলক লৈ অসম প্রদেশ বিজেপিৰ সভাপতি, সাংগঠনিক সাধাৰণ সম্পাদক আৰু প্ৰভাৰীৰ সৈতে আলোচনা কৰে বি এল সন্তোষে । আগন্তুক সময়ত সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে ৰাজ্যিক কমিটীৰ মুৰব্বীসকলক ।

কোষাধ্যক্ষসকলৰ সৈতে বৈঠক :

ইয়াৰ পিচতে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কোষাধ্যক্ষসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে । উক্ত বৈঠকত তেওঁ ৰাজ্যিক কমিটীকেইখনৰ বিত্তীয় দিশৰ বিষয়ে বুজ লয় । আনহাতে, আন এখন বৈঠকযোগে বি এল সন্তোষে আলোচনা কৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ দলীয় কাৰ্যালয় সম্পাদক তথা কাৰ্যালয়ৰ দায়িত্বত থকা কার্যকৰ্তাসকলৰ সৈতে । তেওঁলোকৰ সৈতেও বিভিন্ন সাংগঠনিক দিশ আলোচনা কৰি দলক শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক সক্রিয় হ'বলৈ নির্দেশ দিয়া হয় । আজি বি এল সন্তোষে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মিডিয়া আৰু ছ'চিয়েল মিডিয়া বিভাগৰ দায়িত্বত থকা দলীয়কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হৈ কেতবোৰ নিৰ্দেশনা দিয়ে ।

লগতে পঢ়ক:ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা : অসমৰো দুখন আসনৰ বাবে হ'ব নিৰ্বাচন - Rajya Sabha elections 2024

বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ নাহিল সৰ্বানন্দ সোণোৱাল - STATE BJPS EXTENDED EXECUTIVE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.