ETV Bharat / politics

244 (A) অনুচ্ছেদ ৰূপায়ণৰ প্ৰতিশ্ৰুতি কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:18 AM IST

Diphu Lok Sabha Constituency: ডিফু লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰথম আৰু বিজেপি দ্বিতীয় হ’ব বুলি দাবী ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ । ডিফু লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাবে ইংলেংক প্ৰক্ষেপ কৰাৰ পিচতে সোমবাৰে ডিমা হাছাও জিলাৰ হাফলঙত উপস্থিত হয় কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী ৷

Assurance of Congress candidate Joyram Engleng Congress govt will implement Article 244 A
244 (A) অনুচ্ছেদ ৰূপায়ণৰ প্ৰতিশ্ৰুতি কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ
244 (A) অনুচ্ছেদ ৰূপায়ণৰ প্ৰতিশ্ৰুতি কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেঙৰ

হাফলং 18 মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তৎপৰতা বাঢ়িছে শাসক-বিৰোধী নেতা-কৰ্মীৰ ৷ সোমবাৰে ডিফু লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী জয়ৰাম ইংলেঙে হাফলঙত এখন সংবাদমেল সম্বোধন কৰি সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত দলটোৰ ৰণনীতি তথা বিভিন্ন এজেণ্ডা প্ৰকাশ কৰে ।

সংবিধানৰ 244 (A) অনুচ্ছেদ অনুসৰি কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা মিলি পৃথক স্বায়ত্তশাসিত ৰাজ্য গঠনৰ ইছ্যুলৈ দলটো নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি সংবাদমেলত উল্লেখ কৰে ইংলেঙে ৷ কংগ্ৰেছ নেতা জয়ৰাম ইংলেং কয়, "ডিফু লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটৰ বাবে 5 গৰাকী নেতাই আবেদন কৰিছিল যদিও কংগ্ৰেছ দলে কেৱল এজনকহে প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰিছে’’ ।

তেওঁ কয়, ‘‘বিজেপিৰ কোনো ঢৌ নাই ৷ কিছু সংবাদ মাধ্যমে বিজেপি দলটোৰ বেছি প্ৰচাৰ কৰে আৰু কংগ্ৰেছ দলৰ নেতিবাচক খবৰ অধিক প্ৰচাৰ কৰে ৷ এইবাৰ ডিফু লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰথম আৰু বিজেপি দ্বিতীয় হ’ব ৷"

সংবাদমেলত কয় কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ কয়, "ইয়াত বিভিন্ন জাতি-জনগোষ্ঠী আৰু বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ বসবাস কৰি আছে আৰু তেওঁলোকৰ সংবিধান প্ৰদত্ত অধিকাৰ আছে । ধৰ্ম নিৰপেক্ষতা বৰ্তাই ৰাখি আমাৰ মাজতে বন্ধন আৰু শক্তিশালী কৰি তুলিব লাগিব । সামাজিক ব্যৱস্থা অটুট ৰাখি শান্তি বৰ্তাই ৰাখি উন্নয়নৰ দিশে আগুৱাই যাব লাগিব আৰু কাৰ্বি-আংলং ডিমা হাছাওক শক্তিশালী কৰিব লাগিব তেতিয়াহে অসমৰ লগতে ভাৰত শক্তিশালী হ’ব ৷"

  • " class="align-text-top noRightClick twitterSection" data="">

সমাগত নিৰ্বাচনলৈ লক্ষ্য ৰাখি কাৰ্বি-আংলং, পশ্চিম কাৰ্বি-আংলং, ডিমা হাছাও এই তিনিওখন জিলাতে সৰ্বসাধাৰণ লোকৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মত বিনিময় কৰে বুলি সোমবাৰে সংবাদ মাধ্যমৰ আগত জনায় ইংলেঙে ।

লগতে পঢ়ক: নগাঁৱত চলিছে নেকি প্ৰদ্যুৎ বৰদলৈক একাষৰীয়া কৰাৰ ষড়যন্ত্ৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.