গুৱাহাটী, ১১ মে’ : অসমৰ কোনটো সমষ্টিত কিমান ভোট পৰিল সেই কথা জনাৰ সকলোৰে নিশ্চয় ইচ্ছা থাকে । তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে এই বিশেষ প্ৰতিবেদন । অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ধুবুৰী সৰ্বাধিক ৯২.০৮ শতাংশ আৰু লখিমপুৰত সৰ্বনিম্ন ৭৪.৪২ শতাংশ ভোটদান হৈছে। আনহাতে ১৪ টা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৮১.৫৬ শতাংশ ।
উল্লেখ্য যে, অসমৰ ১৪ টা লোকসভা সমষ্টিত ইতিমধ্যে তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে । ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত, ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত আৰু ৭ মে'ত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হয় । প্ৰথম পৰ্যায়ত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয় আৰু প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৭৮.২৫ শতাংশ ।
আনহাতে, দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয় আৰু এই পাঁচটা সমষ্টিত ভোটদানৰ হাৰ আছিল ৮১.১৭ শতাংশ । তৃতীয় পৰ্যায়ত গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু ধুবুৰী সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয় আৰু এই চাৰিটা সমষ্টিত ভোটদানৰ হাৰ আছিল ৮৫.৪৫ শতাংশ ।
ইফালে বিধানসভা সমষ্টি অনুসৰি সৰ্বাধিক ভোটদান হোৱা সমষ্টিটো হৈছে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বীৰসিং জাৰুৱা সমষ্টি । এই বিধানসভা সমষ্টিটোৰ ভোটদানৰ হাৰ ৯৪.১০ শতাংশ । সেইদৰে সৰ্বনিম্ন ভোটদান হোৱা বিধানসভা সমষ্টিটো হৈছে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত নিউ গুৱাহাটী সমষ্টি । এই সমষ্টিটোত ভোটদানৰ হাৰ হৈছে ৬৭.৯৩ শতাংশ । লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ আছিল এনেধৰণৰ...
- কোন বিধানসভা সমষ্টিত কিমান ভোট পৰিল -
কাজিৰঙা লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৭৯.৩৩ শতাংশ
কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- কলিয়াবৰ - ৮৩.৮১ শতাংশ
- বঢ়মপুৰ - ৭৮.৩১ শতাংশ
- বিন্নকান্দি - ৮১.৯৬ শতাংশ
- হোজাই - ৮৩.৪৮ শতাংশ
- লামডিং - ৮২.৬৪ শতাংশ
- গোলাঘাট - ৭৪.৯২ শতাংশ
- দেৰগাঁও - ৭৭.৭৪ শতাংশ
- বোকাখাট - ৭৬.২৫ শতাংশ
- খুমটাই - ৭৮.২২ শতাংশ
- সৰুপথাৰ - ৭২.৯৫ শতাংশ
শোণিতপুৰ লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৭৮.৪৬ শতাংশ
শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- ঢেকিয়াজুলী - ৭৭.৬০ শতাংশ
- বৰচলা - ৭৭.১৭ শতাংশ
- তেজপুৰ - ৭৮.১৬ শতাংশ
- ৰাঙাপাৰা - ৭৯.৬৭ শতাংশ
- নাদুৰ - ৭৯.২৭ শতাংশ
- বিশ্বনাথ - ৮০.২০ শতাংশ
- বিহালী - ৮০.০৯ শতাংশ
- গহপুৰ - ৭৮.৬৫ শতাংশ
- বিহপুৰীয়া - ৭৫.৫৫ শতাংশ
লখিমপুৰ লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৭৬.৪২ শতাংশ
লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- ৰঙানদী - ৮৩.৯৮ শতাংশ
- নাওবৈচা - ৮১.৩৮ শতাংশ
- লখিমপুৰ - ৭৭.৬৯ শতাংশ
- ঢকুৱাখনা - ৭৬.৫৯ শতাংশ
- ধেমাজী - ৭৪.১৮ শতাংশ
- শিশিবৰগাঁও - ৭২.৮২ শতাংশ
- জনিয়া - ৭৫.৯৭ শতাংশ
- শদিয়া - ৭০.৩১ শতাংশ
- ডুমডুমা - ৭৬.২২ শতাংশ
ডিব্ৰুগড় লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৭৬.৭৫ শতাংশ
ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- মাৰ্ঘেৰিটা - ৭৬.৩২ শতাংশ
- ডিগবৈ - ৭৪.৭২ শতাংশ
- মাকুম - ৭৬.২২ শতাংশ
- তিনিচুকীয়া - ৭৩.৩৮ শতাংশ
- চাবুৱা-লাহোৱাল - ৭৮.৮৯ শতাংশ
- ডিব্ৰুগড় - ৭৬.৭৬ শতাংশ
- খোৱাং - ৭৯.৪৩ শতাংশ
- দুলিয়াজান - ৭৫.২৪ শতাংশ
- টিংখং - ৮০.৩৩ শতাংশ
- নাহৰকটীয়া - ৭৬.১২ শতাংশ
যোৰহাট লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৭৯.৮৯ শতাংশ
যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- সোণাৰি - ৮০.৪৭ শতাংশ
- মাহমৰা - ৮১.৮১ শতাংশ
- ডিমৌ - ৮০.৯৩ শতাংশ
- শিৱসাগৰ - ৮০.৫৮ শতাংশ
- নাজিৰা - ৮১.৭১ শতাংশ
- মাজুলী - ৮১.০০ শতাংশ
- টিয়ক - ৭৯.৩৯ শতাংশ
- যোৰহাট - ৭৫.৪৯ শতাংশ
- মৰিয়নী - ৭৭.৭৩ শতাংশ
- তিতাবৰ - ৭৯.৪১ শতাংশ
দৰং-ওদালগুৰি লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৮২.০১ শতাংশ
দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ১১টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- ৰঙিয়া - ৮১.৮২ শতাংশ
- কমলপুৰ - ৮৩.৮১ শতাংশ
- তামুলপুৰ - ৭৭.৪১ শতাংশ
- গোৰেশ্বৰ - ৭৮.৫৯ শতাংশ
- ভেৰগাঁও - ৭৮.৩৯ শতাংশ
- ওদালগুৰি - ৭৬.৮৯ শতাংশ
- মাজবাট - ৭৯.৯৪ শতাংশ
- টংলা - ৭৯.১৬ শতাংশ
- ছিপাঝাৰ - ৮১.৫১ শতাংশ
- মঙলদৈ - ৮৪.৪৩ শতাংশ
- দলগাঁও - ৯৩.০০ শতাংশ
ডিফু লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৭৫.৭৪ শতাংশ
ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত ছটা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- বোকাজান - ৭৬.৬৪ শতাংশ
- হাওৰাঘাট - ৭৭.৫৭ শতাংশ
- ডিফু - ৭৫.০৫ শতাংশ
- ৰংখাং - ৭৬.৮১ শতাংশ
- আমৰি - ৭৩.৭৬ শতাংশ
- হাফলং - ৭৩.৮৩ শতাংশ
কৰিমগঞ্জ লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৮০.৪৮ শতাংশ
কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত ছটা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- হাইলাকান্দি - ৮১.৭৯ শতাংশ
- আলগাপুৰ-কাটলিচেৰা - ৮২.৬৬ শতাংশ
- কৰিমগঞ্জ নৰ্থ - ৮০.৮৬ শতাংশ
- কৰিমগঞ্জ চাউথ - ৭৮.০৭ শতাংশ
- পাথাৰকান্দি - ৮০.৩৪ শতাংশ
- ৰামকৃষ্ণ নগৰ - ৭৯.৩০ শতাংশ
শিলচৰ লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৭৯.০৫ শতাংশ
শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৭টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- লখিপুৰ - ৭৭.০৬ শতাংশ
- উদাৰবন্দ - ৭৮.৪৫ শতাংশ
- কাটিগড়া - ৮২.৪৭ শতাংশ
- বৰখলা - ৮২.৪৬ শতাংশ
- শিলচৰ - ৭৫.১১ শতাংশ
- সোনাই - ৭৮.৮৭ শতাংশ
- ঢলাই - ৭৮.৬৪ শতাংশ
নগাঁও লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৮৪.৯৭ শতাংশ
নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত আঠটা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- জাগীৰোড - ৮৪.৯১ শতাংশ
- লাহৰিঘাট - ৯০.৪৭ শতাংশ
- মৰিগাঁও - ৮০.৭৮ শতাংশ
- ধিং - ৮৭.৫৬ শতাংশ
- ৰূপহীহাট - ৮৭.৯৫ শতাংশ
- চামগুৰি - ৮৯.৩৮ শতাংশ
- নগাঁও-বটদ্ৰৱা - ৭৭.৩১ শতাংশ
- ৰহা - ৭৯.৪৭ শতাংশ
কোকৰাঝাৰ লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৮৩.৫৫ শতাংশ
কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- গোসাইগাঁও - ৮১.৩৬ শতাংশ
- দুতমা - ৮৩.২২ শতাংশ
- কোকৰাঝাৰ - ৮১.২৭ শতাংশ
- বাওখুংৰী - ৮৫.৯৬ শতাংশ
- পৰ্বতঝৰা - ৮৯.০৪ শতাংশ
- চিদলী চিৰাং - ৮৩.৭৯ শতাংশ
- বিজনী - ৮৬.৭৮ শতাংশ
- মানস - ৮১.৬৬ শতাংশ
- বাক্সা - ৭৮.৬৭ শতাংশ
ধুবুৰী লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৯২.০৮ শতাংশ
ধুবু্ৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ১১টা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- গোলকগঞ্জ - ৯০.৬৯ শতাংশ
- গৌৰীপুৰ - ৯৪.০৩ শতাংশ
- ধুবুৰী - ৯২.৯৩ শতাংশ
- বীৰসিং-জাৰুৱা - ৯৪.১০ শতাংশ
- বিলাসীপাৰা - ৮৯.২২ শতাংশ
- মানকাচৰ - ৯২.০৫ শতাংশ
- জলেশ্বৰ - ৯৩.৭৮ শতাংশ
- গোৱালপাৰা পূব - ৯১.৮৬ শতাংশ
- সৃজনগ্ৰাম - ৯২.৪৯ শতাংশ
- মন্দিয়া - ৮৯.৩২ শতাংশ
- চেঙা - ৯১.৩১ শতাংশ
বৰপেটা লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৮৫.২৪ শতাংশ
বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- অভয়াপুৰী - ৮৭.০৪ শতাংশ
- বঙাইগাঁও - ৮৮.৫৬ শতাংশ
- ভবানীপুৰ-সৰভোগ - ৮৪.৬০ শতাংশ
- বৰপেটা - ৮২.৮৬ শতাংশ
- পকাবেটবাৰী - ৯০.৯০ শতাংশ
- বজালী - ৮০.০৬ শতাংশ
- হাজো-শুৱালকুচি - ৮৩.১২ শতাংশ
- বৰক্ষেত্রী - ৮৬.৪৪ শতাংশ
- নলবাৰী - ৮৬.০৪ শতাংশ
- টিহু - ৮০.৪৬ শতাংশ
গুৱাহাটী লোকসভা সমষ্টি :
ভোটদানৰ হাৰ ৭৮.৩৯ শতাংশ
গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ :
- পশ্চিম গোৱালপাৰা - ৮৭.০৪ শতাংশ
- দুধনৈ - ৮৫.৯৯ শতাংশ
- চমৰিয়া - ৮৯.৮৯ শতাংশ
- বকো-ছয়গাঁও - ৮০.৭০ শতাংশ
- পলাশবাৰী - ৮০.০৯ শতাংশ
- দিছপুৰ - ৬৯.৭৯ শতাংশ
- ডিমৰীয়া - ৭৬.৯৪ শতাংশ
- নিউ গুৱাহাটী - ৬৭.৯৩ শতাংশ
- গুৱাহাটী চেণ্ট্ৰেল - ৭১.২৪ শতাংশ
- জালুকবাৰী - ৭৬.৫০ শতাংশ
লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱাৰ বাবেই বৃদ্ধি হ’ল কংগ্ৰেছৰ ভোট : ৰকিবুল হুছেইন - Lok Sabha Election 2024