ETV Bharat / politics

ৰঙিয়াত অসম আৰক্ষীৰ বিৰুদ্ধে উঠিল গুৰুতৰ অভিযোগ - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 3:47 PM IST

Lok Sabha Election 2024: লোকসভা নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ মাজতে ৰঙিয়াত মহকুমাধিপতি কাৰ্যালয়ত অসম পুলিচৰ দাদাগিৰিৰ আভিযোগ ৷

assam police allegedly misbehaves with journalists on duty for counting day in rangia
অসম পুলিচৰ দাদাগিৰি (etv bharat assam)

ৰঙিয়া, 4 জুন : দেশজুৰি চলি আছে লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ ঠায়ে ঠায়ে স্থাপন কৰা ভোটগণনা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তাৰ মাজত চলি আছে ভোটগণনা ৷ এই ভোটগণনাৰ মাজতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত ৷ লোকসভা নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ মাজতে ৰঙিয়াত মহকুমাধিপতি কাৰ্যালয়ত অসম পুলিচৰ দাদাগিৰিৰ খবৰ আহি পৰিছে । প্ৰাপ্ত খবৰ অনুসৰি কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী আৰক্ষী বিষয়াই নিজৰ পদবীৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

সাংবাদিকৰ ক্ষোভ (etv bharat assam)

উল্লেখ্য যে, পুৱা 8 বজাৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে অব্যাহত ভোটগণনা একপ্ৰকাৰ শান্তিপূৰ্ণভাৱেই চলি থকা বুলি ক’ব পাৰি ৷ এনে সময়তে খবৰ সংগ্ৰহৰ বাবে ভোটগণনা কেন্দ্ৰত উপস্থিত হোৱা এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ হাতৰ পৰা আচম্বিতে কেমেৰা কাঢ়ি ল’বলৈ উদ্যত হয় অসম আৰক্ষীত কৰ্মৰত বৰষা দাস নামৰ এগৰাকী মহিলা আৰক্ষী বিষয়াই ৷ কেবল এয়াই নহয়, আৰক্ষী বিষয়াগৰাকীয়ে "বেছি কথা নক’ব, চোঁচৰাই নি লকআপত ভৰাই থম" বুলিও সাংবাদিকগৰাকীক ভাবুকি দিয়ে ৷ আৰক্ষী বিষয়াগৰাকীৰ এই ব্যৱহাৰত স্বাভাৱিকতে দুখ প্ৰকাশ কৰে কামৰূপ(গ্ৰাম্য) জিলাৰ সাংবাদিকসকলে ৷

ঘটনা সন্দৰ্ভত কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকাই কয় যে, সাংবাদিকসকলেও নিজৰ দায়িত্ব পালন কৰিবলৈ আহিছে ৷ তেনেস্থলত এগৰাকী দায়িত্বশীল আৰক্ষী বিষয়াই ইমান বেয়া ব্যৱহাৰ কৰাটো অনুচিত তথা নীতি বিৰুদ্ধ ।

সাংবাদিকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰলৈ ম’বাইল লৈ যোৱাক কেন্দ্ৰ কৰিয়ে বৰষা দাস নামৰ আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক অপদস্থ কৰে ৷ য’ত নেকি সাংবাদিকজনৰ সৈতে যোৱা প্ৰতিজনেই অনুমতি সাপেক্ষেহে তালৈ গৈছিল ৷ পৰিচয় পত্ৰ থকাৰ পিচতো বৰষা দাসে নিজৰ পদৰ কথা কৈ ধমক দিয়ে তেওঁলোকক ৷

আনহাতে, বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰঙিয়া জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ গোস্বামীয়ে ৷ বিষয়াগৰাকীয়ে সমগ্ৰ ঘটনাটোত দুখ প্ৰকাশ কৰাৰ লগতে বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ তদুপৰি উক্ত ঘটনাৰ উচিত তদন্ত গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক : মৰিগাঁৱত কংগ্ৰেছক পিচ পেলাই বিজেপিৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.