ETV Bharat / politics

গামোচা এতিয়া ৰাজনীতিৰ বিষয় ! সামাজিক মাধ্যমত ৰাজনীতিকৰ যুদ্ধ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: গামোচাক কোনে বেছি সন্মান কৰে ? ইয়াকে লৈ হিমন্ত বিশ্ব শৰ্মা-ভূপেন বৰাৰ টুইটাৰ যুদ্ধ ৷ নেহৰু, ইন্দিৰা-ৰাজীৱ গান্ধীয়ে ? নে নৰেন্দ্ৰ মোদীয়ে ? নৰেন্দ্ৰ মোদীৰ গামোচাপ্ৰীতিক প্ৰশংসা কৰি কংগ্ৰেছক আক্ৰমণ কৰি ভোট বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাই । উভতি ধৰি কংগ্ৰেছৰ ভূপেন বৰাই ৰাজহুৱা কৰিলে হিমন্ত-সোণোৱালে গামোচা পাৰি বহি থকা ফটো ।

ARGUMENTATION OVER ASSAMESE GAMOCHA
গামোচাক লৈ এক্সত বাক-বিতণ্ডা
author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 8:45 PM IST

গুৱাহাটী, ৬ এপ্ৰিল : গামোচাৰে ভোট বন্ধাৰ চেষ্টা ৷ পণ্ডিত জৱাহৰলাল নেহৰু নে নৰেন্দ্ৰ মোদী ! কাৰ অসমীয়াৰ গামোচাখনৰ প্ৰতি প্ৰেম বেছি ? অসমত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বিষয় হৈ পৰিছে এইটো প্ৰসংগও ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যৰ মুখ্যন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী-ৰাজীৱ গান্ধীৰ প্ৰসংগৰে প্ৰধানমন্ত্ৰী মোদীৰ অসমীয়া সংস্কৃতিৰ অংশ গামোচাপ্ৰীতিৰ কথা কৈ এইবাৰৰ লোকসভা নিৰ্বাচনত ভোটভিক্ষা কৰা দিখা গৈছে ৷ এতিয়া মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এই মন্তব্যক লৈ উভতি ধৰিছে অসমৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই ।

অসমীয়াই সন্মান জনাবলৈ আৰু গলবস্ত্ৰ হিচাবেও ব্যৱহাৰ কৰা গামোচাক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বৰাৰ X-ত যু্দ্ধ আৰম্ভ হৈছে । ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগতে ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে গামোচাখন বিশ্বৰ দৰবাৰলৈ লৈ গৈছিল ? কোনেও দেখা নাই ৷ জৱাহৰলাল নেহৰুৱে আমি গামোচা পিন্ধা দেখিছোনে ? কেতিয়াবা ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে গামোচা পিন্ধা আমি দেখিছিলোনে ? কোভিডৰ ভেকচিন লোৱাৰ সময়তো নৰেন্দ্ৰ মোদীয়ে কৱচ হিচাবে গামোচা পিন্ধি লয় । জাপানলৈ গ’লেও ডিঙিত গামোচা পিন্ধি যায় ৷’’ শুকুৰবাৰে ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে নৰেন্দ্ৰ মোদীৰ গামোচাপ্ৰেমক লৈ ভোটাৰৰ কাষ চপাৰ চেষ্টা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

পিচত সামাজিক মাধ্যম X-তো এয়া পোষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ শনিবাৰে আবেলি X-তে মুখ্যমন্ত্ৰীক উভতি ধৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই । ভূপেন বৰাৰ অভিযোগ যে গামোচাক লৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিছে ৷ কিন্তু গামোচাক লৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰি লাভ নাই । যেতিয়াই উন্নয়নক লৈ প্ৰকৃত কথাবোৰ ক’বলৈ একো নাথাকে, তেতিয়াই মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে গামোচাৰ কথা কৈ ৰাইজক আভুৱা ভৰাৰ চেষ্টা চলায় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে এখন নিৰ্বাচনী প্ৰচাৰ সভাত গামোচাক লৈ কৰা মন্তব্যক এনেদৰে কটাক্ষ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । কেৱল কটাক্ষ কৰাই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গামোচা পাৰি বহি থকা দুখন ফটো শ্বেয়াৰ কৰি সামাজিক মাধ্যম 'এক্স’ত ভূপেন বৰাই লিখিছে, ‘‘এনেকৈ গামোচা তথা অসমীয়া সংস্কৃতিক অসন্মান জনোৱা আপোনালোক কোনোবাই আগতে দেখিছিল নেকি ? হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱালে অসমীয়াৰ স্বাভিমান গামোচাৰ ওপৰত বহি এনেকৈয়ে অসন্মান কৰি আহিছে ৷”

লগতে ভূপেন বৰাই X-ত লিখিছে,“ আৰু এতিয়া বিজেপিয়ে গামোচাক সন্মান কৰাৰ কথা ক’বলৈ আহিছে ! মই কওঁ যে এয়া সকলো ৰাজনৈতিক নাটক, যেতিযা বিশেষকৈ তেঁওলোকৰ উন্নয়নক লৈ একো ক’বলগীয়া নাথাকে ৷” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক কিমান ভাল পায়, অসমৰ বাবে কিমান চিন্তা কৰে, সেয়া অসমৰ ভোটাৰক জনাবলৈ গৈ পণ্ডিত নেহৰু আৰু ইন্দিৰা গান্ধী-ৰাজীৱ গান্ধীয়ে গামোচাক বিশ্ব দৰবাৰলৈ নিবলৈ একো কৰা নাছিল বুলি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰাৰ পিচত এয়া এক ৰাজনৈতিক ইছ্যু হৈ পৰিছে অসমত ।

লগতে পঢ়ক: এশ দিনৰ ভিতৰত মুখ্যমন্ত্রী নহয়, কংগ্রেছৰ সভাপতিহে সলনি হ'ব: মানৱ ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.