ETV Bharat / politics

মাত্ৰ দহ মিনিট ! চৰকাৰৰ কপাল ফুলিল; বিৰোধীৰ ফুটিল

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 9:38 PM IST

Updated : Feb 24, 2024, 9:57 AM IST

Assembly budget session: মাত্ৰ দহ মিনিট আৰু 9 টা ভোট ৷ ৰক্ষা পৰিল চৰকাৰ ৷ অসম বিধানসভা সাক্ষী হোৱাৰ পৰা বঞ্চিত হ’ল এক নজিৰবিহীন ঘটনাৰ ৷ বিৰোধী বিধায়ক অখিল গগৈ আজি ৰাইজৰ বাবে হিৰো হৈ পৰিলহেতেন ৷ কিন্তু দহ মিনিটৰ বাবে তেনে নহ’ল...

Assembly budget session
private members resolution

নিউজ ডেস্ক, 23 ফেব্ৰুৱাৰী: সময় আৰু ভাগ্যক বাৰু আপুনি কিমান বিশ্বাস কৰে ? আপুনি বিশ্বাস কৰক বা নকৰক সময় আৰু ভাগ্যই কেতিয়াবা যদি মানুহক ওপৰলৈ লৈ যায়, কেতিয়াবা আকৌ কালচক্ৰত পেলাই তললৈও নমাই আনে ৷ এই প্ৰতিবেদনতো সময় আৰু ভাগ্যৰ তাল-মিলৰ এটা ঘটনাই বৰ্ণনা কৰিবলৈ লোৱা হৈছে ৷ ঘটনাটো অসম বিধানসভাৰ ৷

বিধানসভাত চলি আছে বাজেট অধিবেশন ৷ শুকুৰবাৰে বিধানসভাত জলসিঞ্চন সম্পৰ্কীয় এক প্ৰস্তাৱক লৈ সৃষ্টি হয় এক নাটকীয় পৰিৱেশৰ ৷ এই প্ৰস্তাৱ উত্থাপন কৰিছিল নিৰ্দলীয় বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ তেওঁ প্ৰস্তাৱ দিয়ে যে অসমৰ প্ৰতিডৰা কৃষিভূমিত যাৱতীয় পানী যোগান আৰু বাৰ মাহে খেতি কৰিব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে ৷ অখিল গগৈৰ এই প্ৰস্তাৱক সমৰ্থন জনাই বিধানসভাত উপস্থিত থকা আটাইকেইগৰাকী বিৰোধী বিধায়কে ৷ কিন্তু তেতিয়াই লাগিল অথন্তৰ ৷

অসম বিধানসভাৰ কাৰ্য পৰিচালনা বিধি 115 ৰ অধীনত যিসময়ত অখিল গগৈয়ে প্ৰস্তাৱটো উত্থাপন কৰিছিল, সেই সময়ত সদনত বিৰোধীৰ সকলো বিধায়ক উপস্থিত আছিল যদিও শাসকীয় দলৰ সৰহ সংখ্যক বিধায়কেই সাময়িক অৱসৰৰ বাবে সদনৰ বাহিৰত আছিল ৷ বিৰোধী বিধায়কসকলে প্ৰস্তাৱটোত সমৰ্থন জনোৱাৰ লগে লগে দাবী উত্থাপন কৰে ভোটৰ দ্বাৰা ইয়াৰ গৃহীত কৰাৰ বাবে ৷ ফলত বিপাঙত পৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷

বিৰোধীৰ একত্ৰিত সমৰ্থনৰ বিপৰীতে সেই সময়ত সদনত শাসক পক্ষৰ সদস্যৰ সংখ্যা কম আছিল ৷ বিৰোধীয়ে ভোট অনুষ্ঠিত কৰিবলৈ দাবী কৰাৰ পিচতেই অধ্যক্ষই দহ মিনিটৰ বাবে সদনৰ কাম-কাজ স্থগিত ঘোষণা কৰে ৷ 10 মিনিটৰ পিচত যেতিয়া সদন পুনৰ আৰম্ভ হয় তেতিয়া শাসক দলৰ সদস্যৰে ভৰি পৰিল সদন ৷ তাৰ পিচত অনুষ্ঠিত কৰা হয় ভোটগ্ৰহণ ৷ এই সংকল্প প্ৰস্তাৱৰ সপক্ষে বিৰোধীৰ 30 গৰাকী সদস্যই ভোটদান কৰাৰ বিপৰীতে শাসক দলৰ 39 গৰাকী সদস্যই এই প্ৰস্তাৱৰ বিপক্ষে ভোটদান কৰে ৷ ফলত 9 টা ভোটত নাকচ হয় অখিল গগৈৰ সংকল্প প্ৰস্তাৱ ৷

ইপিনে অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে ইটিভি ভাৰতক জনোৱা অনুসৰি ভোট অনুষ্ঠিত কৰিবলৈ হ’লে কাৰিকৰী প্ৰস্তুতিৰ বাবে অতি কমেও দহ মিনিট সময়ৰ প্ৰয়োজন হয় ৷ সেয়েহে উক্ত সময়ত সদন সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হৈছিল ৷ আজিৰ এই সমস্ত ঘটনাক্ৰমৰ ফলত চৰকাৰখন অনাস্থাৰ সন্মুখীন হ’লহেতেন নেকি বুলি সোধাত তেওঁ কয় যে ইয়াৰ সৈতে অনাস্থা প্ৰস্তাৱৰ কোনো ধৰণৰ সম্পৰ্ক নাই ৷ অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিবলৈ হ’লে এক বিশেষ ‘ডিভাইচ’ৰ জৰিয়তে আগবাঢ়িব লাগিব ৷ এনেধৰণৰ Private Members Resolution সময়ে সময়ে বিধায়কসকলৰ পৰা আহে আৰু প্ৰয়োজন সাপেক্ষে ভোটগ্ৰহণৰ জৰিয়তে ইয়াৰ নিষ্পত্তি কৰা হয় ৷

অৱশ্যে মন কৰিবলগীয়া কথাটো হ’ল আজি যদিহে অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত নকৰি তৎমুহূৰ্ততে ভোটগ্ৰহণৰ ব্যৱস্থা কৰিলেহেতেন, তেন্তে হয়তো চৰকাৰ ভোটত পৰাজিত হ’লহেতেন ৷ কিন্তু চৰকাৰৰ মুখলজ্জা ঢাকিবলৈকে যে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দহ মিনিটৰ বাবে সদন স্থগিত ৰাখিছিল সেয়া বুজিবলৈ কাৰো বাকী নাই ৷

সেয়া যিয়েই নহওক, এই প্ৰস্তাৱ গৃহীত হোৱা হ’লে অসমৰ সংসদীয় ইতিহাসত আজিৰ দিনটো এক নজিৰবিহীন ঘটনা হ’লহেতেন ৷ বিধায়ক অখিল গগৈয়ে কয় যে আজিৰ দিনটোত বিৰোধীয়ে ঐক্যবদ্ধভাৱে কাম কৰিলে ৷ বিৰোধীৰ এটা ভোটো বাহিৰলৈ যোৱা নাই ৷ প্ৰথমবাৰৰ বাবে বিৰোধীয়ে ইমানখিনি ভোট লাভ কৰা বুলি দাবী কৰে গগৈয়ে ৷

লগতে পঢ়ক: সদনত উপস্থিত নাথাকে শাসক পক্ষৰ অধিকাংশ বিধায়ক: বিৰোধীৰ সংকল্প প্ৰস্তাৱত ভোটদান

Last Updated : Feb 24, 2024, 9:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.