ETV Bharat / politics

প্ৰতিযোগিতা বাঢ়িছে, কংগ্ৰেছে সলাব ৰণকৌশল : প্ৰদেশ কংগ্ৰেছ কমিটিৰ মতে নহ’ব সকলো সিদ্ধান্ত - Assam Congress

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 4:01 PM IST

Power decentralise of Assam congress : তেলেংগানা-কৰ্ণাটকক অনুসৰণ কৰি কংগ্ৰেছে অসম মডেল প্ৰস্তুতৰ বাবে আগবাঢ়িছে প্ৰদেশ কংগ্ৰেছ ৷ ৰদ-বদল কৰা হ’ব ক্ষমতাৰ ৷ নেতাৰ ভাষণ যাতে প্ৰতিগৰাকী সাধাৰণ লোকেও শুনিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা হ’ব ডিজিটেল বাহিনী ৷

Power decentralise of Assam congress
সুকীয়া অসম মডেলৰ প্ৰস্তুতি প্ৰদেশ কংগ্ৰেছৰ (ETV Bharat Assam)

গুৱাহাটী, ১৮ জুলাই : অসমত কংগ্ৰেছ দলৰ দলীয় কমিটীসমূহৰ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা‌ হ’ব । বুধ তথা মণ্ডল কমিটী পৰ্যায়লৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ‌ হ'ব বুলি অসম প্ৰদেশ কংগ্ৰেছ ‌কমিটিৰ সভাপতি ভূপেন বৰাই বৃহস্পতিবাৰে সংবাদ মাধ্যমক সদৰী কৰে ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বুধবাৰে গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত দলৰ গুৰুত্বপূৰ্ণ বৈঠকৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰিছিল ৷ তেওঁ কয় যে অসমত কংগ্ৰেছ দলক অধিক শক্তিশালী কৰাৰ লগতে প্ৰতিযোগিতাত আগবাঢ়ি যোৱাৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছ ‌কমিটিৰ পৰ্যায়ৰ পৰা মণ্ডল তথা বুথ পৰ্যায়লৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ‌ কৰা‌ হ'ব । বিধানসভাৰ প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি পঞ্চায়ত তথা পৌৰসভা নিৰ্বাচনকলৈ অসম প্ৰদেশ কংগ্ৰেছ ‌কমিটিয়ে সকলো সিদ্ধান্ত নলয় । অসম প্ৰদেশ কংগ্ৰেছ ‌কমিটিয়ে এই ক্ষেত্ৰত পৰ্যবেক্ষকৰ ভূমিকা ‌ল'ব ।

ভূপেন বৰাই কয় যে জিলা পৰিষদৰ টিকট দিয়াৰ ক্ষেত্ৰত জিলা কমিটিয়ে, পঞ্চায়তৰ তথা পৌৰ‌সভাৰ সদস্যৰ টিকট দিয়াৰ ক্ষেত্ৰত বুথ তথা মণ্ডল কমিটিয়ে‌ সিদ্ধান্ত ল'ব । অসম প্ৰদেশ কংগ্ৰেছ ‌কমিটিয়ে এইক্ষেত্ৰত পৰ্যবেক্ষকৰ ভূমিকা ‌ল'ব ।

স্বতন্ত্ৰ ক্ষমতা কংগ্ৰেছৰ অনুশাসন কমিটীক :

ভূপেন বৰাই সদৰী কৰা‌ মতে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুশাসন কমিটিক স্বতন্ত্ৰ ক্ষমতা দিয়া হ'ব । ‌কোনো প্ৰভাৱশালী নেতাৰ জৰিয়তে কমিটীখন‌ পৰিচালিত নহয় ৷ তাৰ‌‌ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা‌ হ'ব । দলৰ সংবিধানৰ ভিত্তিত এই কমিটিখন পৰিচালিত হ'ব ।

কংগ্ৰেছৰ ডিজিটেল বাহিনী :

অসম প্ৰদেশ কংগ্ৰেছ ‌কমিটিৰ সভাপতি ভূপেন বৰাই জনাই যে কংগ্ৰেছ দলক শক্তিশালী কৰাৰ বাবে ৰাজ্যজুৰি এক ডিজিটেল‌ বাহিনী গঠন কৰা হ’ব । ছ’চিয়েল মিডিয়াত দলক অধিক শক্তিশালী কৰা হ’ব । এই ডিজিটেল‌ বাহিনী গঠন কৰাৰ দায়িত্ব দলৰ ৰাজনৈতিক উপদেষ্টা প্ৰদ্যুৎ বৰাক দিয়া‌ হৈছে ৷

লগতে পঢ়ক : ৰাঁচীত স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হৈছে হিমন্ত বিশ্ব শৰ্মা : গৌৰৱ গগৈ

লগতে পঢ়ক : তিনিদিনীয়া মন্থন : ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈকে ৰোডমেপ প্ৰস্তুত কৰিলে প্ৰদেশ কংগ্ৰেছে

লগতে পঢ়ক : দূৰত্ব বাঢ়িছে অখিল গগৈ-কংগ্ৰেছৰ : উপ-নিৰ্বাচনক লৈ ঐক্য মঞ্চত আকৌ অনৈক্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.