ETV Bharat / politics

কংগ্ৰেছৰ পাঁচ দশকৰ অভিজ্ঞতা লৈ বিজেপিত যোগদান জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মাৰ - Dwijen Sharma joins BJP

Dwijen Sharma: বিজেপিত যোগদান কৰিলে সদ্য পদত্যাগী প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই ৷ নিজকে ক্লিন মানুহ মানুহ বুলি উল্লেখ কৰি শৰ্মাই ক’লে, ‘‘ মই ৱাছিং মেছিনত সোমাবলৈ অহা নাই ৷’’

DWIJEN SHARMA JOINS BJP
বিজেপিত যোগদান জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মাৰ
author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 8:13 PM IST

বিজেপিত যোগদান জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মাৰ

গুৱাহাটী, ২২ মাৰ্চ: অৱশেষত বিজেপি দলত যোগদান কৰিলে সদ্য পদত্যাগী প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই । সুদীৰ্ঘ পাঁচটা দশকৰো অধিক সময় কংগ্ৰেছ কৰা জ্যেষ্ঠ নেতাজনে অলপতে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিচতে আজি বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

গেৰুৱা বসন পৰিধান কৰাৰ পিচতে তেওঁ কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ কয়, ‘‘কংগ্ৰেছ ত্যাগ কৰি দুদিনমান বহু মানুহৰ লগত আলোচনা কৰি সকলো কথা ভাবি-চিন্তি চাই অৱশেষত বিজেপিত যোগ দিয়াৰ সিদ্ধান্ত ল'লো ।’’ কংগ্ৰেছ দলত পঞ্চাছ বছৰৰ অভিজ্ঞতা থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে আজি একেদিনাই সকলো কথা উজাৰি দিলে মানুহে অকৃতজ্ঞ বুলি ক'ব ।

কংগ্ৰেছ দলত বৰ্তমান সময়ত দেশৰ বাবে সেৱা কৰাৰ পৰিৱেশ নাই বুলি সদৰী কৰি তেওঁ কয় যে দেশৰ স্বাৰ্থতে আজি তেওঁ বিজেপিলৈ আহিছে । কংগ্ৰেছ দলত আগৰ সেই নীতিগত পৰিৱেশ নাই বুলি অভিযোগ কৰি দ্বিজেন শৰ্মাই কয় যে যাৰ বাবে তেওঁ মানসিক অশান্তিত ভুগিছিল । কংগ্ৰেছত মাৰ্ক্সবাদী বুদ্ধিজীৱীৰ আগমন ঘটিছে বুলি অভিযোগ কৰি তেওঁ কয় যে কংগ্ৰেছত বাহিৰা মানুহৰ প্ৰয়োভৰ আৰু প্ৰভাৱ বৃদ্ধি পাইছে ।

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছত জাত-পাতৰ ৰাজনীতি চলাৰ অভিযোগো তেওঁ উত্থাপন কৰে । কংগ্ৰেছত এতিয়া নেতাৰ অভাৱ হৈছে বুলি উল্লেখ কৰি দ্বিজেন শৰ্মাই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কংগ্ৰেছক নেতৃত্ব দিব পৰা নেতা নাই বুলি সদৰী কৰি তেওঁ কয় যে কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৱল নেতৃত্ব দিছে ।

এটা সময়ত বিজেপিৰ নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ বাবে তেওঁ ক্ষমা বিচাৰে । আনহাতে হিমন্ত বিশ্ব শৰ্মাক আগতে বিৰোধী হিচাপে সমালোচনা কৰিলেও কিন্তু তেওঁৰ দৰে দ্বিতীয় এজন আছেনে বুলি নিজকে প্ৰশ্ন কৰাৰ কথাও তেওঁ সদৰী কৰে । দ্বিজেন শৰ্মাই লগতে কয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কোৱাৰ দৰে তেওঁ ভয় কৰি বিজেপিলৈ অহা নাই । কাৰণ তেওঁৰ ভয় কৰিবলগীয়া একো নাই ৷

বিজেপিৰ ৱাছিং মেছিনত সোমাবলৈ অহা নাই বুলি মন্তব্য কৰি পদত্যাগী জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে তেওঁৰ বিৰুদ্ধে কোনো গোচৰ নাই ৷ তেওঁ ক্লিন মানুহ ৷ লগতে তেওঁ সততাৰে ৰাজনীতি কৰাৰ কথা উল্লেখ কৰি কয় যে দেশৰ সেৱা কৰিব পৰা নেতৃত্ব বিজেপিয়ে দিব পাৰিছে বাবেই তেওঁ বিজেপিলৈ আহিছে ।

প্ৰসংগক্ৰমে তেওঁ কয় যে অসমৰ আটাইতকৈ ডাঙৰ বুদ্ধিজীৱীৰ নাম লৈ তেওঁ সমালোচনা কৰিছে যদিও আজিলৈ মাত মাতিব নোৱাৰিলে । প্ৰাৰ্থী কোন হ'ব তাক লৈ বুদ্ধিজীৱীৰ হস্তাক্ষৰৰ কি প্ৰয়োজন আছে বুলি প্ৰশ্ন কৰি তেওঁ বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই আৰু অজিত ভূঞাৰ প্ৰসংগ উল্লেখ কৰে ।

দ্বিজেন শৰ্মাই লগতে কয়, ‘‘মই কিবা পাবৰ বাবে বিজেপিলৈ অহা নাই, মই সেৱা কৰিবলৈ বিজেপিলৈ আহিছো ।’’

লগতে পঢ়ক: কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান সমৰজিত হাফলংবাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.