নগাঁও, 20 জুলাই : স্পষ্ট হৈ পৰিল ৰাজ্যৰ বিৰোধী ঐক্যত অনৈক্য ! ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ ব্যস্ত ৰাজ্যৰ ৰাজনৈতিক দলৰ নেতাসকল । শুকুৰবাৰৰ দিনটোত আগন্তক পাঁচ সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত নগাঁৱত কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰকাশ কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ।
কংগ্ৰেছৰ নেতৃত্বত গঠিত বিৰোধী ঐক্যৰ নেতৃত্বত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছতেই হ'বলগীয়া পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধী ঐক্য নথকাৰ স্পষ্ট ইংগিত পোৱা গ’ল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যত । ইয়াৰ পূৰ্বে এই সন্দৰ্ভত স্পষ্ট ইংগিত দিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
ৰাজ্যত কংগ্ৰেছৰ গণভিত্তি থকা বুলি দাবী কৰি আগন্তক উপ-নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰাৰ বিপৰীতে কংগ্ৰেছ দলে অকলেই নিৰ্বাচন খেলাৰ কথা স্পষ্ট কৰিছে নগাঁৱৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে । অৱশ্যে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত পুনৰ আঞ্চলিক দলসমূহৰ সৈতে আলোচনা কৰি বিজেপিৰ বিৰুদ্ধে ঐক্যৱদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
উল্লেখ কৰা প্ৰয়োজন যে, দুদিন পূৰ্বে ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৈঠকত হোৱা আলোচনাৰ সকলো খবৰ লাভ কৰা বুলি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাজপেয়ী ভৱনত দাবী কৰাৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘটোৱাৰে বিজেপিৰ বিৰুদ্ধে অনা এক প্ৰস্তাৱকলৈও সৰৱ হৈছিল মুখ্যমন্ত্ৰীগৰাকী ।
ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা এই বক্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয়, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বেবেৰিবাং বহু কথাই কয় ৷ বহুসময়ত মুখ্যমন্ত্ৰীয়ে অসংলগ্ন কথাও কয় । তেওঁ কি কথা ক’লে মই নাজানো ৷ কিন্তু বৈঠকত এনেকুৱা ধৰণৰ কোনো কথাৰ আলোচনা হোৱা নাই ৷"
মুঠৰ ওপৰত অসমৰ পাঁচ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত যে বিৰোধী ঐক্য নাথাকিব সেয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যত ।