ETV Bharat / politics

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এ জে এছ ইউৰ সভাপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Assam CM meets AJSU President

author img

By ANI

Published : Aug 11, 2024, 1:55 PM IST

Assam CM meets AJSU President: ঝাৰখণ্ডৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ যথেষ্ট আশাবাদী অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ সহ-প্ৰভাৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ড৹ শৰ্মাই বিজেপিৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডিৰ লগতে এ জে এছ ইউৰ সভাপতি সুদেশ মাহাতোক সাক্ষাৎ কৰে ।

Assam CM meets AJSU President
অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতিক সাক্ষাৎ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (ANI Photos)

নেশ্যনেল ডেস্ক, ১১ আগষ্ট : সমাগত ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন । ইতিমধ্যে ৰাজ্যখনত নিৰ্বাচনী তৎপৰতা আৰম্ভ হৈছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বিজেপিয়ে সহ-প্ৰভাৰীৰ দায়িত্ব প্ৰদান কৰে । যাৰ বাবে তেওঁ সম্প্ৰতি সঘনাই ৰাজ্যখন ভ্ৰমণ কৰা দেখা গৈছে । ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়ন (এ জে এছ ইউ) দলৰ সভাপতি সুদেশ মাহাতোক সাক্ষাৎ কৰে ।

এ জে এছ ইউ-ৰ সভাপতিক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ:

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শনিবাৰে ঝাৰখণ্ড ভাৰতীয় জনতা পাৰ্টীৰ(বিজেপি) সভাপতি বাবুলাল মাৰাণ্ডিক সাক্ষাৎ কৰে । এ জে এছ ইউ-ৰ সভাপতিক সাক্ষাৎ কৰাৰ পিচত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এ জে এছ ইউ আমাৰ অতি গুৰুত্বপূৰ্ণ অংশ, আমি এইমাত্ৰ সুদেশক সাক্ষাৎ কৰিছো । সকলো ঠিকেই আছে, আমি নিৰ্বাচনত ভালদৰে যুঁজিম ।"

সহ-প্ৰভাৰীৰ দায়িত্ব ড৹ হিমন্ত বিশ্ব শৰ্মাক:

ইয়াৰ পূৰ্বে ২ আগষ্টত ঝাৰখণ্ড ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ঝাৰখণ্ডৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে আৰু কয় যে, ঝাৰখণ্ডৰ উন্নত ভৱিষ্যতৰ বাবে বিজেপিয়ে নিৰ্বাচনত জয়ী হোৱা উচিত ।

ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ঝাৰখণ্ডৰ বিজেপিৰ সহ-প্ৰভাৰীগৰাকীয়ে কয়, "মই দলটোৰ কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ দেখিছো আৰু তেওঁলোকে নিশ্চিত কৰিছে যে আমি নিৰ্বাচনত জয়ী হ'ম আৰু ঝাৰখণ্ডত আমাৰ চৰকাৰ গঠন কৰিম । জয়ী হোৱাৰ মন্ত্ৰ হৈছে- কেৱল দিনে ২৪ ঘণ্টা কাম কৰা, ঝাৰখণ্ডত এক উন্নত ভৱিষ্যতৰ বাবে আমি ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনত জয়ী হ'ব লাগিব । আমি জয়ী হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিম ।"

লগতে পঢ়ক : সমাজ বিভাজনৰ বাবে ঝাৰখণ্ডত আছে হিমন্ত বিশ্ব শৰ্মা : মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন - Jharkhand Elections 2024

বাংলাদেশী অনুপ্ৰৱেশক লৈ ড৹ শৰ্মাৰ প্ৰতিক্ৰিয়া:

অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি ঝাৰখণ্ডৰ সহ-প্ৰভাৰী ড৹ শৰ্মাই 'বাংলাদেশী অনুপ্ৰৱেশকাৰী'য়ে জনজাতীয় লোকৰ ভূমি দখল কৰাৰ অভিযোগো উত্থাপন কৰিছে । ড৹ শৰ্মাই লগতে উল্লেখ কৰে যে জনজাতীয় পৰিয়ালবোৰক তেওঁলোকৰ ভূমি ঘূৰাই দিয়া উচিত বুলি আদালতৰ নিৰ্দেশ স্বত্বেও প্ৰশাসনে এই বিষয়ে কোনো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নাই ।

উল্লেখ্য যে ঝাৰখণ্ডত ২০২৫ চনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ঝাৰখণ্ড, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ লগতে জম্মু-কাশ্মীৰতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ২০১৯ চনত জে এম এমে কংগ্ৰেছ আৰু লালুপ্ৰসাদৰ ৰাষ্ট্ৰীয় জনতা দলৰ (আৰ জে ডি) সৈতে মিত্ৰতা কৰি বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ৮১ খন আসনৰ ৪৭ খন আসনৰ সৈতে সংখ্যাগৰিষ্ঠতা লাভ কৰে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা ব্যয় : এ ডি জি পি হীৰেন নাথৰ পত্ৰই জোকাৰিছে ৰাজনীতি - Assam CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.