ETV Bharat / politics

কংগ্ৰেছ গাখীৰ নিদিয়া মতা গৰু, ভোট দি লাভ নাই: ধলাইৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী - ASSAM BYE ELECTIONS 2024

কংগ্ৰেছে বাংলাদেশীৰ বিষয় উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰিব বিচাৰিছে । বিজেপি নেতা নিহাৰ ৰঞ্জন দাসক বাংলাদেশী বুলি অভিযোগ কৰা সন্দৰ্ভত কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰীৰ ।

CM Himanta Biswa Sarma at Dhalai
ধলাইত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 7:10 PM IST

Updated : Nov 5, 2024, 8:14 PM IST

শিলচৰ: ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনক লৈ সমষ্টিকেইটাত ৰাজনৈতিক বতাহ উত্তপ্ত হৈ পৰিছে । শাসক-বিৰোধী উভয়ে নিজ নিজ প্ৰাৰ্থীৰ হৈ মাৰাথন প্ৰচাৰত অৱতীৰ্ণ হৈছে । তাৰ মাজতে ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা আহি ৰাজ্যৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ।

মঙলবাৰে ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসৰ হৈ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । ধলাইৰ বি এন এন পি হাইস্কুল আৰু পালংঘাটৰ চি চি জে চি হাইস্কুলৰ খেলপথাৰত আয়োজিত দুখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ।

ধলাইত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰথমৰ পৰাই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়, "কংগ্ৰেছৰ হাতত বিজেপিৰ বিৰুদ্ধে কোনো ইছ্যু নাই বাবেই নিহাৰ ৰঞ্জন দাসক বাংলাদেশী সজাই অসমৰ পৰিস্থিতি উত্তপ্ত কৰিব বিচাৰিছে । বাংলাদেশী কোন হয়, সেয়া চোৱাৰ দায়িত্ব কংগ্ৰেছৰ নহয় । সেই দায়িত্ব চৰকাৰৰ ।"

আনহাতে, কংগ্ৰেছক গাখীৰ নিদিয়া গৰুৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্ৰেছ হ'ল এনে গৰু, যিয়ে দানা খোৱাৰ পিছতো গাখীৰ নিদিয়ে ।" ইয়াৰ বিপৰীতে বিজেপিক গাখীৰ দিয়া জাৰ্চি গৰু বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে ।

ইয়াৰ উপৰি ধলাইৰ বাবে কেইবাটাও পথ, সেতু, কলেজসহ বিভিন্ন উন্নয়নমূলক কামৰ প্ৰতিশ্ৰতি দিয়ে । লগতে ধলাইত নতুনকৈ ১৫ ৰ পৰা ২০ হাজাৰক অৰুণোদয় দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । তাৰ বাবে বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক কৰযোৰে আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।

ইফালে ৰাজ‌্যত অনুষ্ঠিত হ'বলগা পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত চাৰিটা সমষ্টিত বিজেপিৰ জয় নিশ্চিত যদিও এটা সমষ্টিত বিজেপিৰ বাবে কষ্টকৰ হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক :উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী; বৰাকৰ পৰা আৰম্ভ কৰিলে অভিযান
লগতে পঢ়ক :ৰকিবুলক সতৰ্কবাণী অতুল বৰাৰ, কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ কিয় প্ৰচাৰ দিপ্লুৰঞ্জন শৰ্মাৰ ?

Last Updated : Nov 5, 2024, 8:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.