ETV Bharat / politics

ৰাজনৈতিক প্ৰতিদ্বন্দ্বী ৰকিবুল হুছেইনৰ প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ! - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 10:13 AM IST

Updated : Jun 5, 2024, 10:40 AM IST

Rakibul Hussain: ৰকিবুল‌ হুছেইনক নায়ক আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ কিয় শুনক মুখ্যমন্ত্ৰীৰ মুখেৰেই-

assam cm congratulates rakibul hussain for his record breaking win from dhubri lok sabha seat
প্ৰশংসাত পঞ্চমুখ মুখ্যমন্ত্ৰী (etv bharat assam)

মুখ্যমন্ত্ৰীৰ ভাষ্য (etv bharat assam)

গুৱাহাটী, 5 জুন : অৱশেষত বহু প্ৰতীক্ষিত দিনটো আহিল ৷ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপি আগবাঢ়িছে চৰকাৰ গঠন কৰিবলৈ ৷ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচত এই কথা স্পষ্ট হৈ পৰিছে ৷ অসমত বিজেপিয়ে 14 টা আসনৰ ভিতৰত 11 টাত অগ্ৰগতি লাভ কৰে ৷ লোকসভা নিৰ্বাচনৰ ফলাফল‌ ঘোষণা কৰাৰ পিচত নিশা মঙলবাৰে মুখ্যমন্ত্ৰী‌ ড৹ হিমন্ত‌ বিশ্ব‌ শৰ্মাই গুৱাহাটীৰ বাজপেয়ী ভৱনত সাংবাদিকসকলক সম্বোধন কৰে ৷

ধুবুৰীৰ পৰা বৃহৎ বিজয় সাব্যস্ত কৰা কংগ্ৰেছৰ ৰকিবুল হুছেইনক নায়ক আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে "অসমত এইবাৰ লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইন নায়ক হিচাপে পৰিগণিত হৈছে । ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক বহুত লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰিছে । এয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত একপ্ৰকাৰৰ ৰেকৰ্ড । কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহেও ৰকিবুল হুছেইনৰ দৰে বহুত লাখ ভোট লাভ কৰা নাই ৷"

তেওঁ লগতে আৰু উল্লেখ কৰে যে "ভাৰতৰ ইতিহাসত জৱাহৰলাল নেহৰুৰ পাচত নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ কৃতিত্ব লাভ কৰিলে ।" শপত গ্ৰহণৰ দিনটোত অসমতো বিজয় উৎসৱ হ'ব বুলি তেওঁ সদৰী কৰে । তেওঁ কয়, ‘অসমত প্ৰথমবাৰলৈ ১১খন আসনত জয়ী হোৱাৰ কৃতিত্ব আমাৰ । ৯৩টা বিধানসভা সমষ্টিত আমি অগ্ৰগতি লাভ কৰিছোঁ । ১০০ হ'বলৈ মাত্ৰ কেইখনমান আসনৰ প্ৰয়োজন আছিল ৷ ৪০% মুছলমান থকা অসমত ১১খন আসন পোৱাটো আমাৰ অনন্য কৃতিত্ব । মই ১১ খন‌ আসন পাম বুলি কৈছিলো । গতিকে কোৱা‌ মতে পাইছো ।’

তেওঁ আৰু কয়, ‘পৰীক্ষা এটাত ১০০ পাম বুলি ভাবি ভালকৈ পাছ কৰাটোৱেই আমাৰ কৃতিত্ব । জোন বিচাৰি তৰা পোৱাৰ দৰেই নহয় জানোঁ । তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকোতেই ১১ খন‌ আসন‌ পোৱা নাছিল ।’ সাফল্যৰ বাবে অসমবাসীক মূৰ দোৱাই ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে ৷ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিচতে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক : ধৰ্মীয় ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মা-এ আই ইউ ডি এফক ৰাইজে প্ৰত্যাখান কৰিছে: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election results 2024

Last Updated : Jun 5, 2024, 10:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.