ETV Bharat / politics

দিছপুৰ শূন্য কৰি দিল্লীত দুদিনৰ বাবে বিজেপিৰ মন্ত্রী-বিধায়ক - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা

১৭-১৮ ফেব্ৰুৱাৰীত দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভা । মন্ত্ৰী, বিধায়ক আৰু সাংসদকে ধৰি ৰাজ্যিক-জিলা পৰ্যায়ৰ পাঁচ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব অসমৰ পৰা । লোক সভা নিৰ্বাচনৰ বাবে দলৰ শীৰ্ষ নেতৃত্বই মন্ত্ৰণা দিব প্ৰতিনিধিসকলক । লক্ষ্যত উপনীত হোৱাৰ দিক-নিৰ্দেশনা দিব নেতৃত্বই ।

assam BJP ministers and MLAs in Delhi for two days BJP National Council meeting
বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভা
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 4:47 PM IST

Updated : Feb 16, 2024, 7:17 PM IST

গুৱাহাটী, 16 ফেব্ৰুৱাৰী : দুদিনৰ বাবে দিছপুৰ এৰি দিল্লীলৈ যাব মন্ত্ৰীকে ধৰি বিজেপিৰ সকলো বিধায়ক । এক কথাত মন্ত্ৰীশূন্য হৈ পৰিব দিছপুৰ । মন্ত্ৰী-বিধায়কৰ উপৰি দিল্লীলৈ যাব বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ পৰা জিলা পর্যায়লৈ সকলো বিষয়ববীয়া । লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমৰ পৰা দিল্লীলৈ যাব বিজেপিৰ পাঁচ শতাধিক প্ৰতিনিধি ।

নিৰ্বাচনী ৰণ-কৌশলৰ জ্ঞান দিবলৈ ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভা আহ্বান কৰা হৈছে । সেই সভাত অসমৰ পৰা পাঁচ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । পূৰ্বে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকত অসমৰ পৰা সীমিতসংখ্যক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল যদিও এইবাৰ মন্ত্ৰী, বিধায়ক, ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়াৰ পৰা জিলা পৰ্যায়ৰ বিষয়ববীয়ালৈ সকলোকে উপস্থিত থাকিবলৈ দলৰ ৰাষ্ট্ৰীয় কমিটীয়ে নিৰ্দেশ দিছে । দিল্লীৰ পৰা অহা এই নিৰ্দেশৰ ভিত্তিত বিজেপিৰ সকলো মন্ত্ৰী, বিধায়ক, সাংসদ তথা বিষয়বীয়াই বৈঠকত অংশগ্ৰহণ কৰিব বুলি দলৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সূত্ৰটোৰ মতে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মায়ো অংশগ্ৰহণ কৰিব । মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ মন্ত্ৰীসকল দিল্লীলৈ যাব লাগিলে মিত্ৰ দল অগপ আৰু ইউ পি পি এলৰ মন্ত্ৰীৰ হাতত থাকিব লাগিব দিছপুৰ । যাৰ ফলত ৰাজ্যৰ প্ৰশাসনিক কাম-কাজত ব্যাঘাত জন্মাৰ সম্ভাৱনা আছে । ইতিমধ্যে দিল্লীৰ দুদিনীয়া বৈঠকৰ বাবে আজি অসমৰ পৰা দিল্লীলৈ ৰাওনা হৈছে ভালেকেইগৰাকী মন্ত্ৰী আৰু বিধায়ককে ধৰি ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উক্ত বৈঠকৰ বাবে আজি দিল্লীলৈ ৰাওনা হ'ব ।

উল্লেখ্য যে দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও বিজেপিয়ে নিৰ্বাচনী ৰণ-কৌশল গ্ৰহণ কৰি ইতিমধ্যেই প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে । ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত মন্ত্ৰী-বিধায়ক, দলীয় নেতাসকল দিল্লীলৈ যোৱাৰ পূৰ্বে ৰাজ্যত গাঁও চলো অভিযান তুংগত তুলিছে । প্ৰতিটো বুথৰ অধীনস্থ প্ৰতিখন গাঁৱলৈ গৈ জনতাৰ বুজ লোৱাটো বাধ্যতামূলক কৰাই নহয় দলৰ প্ৰতিজন বিষয়ববীয়া, বিধায়কক এই গাঁও চলো অভিযানত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক কৰা হৈছে । এই গাঁও চলো অভিযান সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকত দলে প্ৰতিবেদন দাখিল কৰিব লাগিব । ইতিমধ্যে এই অভিযানৰ অংশ স্বৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰৰ শ্যাম গাঁৱত অংশ গ্ৰহণ কৰাৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মাজুলীৰ মুদৈ গাঁও আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টিংখাং সমষ্টিৰ দিৰৈ চাহ বাগিচাত নৈশ যাপন কৰি গাঁও চলো অভিযান সম্পূৰ্ণ কৰে । এনেধৰণৰ তৎপৰতাৰ মাজতেই আকৌ নিৰ্বাচনৰ পূৰ্বে দলৰ ৩৯ খন সাংগঠনিক জিলাৰ প্ৰতিখনতেই অধিবক্তা সমাৰোহ অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে আইন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।

দলৰ ৰাজ্যিক কাৰ্যালয়ত অলপতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত দলৰ আইন কোষৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাতেই আইন কোষৰ জিলা সমাৰোহ আৰু ৰাজ্যিক সমাৰোহ অনুষ্ঠিত কৰাৰ বাবে মন্ত্ৰীদ্বয়ে পৰামৰ্শ আগবঢ়ায় । উল্লেখ্য যে দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া দলৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকত দলৰ শীৰ্ষ নেতৃত্বই লোকসভা নিৰ্বাচনৰ প্ৰসংগত দিশ-নিৰ্দেশনা দিব । লোকসভা নিৰ্বাচনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ বাবে কিদৰে আগুৱাই যাব লাগিব সেই সন্দৰ্ভত দলীয় শীৰ্ষ নেতৃত্বই ৰাজ্যিক পৰ্যায়ৰ নেতা তথা বিষয়ববীয়াসকলক পৰামৰ্শ আগবঢ়াব । বৃহৎ জয়ৰে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ বাবে বিজেপিয়ে পূৰ্ণ প্ৰস্তুতি চলাইছে ।

লগতে পঢ়ক : ৰাহুল গান্ধী-কংগ্ৰেছক সমালোচনা ৰাজ্যিক বিজেপিৰ

Last Updated : Feb 16, 2024, 7:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.