ETV Bharat / politics

বিজেপিৰ পৰা বহিষ্কাৰ হ’ব নেকি বিদ্ৰোহী অশোক শৰ্মা ? জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী - Show cause notice Ashok Sarma - SHOW CAUSE NOTICE ASHOK SARMA

Former MLA Ashok Sarma : পুৰণি বিজেপি অশোক শৰ্মালৈ ন-বিজেপি পল্লৱ লোচনৰ দ্বাৰা কাৰণ দৰ্শোৱাৰ জাননী ৷ উত্তৰ দিবলৈ ধৰি দিলে এসপ্তাহ সময় । ২০ মে’ৰ ভিতৰত দিব লাগিব উত্তৰ ।

Former MLA Ashok Sarma
প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মা (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 10:43 PM IST

গুৱাহাটী, ১৪ মে’ : ‘‘ঋণ লৈ দলং বনালেই উন্নয়ন নহয় ।’’ এইদৰে নিজৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি দলৰ ৰোষত পৰিছে বিজেপিৰ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা ৷ বিজেপি নেতা, প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ বিজেপিয়ে জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ৷ অহা ২০ মে’ৰ ভিতৰত জাননীৰ উত্তৰ দিব লাগিব অশোক শৰ্মাই ৷

উল্লেখ্য যে ৭ মে’ত হৈ যোৱা লোকসভাৰ তৃতীয় পৰ্যায়ত অসমত ভোটগ্ৰহণ চলি থকা অৱস্থাতেই নিজৰ চৰকাৰক সমালোচনা কৰি বিস্ফোৰক মন্তব্য কৰিছিল অশোক শৰ্মাই ৷ ধাৰ কৰি বৰ বেছিদিন চৰকাৰ চলাব নোৱাৰি বুলি অশোক শৰ্মাই কৰা মন্তব্যই ভোটৰ দিনাই ৰাজ্যত বাৰুকৈয়ে অস্বঃতিত পেলাইছিল বিজেপিক ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰিছিল । একেদৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো ইংগিত দিছিল বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ।

কথা মতেই কাম । মঙলবাৰে অশোক শৰ্মাক দলীয় অনুশাসন ভংগৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে বিজেপিয়ে ।

দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক সাংসদ পল্লৱলোচন দাসৰ স্বাক্ষৰিত জাননীখনত উল্লেখ কৰা হৈছে এনেদৰে:

“যোৱা ৯ মে, ২০২৪ তাৰিখে অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, নলবাৰী জিলাৰ কৰ্ণধাৰ সমিতিৰ সভাই আপোনাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰাজ্যিক সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে । কর্ণাধাৰ সমিতিৰ অভিযোগ অনুসৰি যোৱা ৭ মে' তাৰিখে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা আপুনি সংবাদ মাধ্যমৰ আগত ৰাজহুৱাভাৱে দলীয় নেতৃত্বক সমালোচনা কৰিছে আৰু দলৰ আভ্যন্তৰীণ বিষয় ৰাজহুৱাভাৱে উপস্থাপন কৰি দলক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ লগতে ভোটাৰ ৰাইজক প্ৰভাৱিত কৰাকৈ উচতনিমূলক বক্তব্য প্ৰদান কৰিছে । আপোনাৰ এনে কাৰ্যই দলৰ ভাৱমূৰ্তি ম্লান কৰাৰ লগতে দলৰ অনুশাসন ভংগ কৰিছে । সেয়েহে, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশমৰ্মে আপোনাৰ বিৰুদ্ধে কিয় দলীয় অনুশাসনমূলক ব্যবস্থা গ্ৰহণ কৰা নহ'ব সেই সম্পৰ্কে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰা হৈছে । অহা ২০ মে', ২০২৪ তাৰিখৰ ভিতৰত ৰাজ্যিক সমিতিৰ মুখ্য কাৰ্যালয়ত উপযুক্ত কাৰণ দর্শাই লিখিত পত্ৰ দাখিল কৰিবলৈ আপোনাক এই জনানীযোগে জনোৱা হ’ল ।”

বিজেপিৰ পৰা বহিষ্কাৰ হ’ব নেকি অশোক শৰ্মা ? কাৰণ দৰ্শোৱাৰ জাননী তাৰ প্ৰাথমিক পদক্ষেপ নেকি ? স্বাভাৱিকতে এতিয়া উত্থাপিত হৈছে এই প্ৰশ্ন । তাৰ বাবে ২০ মে’লৈ অপেক্ষা কৰিব লাগিব ৷ লগতে অপেক্ষা কৰিব লাগিব কাৰণ দৰ্শোৱাৰ জাননীৰ কি উত্তৰ দিয়ে অশোক শৰ্মাই ।

লগতে পঢ়ক: কিয় ভোটৰ দিনাই অশোক শৰ্মাৰ ওপৰত খড়্গহস্ত হ’ল দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.