গুৱাহাটী, 25 মাৰ্চ : লোকসভা নিৰ্বাচনৰ বাবে অসমত বিজেপিয়ে ৰাজ্যিকৰ পৰা জিলালৈ, বুথৰ পৰা মণ্ডললৈ চলাইছে নিজৰ জোৰদাৰ পৰিক্ৰমা ৷ সমাগত লোকসভা নিৰ্বাচনত নিজৰ দলৰ প্ৰাৰ্থীসকলৰ বিজয় সু-নিশ্চিত কৰাবলৈ দিন-ৰাতি একাকাৰ কৰি দলীয় কাৰ্যক্ৰম অব্যাহত ৰাখিছে দলটোৱে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো দলীয় কাৰ্যকৰ্তা সকলৰ লগতে মিত্ৰজোঁটৰ লগত সকলোৰে মনোবল অধিক বৃদ্ধি কৰিবলৈ কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰিত এক প্ৰেছ বিবৃতিত এই কথা সদৰী কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, আগন্তুক দুটা দিনত ভাৰতীয় জনতা পাৰ্টিৰ পাঁচজনকৈ প্ৰাৰ্থীয়ে নিজ নিজ সদৰত নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিল কৰিব ৷ মঙলবাৰে অৰ্থাৎ 26 মাৰ্চত ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু বুধবাৰে অৰ্থাৎ 27 মাৰ্চত যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা, শোণিতপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰিব ৷
এই কাৰ্যক্ৰমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো, স্থানীয় বিধায়কসকলৰ লগতে দলীয় কাৰ্যকৰ্তাসকল বিভিন্ন স্থানত উপস্থিত থাকিব ৷ আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নিশা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা লোকসভা নিৰ্বাচনৰ শোণিতপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ সৈতে বিশেষ বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে নৈশ আহাৰো গ্ৰহণ কৰা কথা ৷
লগতে পঢ়ক : লখিমপুৰ লোকসভা সমষ্টিত ৰণলৈ সাজু 6 প্ৰাৰ্থী - LOK SABHA ELECTIONS