ETV Bharat / politics

ৰাজ্যিক বিজেপিয়ে প্ৰস্তুত কৰিছে প্ৰাৰ্থীৰ তালিকা, ১২ গৰাকী আহ্বায়ক আৰু ১২ গৰাকী সহঃ আহ্বায়ক নিযুক্তি - Lok Sabha Election 2024

Assam BJP : ৰাজ্যিক বিজেপিয়ে 14 টা লোকসভা সমষ্টিক লৈ গঠন কৰিছে এখন বিশেষ কমিটি ৷ 14 টা সমষ্টিত 12 গৰাকী আহ্বায়ক আৰু 12 গৰাকী সহঃ আহ্বায়ক নিযুক্তি দিয়া হৈছে ৷ এই কমিটিখনৰ আহ্বায়ক আৰু সহঃ আহ্বায়ক সকলক দায়িত্বপ্ৰাপ্ত লোকসভা সমষ্টিলৈ গৈ দলীয় কৰ্মকৰ্তাৰ সৈতে আলোচনা কৰি প্ৰাৰ্থীৰ তালিকা প্ৰস্তত কৰিবলৈ কোৱা হৈছে ৷

Assam BJP
ৰাজ্যিক বিজেপিয়ে প্ৰস্তুত কৰিছে প্ৰাৰ্থীৰ তালিকা
author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 7:39 PM IST

গুৱাহাটী, 26 ফেব্ৰুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনক লৈ অসমত বিজেপিৰ তৎপৰতা অব্যাহত আছে ৷ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অসমলৈ আহিব প্ৰধান্ত্ৰী নৰেন্দ্ৰ মোদী ৷ তাৰ পূৰ্বেই অসমৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিবলৈ সাংগঠনিক তৎপৰতা চলাইছে ৰাজ্যিক বিজেপিয়ে ৷ এই উদ্দেশ্যৰে বিজেপিয়ে ৰাজ্যৰ 14 টা লোকসভা সমষ্টিক লৈ গঠন কৰিছে এখন বিশেষ কমিটি ৷ ইতিমধ্যেই 14 টা সমষ্টিত 12 গৰাকী আহ্বায়ক আৰু 12 গৰাকী সহঃ আহ্বায়ক নিযুক্তি দিয়া হৈছে ৷ এই কমিটিখনৰ আহ্বায়ক আৰু সহঃ আহ্বায়ক সকলক দায়িত্বপ্ৰাপ্ত লোকসভা সমষ্টিলৈ গৈ দলীয় কৰ্ম-কৰ্তাৰ সৈতে আলোচনা কৰি প্ৰাৰ্থীৰ তালিকা প্ৰস্তত কৰিবলৈ কোৱা হৈছে ৷

Assam BJP
14 টা লোকসভা সমষ্টিক লৈ ৰাজ্যিক বিজেপিৰ বিশেষ কমিটি

মঙলবাৰ, 27 ফেব্ৰুৱাৰীৰ ভিতৰত সাম্ভাব্য প্ৰার্থীৰ তালিকা প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ সেই অনুসৰি কমিটিখনে নিজৰ তালিকা প্ৰস্তুত কৰি ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ হাতত কাইলৈ জমা দিয়াৰ কথা ৷ কমিটিৰ আহ্বায়ক সকলৰ তালিকাৰ ভিত্তিত ৰাজ্যিক বিজেপিয়ে নিজৰ তালিকা প্ৰস্তুত কৰিব ৷ বিজেপিৰ উচ্চস্তৰীয় সূত্ৰ মতে প্ৰাৰ্থীৰ এই তালিকা লৈ 28 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিল্লীলৈ ৰাওনা হোৱাৰ কথা ৷ মন কৰিবলগীয়া যে 14 টা সমষ্টি যদিও 12 টা লোকসভা সমষ্টিতহে বিজেপিয়ে কমিটিখনত আহ্বায়ক ৰূপে দায়িত্ব অৰ্পণ কৰিছে ৷ বাদ পৰি ৰৈছে দুটাকৈ সমষ্টি ৷ কোকৰাঝাৰ আৰু বৰপেটা ৷ এই দুটা সমষ্টিত বিজেপিয়ে তালিকা প্ৰস্তুত কৰিবলৈ কাকো দায়িত্ব দিয়া নাই ৷

Assam BJP
প্ৰাৰ্থিত্বৰ বাবে আবেদন

বিজেপিয়ে বৰপেটা লোকসভা সমষ্টিটো অসম গণ পৰিষদ আৰু কোকৰাঝাৰ লোকসভা ইউ পি পিএলক এৰি দিয়াটো প্ৰায় নিশ্চিত ৷ সেয়েহে এই দুটা সমষ্টিৰ কোনো প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা নাই ৷ ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী সকলৰ ভিতৰত কোনো কোনোৱে প্ৰাৰ্থিত্বৰ বাবে আবেদনো জনাইছে দলীয়ভাৱে ৷ তাৰ ভিতৰত গুৱাহাটীৰ বাবে জয়ন্ত দাস আৰু শোণিতপুৰৰ বাবে ঋতুবৰণ শৰ্মাই সোমবাৰে দলীয়ভাৱে প্ৰাৰ্থিত্বৰ আবেদন কৰা দেখা গৈছে ৷

উল্লেখযোগ্য যে ধুবুৰী লোকসভাৰ বাবে পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিজয় কুমাৰ গুপ্তাক দায়িত্ব দিয়া হৈছে ৷ দৰং-ওদালগুৰিত চন্দ্ৰমোহন পাটোৱাৰী আৰু নৱ কুমাৰ দলে, গুৱাহাটীৰ বাবে পৰিমল শুক্লবৈদ্য আৰু অজয় কোঁৱৰ, ডিফুৰ বাবে ডাঃ ৰনোজ পেগু আৰু দিপ্লুৰঞ্জন শৰ্মা, কৰিমগঞ্জৰ বাবে অজন্তা নেওগ আৰু বিজুলী কলিতা মেধিক দায়িত্ব দিয়া হৈছে ৷

একেদৰে শিলচৰত নন্দিতা গাৰ্লোচা আৰু জয়ন্ত কুমাৰ দাস, নগাঁৱত কামাখ্যা প্ৰসাদ তাচা আৰু ৰেখাৰাণী দাস বড়ো, কাজিৰঙাত পীযুষ হাজৰীকা আৰু পল্লৱলোচন দাস, শোণিতপুৰত যোগেন মহন আৰু অজয় কোঁৱৰ, লখিমপুৰৰ বাবে সঞ্জয় কিষাণ আৰু ৰূপক শৰ্মা, ডিব্ৰুগড়ত ৰঞ্জিত কুমাৰ দাস আৰু মনোজ বৰুৱা, যোৰহাটৰ বাবে জয়ন্ত মল্লবৰুৱা আৰু পুলক গোঁহাইক দায়িত্ব দিয়া হৈছে ৷

লগতে পঢ়ক : এই বয়সত নিৰ্বাচন খেলি হাৰিবলৈ মন নাই ৰাজেন গোহাঁইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.