ETV Bharat / politics

ৰাজ্যত ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন : টঙালি বান্ধি সাজু হ’ল বিজেপি - Bye Election Assam

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 9:44 PM IST

Bye election committee of Assam BJP: অসমৰ বিধানসভাৰ উপ-নিৰ্বাচনক লৈ বিজেপিৰ প্ৰস্তুতি আৰম্ভ । বাজপেয়ী ভৱনত ভাগে-ভাগে বৈঠক । বিধানসভা উপ-নিৰ্বাচনৰ বাবে সমিতি গঠন ৷ কাক কাক দিলে দায়িত্ব ?

Bye election committee of Assam BJP
বিধানসভা উপ-নিৰ্বাচনৰ বাবে অসম বিজেপিৰ সমিতি (ETV Bharat Assam)

গুৱাহাটী, ২২ জুন : ৰাজ্যৰ ৫টা সমষ্টিৰ বিধানসভা উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কালি পুৰণি সমষ্টিৰ সীমাৰেই অসমত বিধানসভাৰ উপ-নিৰ্বাচন হ’ব বুলি মন্তব্য কৰাৰ পিচদিনাই গুৱাহাটীৰ বাজপেয়ী ভৱনত বিজেপিৰ গুৰুত্বপূৰ্ণ সভা ৷ শনিবাৰে পুৱাবেলা বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ এখন বিষয়ববীয়া সভা আৰু ৰাজ্যিক বিষয়ববীয়া, জিলা সভাপতি, জিলা প্ৰভাৰী আৰু সহ প্ৰভাৰীসকলৰ গুৰুত্বপূৰ্ণ বৰ্দ্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত হয় ৷

এই সভাতেই লোকসভা নিৰ্বাচনত নিজৰ নিজৰ সমষ্টি আৰু এলেকাৰ বিজেপিৰ ভোটৰ প্ৰদৰ্শনৰ বিষয়ে আলোচনাত স্থান লাভ কৰে ৷ এককথাত দলৰ প্ৰদৰ্শনৰ লগতে হিচাব-নিকাচ হয় বিধানসভাৰ উপ-নিৰ্বাচনক লৈ । লগতে সভাত বিধানসভাৰ বিহালী, ধলাই, চামগুৰি, বঙাইগাঁও আৰু চিদলী সমষ্টিত উপ-নিৰ্বাচন প্ৰসংগয়ো বিশেষ স্থান লাভ কৰে ।

বিধানসভা উপ-নিৰ্বাচনৰ বাবে সমিতি:

এই সভাৰ পিচতেই আগন্তুক বিধানসভা উপ-নিৰ্বাচনৰ বাবে সমিতি ঘোষণা কৰে ৰাজ্যিক বিজেপিয়ে ৷ আগন্তুক বিধানসভা উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দলটোৰ কেইজনমান জ্যেষ্ঠ কার্যকর্তাক দায়িত্ব অর্পণ কৰিছে । এই সমিতিৰ উপ-নিৰ্বাচন আহ্বায়কৰূপে ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শর্মাক দায়িত্ব অৰ্পণ কৰিছে । উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫টা সমষ্টিৰ প্ৰতিটোতে ৩ জনকৈ নেতা-কৰ্মীক দায়িত্ব অৰ্পণ কৰিছে বিজেপিয়ে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচন বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে : ভূপেন বৰা

চিদলী বিধানসভাৰ বাবে বিধায়ক তথা ৰাজ্যিক সম্পাদক অজয় ৰায়, বিটিআৰৰ কার্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম, ৰাজ্যিক কার্যনিৰ্বাহক সদস্য বিভূতি বৰগয়াৰীক দায়িত্ব অৰ্পণ ।

বঙাইগাঁও বিধানসভাৰ বাবে অ’বিচি মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় সৰকাৰ, ৰাজ্যিক কার্যনিৰ্বাহক সদস্য বনদীপ ডেকা আৰু বিটিআৰ কাৰ্যবাহী সদস্য অৰূপ দে’ক দায়িত্ব ৷

চামগুৰি বিধানসভাৰ বাবে বিধায়ক জিতু গোস্বামী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনিল শইকীয়া, ৰাজ্যিক কার্যনিৰ্বাহক সদস্য মহেন্দ্ৰ কোঁৱৰক দায়িত্ব ।

লগতে পঢ়ক: অসমত কেতিয়া হ’ব উপ-নিৰ্বাচন: ক’লে মুখ্যমন্ত্ৰীয়ে

ধলাই বিধানসভা সমষ্টিৰ বাবে বিধায়ক কৌশিক ৰায়, ৰাজ্যিক সম্পাদক কণাড পুৰকায়স্থ আৰু কাছাৰৰ বিজেপি জিলা সাধাৰণ সম্পাদক শশাংক পালক দায়িত্ব অৰ্পণ ৷ বিহালী বিধানসভা সমষ্টিৰ বাবে চাহ জনগোষ্ঠী মর্চাৰ সভাপতি দুলেন নায়ক, বিধায়ক দিগন্ত কলিতা আৰু ভুৱন পেণ্ডক দায়িত্ব দিছে বিজেপিয়ে ।

লগতে পঢ়ক: ফণীভূষণ চৌধুৰীৰ দুৰ্গত কোন হ’ব উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.